জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ লোকৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ মৰতপুৰত যুগ যুগ ধৰি বসবাস কৰি অহা একাংশ নদীপৰীয়া খিলঞ্জীয়া লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ লগতে শ শ নদীপৰীয়া ৰাইজ৷ আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে শ শ প্ৰতিবাদীলোকে উচ্ছেদ অভিযান প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী লোকসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচ্ছেদ অভিযান বন্ধৰ দাবী জনায়৷ ভূমিপুত্ৰ অনুসূচীত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা, ভূমি আইন সংশোধন কৰা, খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰা আদিৰ দাবীত এনেদৰে প্ৰতিবাদ জনায়৷ ভূমি আইন সংশোধন কৰক, অসম চৰকাৰ হায় হায়, বিজেপি গ’ বেক, খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ নচলিব, বান খহনীয়া গ্ৰস্ত লোকক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি ধবনিৰে লখিমপুৰৰ আকাশ-বতাহ কঁপাই তোলে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আবাল বৃদ্ধ বণিতাৰ পৰা কোলাত কেঁচুৱা লৈ প্ৰতিবাদত বহুলোকে অংশ গ্ৰহণ কৰে৷ ভূমিহীন পৰিয়ালক ভূমি আবণ্টন দিয়া, গৰাখহনীয়াক পুনৰ সংস্থাপন দিয়া, ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলক ভূমি অধিকাৰ প্ৰদানৰ দাবীত প্ৰতিবাদী লোকসকলে লখিমপুৰ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৃপেন দাস, কেন্দ্ৰীয় সম্পাদক নিত্যানন্দ দাস , লখিমপুৰ জিলা সমিতিৰ সভাপতি সুশান্ত দাস, সম্পাদক দীপক বাছফৰ আদিৰ নেতৃত্বত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থাৰ অভিযোগ-অসমত বসবাস কৰা বহু ভূমিপুত্ৰ তথা অনুসূচিত জাতিৰ লোকসকলে নৈৰ পাৰত আৰু বনাঞ্চলত বসবাস কৰি আহিছে যদিও তেওঁলোকে এই পৰ্যন্ত ভূমিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অনুসূচিত জাতিৰ অধিকাংশ লোকেই এতিয়াও ভূমিহীন বুলি সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সমস্যাত পৰি নদীৰ পাৰত বসবাস কৰি অহা অথবা গৰাখহনীয়াত ঘৰবাৰী হেৰুৱা বহুলোকে এতিয়াও নদীৰ পাৰত বসবাস কৰি মৎস্য শস্যৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ এই লোকসকলে যুগ যুগ ধৰি শিক্ষা-দীক্ষা, চৰকাৰী আঁচনি, ভূমি পট্টা, চাকৰি আদিৰ পৰা বঞ্চিত হৈ আহিছে৷ শেহতীয়াকৈ এনে একাংশ লোকে বসবাস কৰা লখিমপুৰ জিলাৰ মৰতপুৰ গাঁও, চেঙামাৰী গাঁও আৰু আলিছিগা, মালোৱাল আদি গাঁৱৰ শ শ পৰিয়ালে বিভিন্ন সময়ত সোৱণশিৰি, ৰঙা নৈ আদিৰ কৱলত পৰি ঘৰ বাৰী হেৰুৱাই অহাৰ পিছত এনে নদীৰ সংগম স্থলত তথা দ জলাশয় বালিময় ভূমিত পূৰ্ব পুৰুষৰ পৰা বসবাস কৰি আহিছে৷ তেনে গাঁৱৰ বহু পৰিয়ালক এতিয়া চৰকাৰে তথা লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী দিয়া কাৰ্যই এইসকল খাটিখোৱা, দৰিদ্ৰ লোকৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ যোৱা ২৪ নৱেম্বৰত ৰাজ্য চৰকাৰৰ বন বিভাগে ১৫ দিনৰ ভিতৰত মৰতপুৰ আৰু চেঙামাৰী গাঁৱৰ ৪৪ টা পৰিয়ালৰ লগতে পাটনাৱালা মুদৈ বিল গাঁৱৰ ৭০ টা পৰিয়ালক সেই ঠাইৰ পৰা আঁতৰি যাবলৈ তথা ঘৰ বাৰী, কৃষি ভূমি খালী কৰি দিবলৈ জৰুৰী নিৰ্দেশ জাৰি কৰা কাৰ্যত উক্ত পৰিয়ালসমূহৰ লগতে অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে৷ চৰকাৰে যদি এনে উচ্ছেদৰ জাননী প্ৰত্যাহাৰ নকৰে তেনেহ’লে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সন্থাই চৰকাৰক সকীয়াই দিছে৷ লগতে এই দুৰ্ভগীয়া পৰিয়ালসমূহৰ ভূমি আবণ্টন আৰু পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ সন্থাই চৰকাৰক দাবী জনাইছে৷ আজিৰ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিজয় দাস, সহকাৰী সম্পাদক মুন দাস, সাংগঠনিক সম্পাদক যুগল কিশোৰ দাস আদিয়ে অংশগ্ৰহণ কৰে৷