এটা চৰ আৰু এগৰাকী নগ্ন তৰুণী

0 141
  • দাদুল দেৱকৃষ্ণ বৰুৱা

ঘটনা দুটা। দুয়োটাই প্রতিবাদ। এটা ব্যক্তিগত স্তৰৰ। দ্বিতীয়টো দেশীয় স্তৰৰ। কাকতালীয়। কিন্তু দুয়োটা ক্ষেত্রতেই প্রতিবাদ জনোৱাৰ পৰিসৰো একেই ৰকমৰ। দুয়োটা ঘটনাই আন্তর্জাতিক চলচ্চিত্রৰ তথাকথিত ‘জনপ্রিয়’ মঞ্চ।গোটেই দুনিয়াই চিনি পায়— অস্কাৰ আৰু কান চলচ্চিত্রোৎসৱ। দুমাহৰো কম সময়ৰ ব্যৱধানত আয়োজিত এই দুই অনুষ্ঠানত এনেদৰে ইটোৰ পিছত সিটো প্রতিবাদৰ ঘটনাত সচকিত দুনিয়া। মাজত মাত্ৰ ৫৪ দিন। যোৱা ২৭ মার্চত অস্কাৰ পুৰস্কাৰ বিতৰণীৰ সন্ধ্যাত শ্ৰেষ্ঠ অভিনেতা মঞ্চলৈ উঠি আহি জোৰেৰে চৰ শোধাইছিল এংকৰৰ গালত। হলিউডৰ কৃষ্ণাঙ্গ অভিনেতা উইল স্মিথে কৈছিল— এংকৰ ক্রিচ ৰকচে দর্শকাসনত বহি থকা শ্রীমতী স্মিথক অপদস্থ কৰিছে। এই চৰ তাৰেই প্রতিবাদ।

২০ মে’ শুকুৰবাৰে সন্ধিয়া ছবিৰ দেশ, কবিতাৰ দেশ ফ্রান্সৰ চহৰ কানত যি ঘটিল সেয়াও প্রতিবাদ। অৱশ্যে উইলৰ দৰে তাৰকা বনাম তাৰকা বিতর্ক নাছিল তাত। কানৰ দৃষ্টিনন্দন ৰঙা দলিচাত ভৰি ৰাখি নিজৰ পোছাক ফালি পেলাইছে ১৮ বছৰীয়া এক তৰুণীয়ে। ওলাই পৰিছে তেওঁৰ অর্ধনগ্ন শৰীৰ। যাৰ নিম্নাঙ্গৰ অন্তর্বাসত অঁকা আছে তেজৰ দাগ। ঊর্ধ্বাঙ্গ অনাবৃত। তাত ইউক্রেইনৰ হালধীয়া আৰু নীলা পতাকাৰ ৰঙেৰে লেখা আছে— Stop raping us।

যুদ্ধৰ মাজতেই আৰম্ভ হৈছে কান চলচ্চিত্র মহোৎসৱ। ৰাছিয়া-ইউক্রেইন যুদ্ধক লৈ নিৰ্মিত তথ্যচিত্র আনকি, চিনেমাও প্রদর্শিত হৈছে কানত। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লালিদিমিৰ জেলেনস্কিয়েও কান চলচ্চিত্র মহোৎসৱৰ প্রথম দিনটোতে ছয় মিনিটৰ সংক্ষিপ্ত বক্তৃতাত যুদ্ধ বন্ধ কৰাত চিনেমাৰ ভূমিকাৰ কথা কৈছে। তাৰ মাজতেই ঘটিল ২১ মে’ শুকুৰবাৰৰ ঘটনাটো।

জনা গৈছে, কান চলচ্চিত্রোৎসৱৰ ৰেড কার্পেটৰ সেই প্রতিবাদী তৰুণী পেৰিছৰেই বাসিন্দা। তেওঁ নাৰী অধিকাৰক লৈ কর্মৰত এটা ‘চৰমপন্থী’ সংগঠনৰ লগত জড়িত। প্রতিবাদ জনোৱাৰ আগেয়ে তেওঁৰ লগত কথা পাতিছিল এগৰাকী সাংবাদিকে। নিজকে সমাজকর্মী হিচাবে পৰিচয় দি তেওঁ জনাইছিল যে, ইউক্রেইনত তাৰ মহিলা আৰু শিশুসকলৰ ওপৰত ৰুছ সেনাৰ শাৰীৰিক অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদৰ কাম কৰিছে তেওঁ। বেলজিয়ামত ইতিমধ্যেই প্রতিবাদ বিক্ষোভো দেখা গৈছে।

প্রতিবাদ বা বিক্ষোভৰ বাবে কানৰ দৰে পৰিচিত মঞ্চ বাছি লোৱাটো অপ্রত্যাশিত নহয়। অতীতত খেলপথাৰতো এনে ঘটনা ঘটিছে। কিন্তু প্রশ্ন উঠিছে, কানৰ নিৰাপত্তা ব্যৱস্থাক লৈ। চলচ্চিত্র জগতৰ পৰিচিত ব্যক্তিত্বসকলৰ য’লৈ অহা-যোৱা, তালৈ কিদৰে সোমাব পাৰিলে সেই তৰুণী? উইল স্মিথতো অস্কাৰলৈ আমন্ত্রিত আছিল। কিন্তু এই তৰুণী? অসমর্থিত সূত্রৰ খবৰ— প্রতিবাদী সেই তৰুণীয়ে আমন্ত্রণ ‘যোগাৰ’ কৰিছিল। তেন্তে সেয়া এতিয়া তদন্তৰ বিষয়। অৱশ্যে এটা ঠিক যে, বিশ্বজুৰি বিয়পি পৰিছে নগ্ন প্রতিবাদ। যেনেকৈ বিয়পিছিল ‘কিং ৰিচার্ড’ৰ বিৰাশী চিক্কাৰ চৰ। ব্যৱধান ৫৪ দিনৰ। অভিঘাত পৃথিৱীজোৰা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More