এজাক বাদুলি আৰু এখন যুদ্ধ
দাদুল দেৱকৃষ্ণ বৰুৱা
বাদুলি বুলিলে প্রথমেই কি মনলৈ আহে আপোনাৰ? অন্ধকাৰ ৰাতি শুকুলা জোনৰ শৰীৰ সাবটি ধৰা উড়ন্ত ক’লা ছাঁয়া। ভেম্পায়াৰৰ অলৌকিক জগত! যদি আপুনি DC Comicsৰ ভক্ত, তেন্তে অৱশ্যে মনত পৰিব পাৰে অপৰাধ দমনত জীৱন উছর্গা কৰা বেটমেনক। কিন্তু এইবোৰতো গল্পহে। সঁচাকৈয়ে কিন্তু জাপানৰ আকাশৰ পৰা মৃত্যুৰ দৰে নামি অহাৰ কথা আছিল জাক জাক বাদুলি।
বাদুলি জানো মৃত্যুদূত? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এনে ধৰণৰেই পৰিকল্পনা কৰিছিল মার্কিন সেনাই। যদিও এই মোক্ষম মৃত্যুৰ খেলা খেলিবলগীয়া নহ’ল। মেনহাটন প্রজেক্টৰ সাফল্যত হিৰোচিমা আৰু নাগাচাকিত শেষপর্যন্ত কি ঘটিছিল, সেইকথা নতুনকৈ কোৱাৰ প্রয়োজন নাই। কিন্তু যদি ইতিহাস যদি অন্যদিশলৈ ঘূৰিলহেঁতেন তেতিয়া? তেতিয়া সঁচাকৈয়ে আকাশৰ পৰা জাকে জাকে বাদুলি নামি অহা দেখিবলৈ পোৱা গ’লহেঁতেন। যিবোৰে এটাৰ পিছত আন এটা বিস্ফোৰণ ঘটাই ছাৰখাৰ কৰি দিলেহেঁতেন গাঁও কিম্বা চহৰ। এই লেখাত ঘূৰি চাব বিচৰা হৈছে বাদুলি বোমা (Bat bombs) নামৰ সেই আশ্চর্য অস্ত্রক।
কিদৰে বাৰু এনে এক আজৱ অস্ত্রৰ পৰিকল্পনা কৰিছিল সেই সময়ৰ মার্কিন যুদ্ধবাজসকলে? কিয়বা সেয়া কার্যকৰী কৰা নহ’ল শেষ মুহূর্তত? সেইকথা কোৱাৰ আগেয়ে এটা কথা কোৱা দৰকাৰ যে, বাদুলি বোমা কোনো বিক্ষিপ্ত উদাহৰণ নহয়। ‘এন্টি টেংক ডগ’ তথা টেংক ধ্বংসকাৰী কুকুৰ কিম্বা ‘প্রজেক্ট পিজিয়ন’ তথা পাৰ চৰাইৰ সহায়ত শত্রুৰ ঘাটিত বোমা পেলোৱাৰ দৰে নানা ধৰণৰ আজৱ কাৰবাৰো ইতিহাস খুচৰিলেই পোৱা যাব। আচলতে দ্বিতীয় বিশ্বযুদ্ধই গোটেই পৃথিৱীখনকেই সলাই পেলাইছিল। সমাজৰ পৰা আৰম্ভ কৰি মূল্যবোধ, আন্তর্জাতিক ৰাজনীতি আদি সর্বত্রই এক চিৰস্থায়ী পৰিৱর্তনৰ সুস্পষ্ট চিন। পুৰণি পৃথিৱীখনেই যেন সলনি হৈ গৈছিল। আৰু সেই প্রভাৱ পৰিছিল ৰণকৌশলতো।
১৯৪১ চনত জাপানৰ পার্ল হাৰবাৰ আক্রমণৰ পিছত প্রতিশোধ ল’বলৈ ছটফটাইছিল আমেৰিকা। তাৰেই সুদূৰপ্রসাৰী ফলাফল ১৯৪৫ চনৰ পৰমাণু বোমা আক্ৰমণ। তাৰ আগেয়ে টকিঅ’ত ‘ডুলিটল ৰেইড’। অৱশ্যে সেই আক্ৰমণৰ সমান্তৰালভাৱে নিত্যনতুন অস্ত্রৰ পৰীক্ষা নিৰীক্ষা চলিছিলেই। আৰু তেনেকৈয়ে আহিছিল বাদুলি বোমাৰ ‘আইডিয়া’।
