এই হোটেলত ৰাতিটো কটালে মূৰটো এখন দেশত আৰু ভৰি দুখন আন এখন দেশত থাকিব

0 37

শতাব্দ আন্তঃৰাষ্ট্ৰীয় ডেস্ক: হোটেল আৰ্বাজ ফ্ৰাংকো-ছুইচ। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ঠিক ওপৰত নিৰ্মাণ কৰা হৈছে এই হোটেলখন। হোটেলখনৰ আধা অংশ ফ্ৰান্সত আৰু আন আধা অংশ ছুইজাৰলেণ্ডত। সেই হোটেলখনৰ বিচনাবোৰ এনেদৰে ৰখা হৈছে যে একে সময়তে দুখন দেশত শুব পাৰি। এটা সৰু পৰিয়ালে হোটেলখন চলাই আছে। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ সীমান্তৰ সৰু গাঁও লা ক’ৰত অৱস্থিত হোটেল আৰ্বাজ ১৯২১ চনত মুকলি কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই হোটেলখনে বিশেষ ভূমিকা পালন কৰিছিল। জাৰ্মানীয়ে ফ্ৰান্স দখল কৰাৰ সময়ত বহু ফৰাচী লোকে হোটেলখনৰ চুইজাৰলেণ্ডৰ অংশত আশ্ৰয় লৈছিল।

চিএনএনৰ তথ্য অনুসৰি হোটেলখনৰ সোঁফালে চুইজাৰলেণ্ড আৰু বাওঁফালে ফ্ৰান্স। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ সীমা হোটেলৰ কোঠা এটাৰ বিচনা আৰু বাথৰুমৰ মাজেৰে গৈছে। কোনো ব্যক্তি যদি সেই বিশেষ কোঠাটোত শুবলৈ যায় তেন্তে তেওঁৰ মূৰটো চুইজাৰলেণ্ডত আৰু ভৰি ফ্ৰান্সত থাকিব। ৰুমৰ নম্বৰ ৯।
উৎস: চিএনএন

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More