উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ কাৰিকৰী সঞ্চালক পদত অসম সন্তান যুগল কুমাৰ বৰা

সৰ্বভাৰতীয় পৰ্যায়ত আৰু এজন প্ৰতিভাধৰ অসমীয়া

0 85

শতাব্দ প্ৰতিবেদক, মাৰ্ঘেৰিটা ২০ এপ্রিলঃ ক’ল ইণ্ডিয়াৰ অন্তৰ্গত উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ (MCL) কাৰিকৰী সঞ্চালক পদত নিযুক্তি পাইছে অসম সন্তান যুগল কুমাৰ বৰাই | নগাঁৱত জন্ম গ্রহণ কৰা বৰাই হ’ল এনে শীৰ্ষ পদত নিযুক্তি পোৱা প্রথমজন অসমীয়া | নগাঁৱৰ নিবাসী ধৰ্মেশ্বৰ বৰা আৰু ৰীণা বৰাৰ সন্তান যুগল কুমাৰ বৰই গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষা গ্রহণ সম্পূৰ্ণ কৰি ১৯৮৩ চনত নিট নাগপুৰৰ কলেজীয়া আৰু মাইনিং ইঞ্জীনিয়াৰ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰে | ডাইৰেক্টৰ জেনেৰেল মাইনচ ছেফটিৰ পৰা ১৯৯১ চনত প্রথম শ্রেণীৰ মাইনচ মেনেজাৰ চাৰ্টিফিকেট অৱ কমপেটেন্সি, জাপানৰ জে.আই চি এ ৰ পৰা কমপেটেন্সি চাৰ্টিফিকেট অৱ ক’ল মাইনিং ছেফটি, আমেৰিটাৰ জৰ্জ ৱাচিংটন ইউনিভাৰচিটিৰ পৰা প্রজেক্ট মেনেজমেন্টত ডিপ্লমা লয় | ১৯৮৭ চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূৱ কয়লা ক্ষেত্রৰ টিপং আৰু বৰগোলাইৰ আভ্যন্তৰীণ খনিত কাৰ্যনিৰ্বাহ কৰে| ২০০৫ চনৰ পৰা ২০১৫ চনলৈ বিচিচিএল ধানবাদত প্রকল্প বিষয়া, অতিৰিক্ত জেনেৰেল মেনেজাৰ আৰু জেনেৰেল মেনেজাৰ পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰে | ২০১৬ চনৰ পৰা ২০২০ চনলৈ উত্তৰ পূৱ কয়লা ক্ষেত্রৰ (NECF) জেনেৰেল মেনেজাৰ আৰু পাছত ক’ল ইণ্ডিয়া, কলকাতাৰ প্রডাকচন জেনেৰেল মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰাই ক’ল ইণ্ডিয়াৰ অন্তৰ্গত সৰ্বাধিক কয়লা উৎপাদনকাৰী সংস্থা মহানদী ক’ল ফিল্ডচ লিমিটেডত ডাইৰেক্টৰ (টেকনিকেল) পদত নিযুক্তি লাভ কৰি দায়িত্ব ভাৰ গ্রহণ কৰিছে |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More