আমেৰিকাৰ বিখ্যাত কার্লচবাড কেভার্ন। ছুটী কটোৱাত মগ্ন জনপ্রিয় দন্ত চিকিৎসক লিটল এছ আডামছ। সেই সময়তেই তেওঁৰ চকু পৰিছিল ঠাইখনৰ বিভিন্ন গুহাত ওলমি ৰোৱা প্রায় ৯০ লাখ বাদুলিত! তাৰিখটো কাকতালীয়ভাৱে ৭ ডিচেম্বৰ। সেইদিনাই ঘটিছিল পার্ল হাৰবাৰত আক্ৰমণ। অসংখ্য মানুহৰ প্রাণ গৈছিল সেই ঘটনাত। ইয়াৰ আগলৈকে দ্বিতীয় বিশ্বযুদ্ধত দেহেকেহে অংশগ্রহণ কৰা নাছিল আমেৰিকাই। কিন্তু সেইদিনটোৰ পিছৰ পৰাই আমিৰিকাও নামি পৰিল যুদ্ধত। আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় পৰিকল্পনা— কি কৰি শিক্ষা দিয়া যায় জাপানক।
কিছুদিনৰ ভিতৰতে অভিনৱ বাদুলি বোমাৰ ব্লু প্ৰিণ্ট জমা হ’ল মার্কিন প্রশাসনৰ ওচৰত। লিটল এছ আডামছৰ সেই ‘আইডিয়া’ই অনুমোদনো পায় নেচনেল ৰিছার্চ ডিফেন্স কমিটীৰ। তৎকালীন মার্কিন ৰাষ্ট্ৰপতি ৰুজভেল্টৰ সেউজ সংকেত পোৱাৰ পিছতেই এই প্রজেক্টৰ নাম দিয়া হয় ‘প্রজেক্ট এক্স ৰে’।
কিদৰে কৰিছিল এই পৰিকল্পনা?
বাদুলিয়ে নিজৰ ওজনৰ দ্বিগুণ ওজনৰ পদার্থ বহন কৰিবলৈ সক্ষম। ফলত ২ আউন্স ওজনৰ বোমা বুকুত বান্ধি দিলেও উৰিবলৈ অসুবিধা নহ’ব। সেয়ে গধুৰ বোমা বাদুলিৰ বুকুৰ পাতল চাল আৰু বর্ধনশীল চালত মেৰিয়াই দিয়া হৈছিল। ঠিক হৈছিল, আইচ বক্সৰ ট্রেত ৪০ ডিগ্রী তাপমাত্রা ৰাখি তাতেই ৰখা হ’ব বাদুলিবোৰ। পৰিকল্পনা অনুসৰি ইয়াৰ পিছতেই বিমানত কাঠৰ বাকচত ভৰাই কঢ়িয়াই আনি তললৈ পেলাই দিয়া হ’ব। ইয়াৰ পিছত মাটিৰ ওচৰ পালে অর্থাৎ ১ হাজাৰ ফুটৰ ওচৰ পালেই বাকচ খুলি যাব আৰু তাৰ ভিতৰৰ পৰা সদ্য নিদ্ৰাভংগ ঘটা বাদুলিবোৰে দল বান্ধি উৰিবলৈ আৰম্ভ কৰিব। তাৰ পিছত বাদুলিবোৰ মাটিলৈ নামি আহিলেই এটা এটাকৈ বিস্ফোৰণ ঘটি থাকিব। ৰাতিৰ ভিতৰতে একোখন চহৰ দাউদাউকৈ জ্বলি উঠিব। জাপানৰ কাঠৰ চহৰ আৰু অন্যান্য পৰিকাঠামো ধ্বংস হৈ যাব অনায়াসে। এইক্ষেত্রত যিটো লক্ষণীয়, সেয়া কেৱল ধ্বংসলীলাই নহয়। তাৰ লগে লগে অস্বাভাৱিক হাতিয়াৰ প্রয়োগ কৰি আতংক বিয়পাই দিয়াৰ লক্ষ্য।
