এজন ছাত্রৰ মানৱ সম্পদ গঢ়াৰ সপোন

0 295

বিমল বৰগোহাঁই

বহু জল্পনা-কল্পনাৰ অন্তত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা সাত জুন, ২০২২ তাৰিখে ঘোষণা কৰিলে। এইবাৰৰ ফলাফল আগৰ বছৰৰ তুলনাত বৰ সন্তোষজনক নহয়। ক’ৰনা অতিমাৰীৰ বাবে যোৱা বছৰ পৰীক্ষা অনুষ্ঠিত নহল। মাত্ৰ বিদ্যালয় সমূহে অনুষ্ঠিত কৰা শ্ৰেণী পৰীক্ষাৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰিয়েই ছেবাই (SEBA) যোৱাবাৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী সকলৰ ফলাফল ঘোষণা কৰিছিল। অৱশ্যে এইবাৰ পৰীক্ষা অনুষ্ঠিত হল। মোৰ বোধেৰে ক’ৰনা অতিমাৰীৰ প্ৰভাৱৰ বাবেই আমাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে এটা শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলে, যাৰফলত বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আশা কৰা ধৰণে ফলাফল দেখুৱাব নোৱাৰিলে। মই যিসকল ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ বিদ্যালয় লগতে নিজৰ ঠাই আৰু নিজৰ পৰিয়ালৰ নাম জিলিকাই তুলিনে সেই সকলো ছাত্র-ছাত্ৰীলৈ মোৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যৎ জীৱন উজ্জ্বল কামনা কৰিছোঁ। যি সকল ছাত্র-ছাত্ৰীয়ে এইবাৰ ভাল ফলাফল দেখুৱাব নোৱাৰিলে বা উত্তীৰ্ণ নহল মই তেওঁলোকলৈও আন্তৰিকতাৰে অশেষ মৰম আৰু শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক সময়ত তেওঁলোকে এক সুন্দৰ পৰিকল্পনা কৰি নিজৰ শৈক্ষিক যাত্ৰাত সুখ্যাতিৰে আগুৱাই যাবলৈ মনত সাহস আৰু প্ৰেৰণা পায় আৰু সফল হয়। মই আজি অৱশ্যে এটা বেলেগ বিষয়ৰ বাবে মোৰ কলম তুলি লৈছোঁ। ৯ জুন, ২০২২ তাৰিখৰ দৈনিক জনমভূমি কাকতত এটা বাতৰি পঢ়িবলৈ পালোঁ। বাতৰিৰ শিৰোনাম আছিল, “অৰ্থৰ অভাৱত থমকি ৰ’ব নেকি গকুলৰ শিক্ষক হোৱাৰ সপোন।” মুঠ পাঁচটা বিষয়ত ডিষ্টিংশ্যনসহ এইবাৰ মখৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গকুলৰ ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া হোৱা বাবেই বোধকৰো এনে এটা বাতৰি প্ৰচাৰ হৈছে। মই গকুলৰ সফলতাত ব্যক্তিগতভাবে খুব আনন্দিত হৈছোঁ আৰু আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গকুলক মই এটা বিশেষ কথাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছো।সেইটো হল, গকুলে ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ যি সপোন দেখিছে। আৰ্থিক অসুবিধাৰ বাবে যাতে গকুলৰ আগন্তুক শৈক্ষিক জীৱনত কোনো বাধাৰ সৃষ্টি নহয়, তাৰবাবে দায়িত্বশীল কোনোবা ব্যক্তি বা সংগঠন আগবাঢ়ি আহিলে এক মহৎ আৰু মহান কাম হব বুলি ব্যক্তিগত ভাবে বিবেচনা কৰোঁ। মই নিজেও ব্যক্তিগতভাৱে গকুলক মোৰ সামৰ্থ অনুযায়ী সহায় আগবঢ়াম বুলি কথা দিছো। যদিহে, মোৰ সৈতে গকুলে বা পৰিয়ালৰ লোকে