এটা ফুটবলেই জিকালে মৃত্যুৰ বিৰুদ্ধে যুঁজ

0 78
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ এঘণ্টা দুঘণ্টা নহয় ১৮ ঘন্টা যমৰ লগত যুদ্ধ কৰি জয়ী হ’ল তেওঁ। তেওঁ হৈছে ইউৰোপৰ উত্তৰ মেচিডোনিয়াৰ ইভান। লগৰীয়া আছিল মাত্ৰ এটা ফুটবল। ধুমুহাময় সাগৰত খেৰ-কূটাৰ দৰে সেই ফুটবলটোকে আঁকোৱালি লৈ তেওঁ জীয়াই থকাৰ বাবে যুঁজি থাকিল। তেওঁ সাগৰৰ প্ৰবল সোঁতত হঠাতে উটি গৈছিল। তেতিয়াই তেওঁ পানীত ওপঙি থকা এটা ফুটবল দেখিবলৈ পায়। যিটোক সাৰথি কৰি ইভানে ১৮ ঘন্টা যুদ্ধ কৰিছিল আৰু জয়ীও হ’ল। উল্লেখ্য যে মাত্ৰ দহ দিনৰ আগতে এই ফুটবলটো সাগৰত উটি গৈছিল। ফক্স নিউজৰ মতে, ৩০ বছৰীয়া ইভানক সাগৰৰ সোঁতে উটুৱাই লৈ যায়। তেওঁৰ সংগীসকলে গ্ৰীক ক’ষ্ট গাৰ্ডক খবৰ দিয়ে। উপকূলীয় অঞ্চলটোত ক’ষ্ট গাৰ্ডৰ লোকে তালাচী আৰম্ভ কৰে যদিও ইভানক বিচাৰি নাপালে। আনহাতে সাগৰৰ প্ৰবল ঢৌৰ মাজত জীয়াই থকাৰ আশা প্ৰায় এৰি দিছিল ইভানে। ধাৰণা কৰিছিল যে তেওঁৰ সলিল সমাধি ঘটিব। কিন্তু তাৰ পিছত দেখিলে সাগৰত ওপঙি থকা এটা ফুটবল। ইভান কেনেবাকৈ সেই ফুটবলটোৰ ওচৰত উপনীত হ’ল। তাৰ পিছতেই আৰম্ভ হ’ল জীয়াই থকাৰ যুঁজ। ফুটবলটো বায়ুৰে পৰিপূৰ্ণ হৈ আছিল। এই ফুটবলটোৱেই ইভানক ঢৌৰ পৰা ৰক্ষা পোৱাত সহায় কৰিছিল। ইভানে পিছত সংবাদ মাধ্যমৰ আগত কয় যে বলটো দেখাৰ পিছত তেওঁ অলপ সাহস পাইছিল। ওপঙি থকাৰ সময়ত বলটোত আঁকোৱালি লৈ তেওঁ এই মৃত্যুৰ পৰা বাচিছিল। ১৮ ঘণ্টাৰ পাছত গ্ৰীক ক’ষ্ট গাৰ্ডৰ এখন বিমানে ইভানক সাগৰত উপঙি থকা দেখিবলৈ পায় আৰু তেওঁলোকে উদ্ধাৰ কৰে। চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান ইভানৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনায়। আনহাতে ইভানে আঁকোৱালি লৈ জীৱনৰ বাবে যুঁজি থকা বলটোৰ গৰাকীকো পোৱা গৈছে। এগৰাকী মহিলাই জনোৱা মতে, বলটো তেওঁৰ দুই সন্তানৰ। প্ৰায় দহ দিন আগতে তেওঁৰ সন্তানদ্বয়ে সাগৰৰ পাৰত ফুটবল খেলি থকাৰ সময়তে বলটো সাগৰত পৰি উটি গৈছিল। যি ঠাইত বলটো হেৰাইছিল, সেই ঠাইৰ পৰা ইভানে যি ঠাইত বলটো পাইছিল তাৰ মাজৰ দূৰত্ব প্ৰায় ১৩০ কিলোমিটাৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More