এটা ছাতিৰ দাম ১ লাখ ২৭ হাজাৰ টকা !
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : নাম কৰা বিভিন্ন ফেছন সংস্থাই মাজে সময়ে বজাৰলৈ আনে আকাশলংঘী মূল্যৰ কিছু সামগ্রী। সেই পথেৰেই আগবাঢ়ি আহি ফেছন সংস্থা গুচ্চি আৰু ক্রীড়াসামগ্রী প্রস্তুতকাৰী সংস্থা এডিডাছে সম্প্রতি যৌথভাৱে চীনৰ বজাৰলৈ আনিছে বিশেষ এবিধ ছাতি। ভাৰতীয় মুদ্রাত ছাতিটোৰ মূল্য ১ লাখ ২৭ হাজাৰ টকাৰো কিছু বেছি। ফেছনদুৰস্ত এই ছাতি ইমান চৰাদামৰ বাবেই আশ্চর্যকৰ নহয়, তাতকৈয়ো অধিক আশ্চর্যৰ বিষয় হ’ল, ছতিবিধ কেৱল ৰ’দত ব্যৱহাৰৰ বাবেহে, বৰষুণৰ পানী প্ৰতিৰোধ কৰিব পৰা ক্ষমতা নাই এই ছাতিৰ ! সংস্থা দুটাৰ ৱেবছাইটত তেনেদৰেই কোৱা হৈছে। চীনৰ নেটমাধ্যম ৱেবোত ৰীতিমত হেজটেগ সৃষ্টি হৈ গৈছে ছাতিবিধৰ নামত। প্রায় ১৪ কোটি মানুহে দেখিছে সেই পোষ্ট। কোনোৱে এয়া সস্তীয়া জনপ্রিয়তা লাভৰ কৌশল বুলি বিদ্রুপ কৰিছে, কোনোৱে আকৌ এয়া ‘পুঁজিবাদৰ নগ্ন প্রদর্শন’ বুলিও কটাক্ষ কৰিছে। শেষপর্যন্ত বিজ্ঞাপনৰ পৰা ‘ছাতি’ শব্দটোৱেই কাটি দিছে সংস্থাটোৱে।