যোগাযোগ কৰে। গকুলৰ দৰে ভালেমান এনে ছাত্ৰ-ছাত্ৰী আছে, যিসকলৰ আৰ্থিক অৱস্থা তেনেই শোচনীয়। আৰ্থিক দুৰৱস্থাৰ বাবে যাতে এনে কোনো মেধাৱী ছাত্র বা ছাত্ৰীয়ে নিজৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ বিমুখ হব লগা নহয়, তাৰবাবে আমাৰ সমাজৰ সচেতন লোকসকলে কিছু আগভাগ ললে নিশ্চয়কৈ ই এক আদৰণীয় কৰ্ম হিচাবে বিবেচিত হব। গতিকে, মই ভাবো এটা “শৈক্ষিক ন্যাস” গঠন কৰি আৰ্থিক ভাবে দুৰ্বল এনে ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়াব পাৰো। সেয়েহে, কোনো হৃদয়বান মানৱ দৰদী ব্যক্তি বা সংগঠনে এই ক্ষেত্ৰত কিছু প্ৰয়াস কৰিব পাৰে। ময়ো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ। এতিয়া পুনৰ গকুলৰ কথালৈ আহোঁ। আমি সাধাৰণতে, দেখা পাওঁ যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰ বা ছাত্ৰীক ভবিষ্যতে কি হবা বুলি প্ৰশ্ন কৰিলে, বেছিভাগেই একেটা উত্তৰতে ডক্টৰ বা ইঞ্জিনীয়াৰ হবলৈ ইচ্ছা কৰাৰ কথা ব্যক্ত কৰে। খুব, কম সংখ্যক বা একেবাৰে সীমিত ছাত্ৰ-ছাত্ৰীয়েহে শিক্ষক বা শিক্ষয়িত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। মই অনুভৱ কৰোঁ, যি সকল ছাত্র ছাত্ৰীয়ে পঢ়া-শুনা কৰি ভৱিষ্যতে শিক্ষক বৃত্তিটো গ্ৰহণ কৰিবলৈ স্বইচ্ছাৰে আগবাঢ়ি আহে, সেই সকলক ছাত্র-ছাত্ৰীক আমি সকলোৱে বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱা উচিত। যিহেতু শিক্ষকতা এটা মহান আৰু পৱিত্ৰ বৃত্তি। এই গকুলেও মনত এটা সপোন পুহি ৰাখিছে আৰু সংকল্প লৈছে যে ভৱিষ্যতে এজন সু-শিক্ষক হৈ “মানৱ সম্পদ” গঢ়াৰ বা সৃষ্টি কৰাৰ । এটা কথা বিশেষ ভাবে উল্লেখযোগ্য যে যিসকলৰ অন্তৰত শিক্ষা বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধা আৰু মনত এটা উদ্যম থাকে, সেই সকল লোকেহে এই বৃত্তিটোৰ প্ৰতি বেছিকৈ আগ্ৰহী হোৱা দেখা যায় আৰু মানৱ সম্পদ সৃষ্টিত তেওঁলোকৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ। যিদৰে কুমাৰৰ হাতৰ পৰশত সুন্দৰ সুন্দৰ মাটিৰ পাত্ৰ সৃষ্টি হয়, ঠিক তেনেকৈ এনে শিক্ষকৰ শিক্ষাই উচিত মানৱ সম্পদ জন্ম দি সমাজলৈ শুভ বতৰা কঢ়িয়াই আনে। সঁচাকৈ এনে প্ৰশংসনীয় আৰু ইতিবাচক চিন্তা ধাৰাই আমাৰ সমাজলৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিব মোৰ দৃঢ় বিশ্বাস। মই, আশা ৰাখিছোঁ গকুলৰ সপোন বাস্তৱত পৰিণত হওঁক লগতে তেওঁৰ আদৰ্শগত শিক্ষাৰে শিক্ষিত হৈ ভৱিষ্যৎ নৱ প্ৰজন্মৰ পৰা আৰু হাজাৰ জন গকুলৰ জন্ম হওক তাকে কামনা কৰিছোঁ। শেষত মাৰ্গাৰেট এলিজাবেথ চাংষ্টাৰৰ এটি উক্তিয়ে কওঁ,”Non one should teach, who is not in love with teaching”.

(লেখকৰ ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন:৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More