১৯৪৪ চন। সকলো পৰীক্ষা নিৰীক্ষা সম্পূর্ণ হয় সেই বছৰতেই। তথাপি শেষপর্যন্ত এনে এক অদেখা আতংকৰে জাপানৰ আকাশ ভৰাই পেলোৱাৰ পৰিকল্পনাৰ পৰা পিছুৱাই আহিছিল আমেৰিকা। কিন্তু কিয়? আচলতে পৰিকল্পনা কৰিলেইতো নহ’ব। প্রয়োজন তাৰ বাস্তৱ প্রয়োগ। ঠিক যেনেকৈ এন্টি টেংক ডগৰ ক্ষেত্রতো হৈছিল। দেখা গৈছিল কুকুৰক যিমানেই প্রশিক্ষণ দিয়া নহওক কিয়, সিহঁতে একোৱেই লক্ষ্যভেদ কৰিব পৰা নাছিল। হয় বোমা শৰীৰৰ পৰা খোল নাখাওতেই উভতি আহিছে অথবা ঠিক ঠাইত বোমা পেলাব পৰা নাই।
একই অৱস্থা হৈছিল বাদুলি বোমাৰ ক্ষেত্রতো। দেখা গৈছিল, কেতিয়াবা কেতিয়াবা শীতনিদ্ৰা ভাঙি বাদুলিবোৰ জগাই তোলাত সমস্যা হৈছে। আকৌ স্ত্রী বাদুলি গর্ভৱতী হৈ পৰিলে তেনে বাদুলিতো বাদেই, পুৰুষ বাদুলিবোৰকো কামত লগোৱা কঠিন হৈ পৰে। সেই হিচাপমতে বছৰৰ পাঁচ মাহৰ ভিতৰতেই যি কৰিবলগীয়া আছে কৰিব লাগিব। আকৌ ঠিক ঠাইত লক্ষ্যভেদৰ সমস্যাও হৈছিল। এবাৰতো পৰীক্ষা কৰি থাকোতেই এজন সেনানায়কৰ গাড়ীতে জুই লাগি গৈছিল। তদুপৰি একেলগে অসংখ্য বাদুলি বোমা প্রস্তুত কৰাটোও বৰ সময়সাধ্য কাম। সেয়ে সকলো দিশ বিবেচনা কৰি শেষ মুহূর্তত এই বোমা যুদ্ধত ব্যৱহাৰ কৰিবলৈ লৈয়ো পিছুৱাই আহে আমেৰিকা। অৱশ্যে এই কথাও হয়তো হয় যে, তেতিয়ালৈ পৰমাণু বোমা তৈয়াৰৰ ক্ষেত্রত অনেকখিনি আগুৱাই গৈছিল বিজ্ঞানীসকল। সেয়ে শেষপর্যন্ত হিৰোচিমা আৰু নাগাচাকিৰ ধ্বংসলীলাৰ দিশলৈ যায় ইতিহাস।
বাদুলি বোমাৰ পৰিকল্পনাৰ কথা বিশ্বই জানিছিল বহু পিছতহে। বিগত শতিকাৰ সত্তৰৰ দশকত। ১৯৭২ চনত প্রকাশিত এক মার্কিন নথিৰ পৰা বিষয়টো পোহৰলৈ আহে। তাৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাৰ এক বিকল্প-ইতিহাসৰ সম্ভাৱনা সভ্যতাৰ আয়নাত জিলিকাই ৰাখিছে বাদুলি বোমাৰ ইতিহাস। যি ইতিহাসে আৰু এবাৰ মনত পেলাই দিয়ে নিজৰ উদ্ভাৱনী ক্ষমতাক কামত লগাই যিদৰে মাৰণাস্ত্র নিৰ্মাণত মন দিয়া দেখা গৈছে মানুহক, সেয়াই প্রমাণ কৰি দিয়ে যে পশুক হিংস্র বুলি জগৰ দিয়াটা এক মহাভুল। পৃথিৱীত হিংস্রতাৰ ক্ষেত্ৰত মানুহৰ সমকক্ষ কোনোৱেই নাই।