এখন উৰণীয়া হোটেলৰ কথা

আপুনিও লাভ কৰিব পাৰে স্মৰণীয় অভিজ্ঞতা

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুন : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন উৰণীয়া হোটেলৰ ভিডিঅ’। স্কাই ক্ৰুজ নামৰ এই হোটেলখনৰ ডিজাইন কৰিছে হাচেম আল-ঘাইলিয়ে আৰু ইয়াত প্ৰায় ৫ হাজাৰ অতিথিৰ বাবে ঠাই আছে। আচলতে এই হোটেলখন হৈছে এখন বিশেষ বিমান। কোৱা হৈছে যে, এই হোটেলখন ‘কেতিয়াও অৱতৰণ নকৰে’। ভিডিঅ’ ক্লিপটোত হোটেলখনৰ কাম-কাজ দেখুওৱা হৈছে। গোটেই ভ্ৰমণৰ সময়ছোৱাত এই জাম্বো বিমানখন সদায় বায়ুমণ্ডলত থাকিব। আনকি মেৰামতিৰ কামো বিমানৰ ভিতৰতে কৰিব পৰা যায়। বিমানখন পৰিচালিত হয় ২০টা পাৰমাণৱিক চালিত ইঞ্জিনেৰে। হোটেলখনৰ ডিজাইনাৰ আল-ঘাইলিয়ে কয় যে, এই হোটেলখনে অতিথিসকলক আকাশৰ এক সুন্দৰ ৩৬০ ডিগ্ৰীৰ দৃশ্য প্ৰদান কৰিব। ইয়াৰ উপৰি থাকিব মনোৰঞ্জন ডেক। থাকিব বিশ্বমানৰ সুবিধা যেনে ক্ৰীড়া কেন্দ্ৰ, বাৰ, খেলপথাৰ, বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, এটা শ্বপিং মল, চিনেমা হল, চুইমিং পুল আৰু সভাগৃহ। এই উৰণীয়া হোটেলখনৰ আবাসী হোৱাটো নিশ্চয় এক স্মৰণীয় অভিজ্ঞতা হ’ব। অৱশ্যে হোটেলখন মুকলিৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More