এগুণত দুগুণ লাভৰ প্ৰলোভন

তেজপুৰত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক

0 73
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫জুলাইঃ কম মূল্যতে সোণ বিক্ৰীৰ প্ৰলোভনৰে ৰাজ্যৰ তথা বহিৰাজ্যৰ বহুলোককে প্ৰৱঞ্চনা কৰাৰ দৰেই শেহতীয়াকৈ জমা দিয়া ধন এমাহতে দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে নগালেণ্ডৰ দুই যুৱক যুৱতীক ফাণ্ডত পেলাই নলাখ টকা হজম কৰা দুই প্ৰৱঞ্চকক যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা  দুই প্ৰৱঞ্চক কাচেম আলি আৰু ছাইফুল ইছলাম বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বামগাঁও পুৰণা হাটখোলাৰ কাচেম আলি আৰু লখিমপুৰৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দুইনম্বৰ সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ ছাইফুল ইছলামে মিলি  বিভিন্ন লোকৰ ফোন নম্বৰ সংগ্ৰহ কৰি এগুণ ধন এমাহৰ ভিতৰত দুগুণ কৰি দিয়াৰ প্ৰলোভন দিয়ে।এনেদৰেই কহিমাৰ এই যুৱক যুৱতীলৈয়ো ফোন কৰি দুই প্ৰৱঞ্চকে প্ৰৱঞ্চনাৰ জাল পেলাই আৰু কহিমাৰ দুই বন্ধুৱেও এই প্ৰৱঞ্চনাৰ জালত ভৰি দিয়ে।সহজেই ধন দুগুণ হোৱাৰ আশাত প্ৰায় ডেৰমাহ পূৰ্বে দুই প্ৰৱঞ্চকক কহিমাৰ যুৱক যুৱতী দ্বয়ে আদায় দিয়ে নগদ নলাখ টকা।কিন্তু এমাহৰ পাছত আদায় দিয়া নলাখ টকাৰ দুগুণ ১৮ লাখ টকা বিচাৰি প্ৰৱঞ্চকদ্বয়লৈ দুয়ো ফোন কৰে য’দিও ফোন বন্ধ অৱস্থাত থকাত উপায়ন্তৰ হৈ দুয়ো তেজপুৰৰ  বৰঘাট আৰক্ষী চকীত উপস্থিত হৈ এই সন্দৰ্ভত  এজাহাৰ দাখিল কৰে।বৰঘাট আৰক্ষীয়ে কৌশলৰে যোৱা নিশা প্ৰৱঞ্চকদ্বয়ৰে  কহিমাৰ যুৱক যুৱতী দুজনৰ যোগাযোগ কৰাবলৈ সক্ষম হয় আৰু শোণিতপুৰৰ ঘোৰামাৰিত তেওঁলোক মিলিত হোৱাৰ কথা ঠিৰাং কৰা হয়। সেই অনুসৰি,যোৱা নিশা ঘোৰামাৰিত উপস্থিত হোৱা দুই প্ৰৱঞ্চকক আগতীয়া খৱৰ অনুসৰি,শালনী বাৰী আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।ৰাইজৰ সহায়ত দুয়োকে আটক শালনিবাৰী আৰক্ষীয়ে আটক কৰাৰ পাছত মাজনিশা কাচেম আৰু ছাইফুলক বৰঘাট আৰক্ষীক হস্তান্তৰ কৰা হয়। ঘটনা সন্দৰ্ভত  বৰঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More