এটা কুকুৰা কণীৰ দাম ৪৮ হাজাৰ টকা

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : প্ৰিয় খাদ্যৰ তালিকাত কণীক বিভিন্ন লোকে ঠাই দিয়ে। কণী সহজলভ্য হোৱাৰ বাবে ইয়াৰ চাহিদাও অধিক হয়।বজাৰত এটা কণীৰ দাম অতি বেছি ১০ টকাৰ পৰা ১৫ টকা। কিন্তু এই প্ৰতিবেদনত আজি আমি আপোনালোকৰ সন্মুখত এনে এটা কণীৰ বিষয়ে উল্লেখ কৰিম যাৰ দামে প্ৰায় সকলোকে আচৰিত কৰি তুলিব। কাৰণ সেই কণীৰ দাম ইতিমধ্যে প্ৰায় ৪৮ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে। হয়, বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও ই একেবাৰে সঁচা। মূলতঃ এনে এটা ঘটনা ব্ৰিটেইনত ঘটা বুলি পোহৰলৈ আহিছে।

* এটা পৰিয়ালে কণীটো পাইছিল
এটা পৰিয়ালৰ পোহনীয়া কুকুৰাই নিখুঁতভাৱে ঘূৰণীয়া কণী পাৰিছে বুলি জানিব পৰা গৈছে। আনকি, সেই কণীটোক ‘লাখো মে এক’ বুলি গণ্য কৰা হয়। এতিয়া, এই অনন্য কণীটো ৫০০ পাউণ্ড (৪৮ হাজাৰ টকা)ত বিক্ৰী কৰিব পাৰিব। স্বাভাৱিকতে সকলো আচৰিত হৈছিল, যেতিয়া পৰিয়ালটোৱে প্ৰথমবাৰৰ বাবে এই গোলাকাৰ কণীটো পাইছিল। জনা যায় যে এনাবেল মুলকাহী নামৰ এগৰাকী মহিলাই প্ৰথমে এই পৰিঘটনা পৰ্যবেক্ষণ কৰিছিল। মূলতঃ এনাবেলে যোৱা ২০ বছৰ ধৰি উদ্ধাৰ কৰা কুকুৰা পালন কৰি আহিছে। পশ্চিম অক্সফৰ্ডশ্বাৰৰ তেওঁৰ সন্তান আৰু পৰিয়ালৰ আন সদস্যসকলেও চৰাই উদ্ধাৰ কৰাত সহায় কৰে। এই ক্ষেত্ৰত টুইনস্কি নামৰ এজনী কুকুৰাই সেই নিখুঁত ঘূৰণীয়া কণীটো পাৰে। জনামতে এনাবেলৰ এগৰাকী ছোৱালীয়ে এই কুকুৰাজনীৰ নাম টুইনস্কি ৰাখিছিল। ইফালে এনাবেলে এই অস্বাভাৱিক যেন দেখা কণীটো পোৱাৰ পিছত গুগলৰ জৰিয়তে গম পায় যে ই সঁচাকৈয়ে ‘লাখৰ ভিতৰত এক’। অৰ্থাৎ সংঘটন অত্যন্ত বিৰল। তেওঁৰ মতে— “কণীটো ইমানেই নিখুঁতভাৱে ঘূৰণীয়া যে ই মাৰ্বলৰ দৰে টেবুলত গুটিয়াই ল’ব পাৰে।” তেওঁ আৰু কয়— “মই এই বিষয়ে জানিবলৈ গুগলৰ সহায় লৈছিলোঁ।” তেওঁ বিৰল কণীটোক পৃথক কৰিবলৈ এটা স্বাভাৱিক কণীৰ সৈতে ৰাখিছিল।

* e-Bayত কণীটো তালিকাভুক্ত হৈছে
এনাবেলে কয় যে কণীটো তেওঁ নিশ্চিতভাৱে নাখায়। তাৰ পৰিৱৰ্তে বিক্ৰী কৰিব বিচাৰিছে যাতে তেওঁ আৰু বেছি কুকুৰা উদ্ধাৰ কৰিব পাৰে। এই ক্ষেত্ৰত ইতিমধ্যে অনলাইন মাৰ্কেটিং কোম্পানী e-Bayত কণীটো তালিকাভুক্ত কৰা হৈছে আৰু তাত কণীটোৰ দাম বৃদ্ধি পাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More