“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ নতুন শ্ল’গান

0 19

ৰাণু বৰুৱা

“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ এতিয়া এটা নতুন শ্ল’গান। অভিনৱ এক ধাৰণাৰে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত এনে এটা প্ৰস্তাৱৰ আধাৰতেই ভাৰতীয় ৰেলৱেই ইতিমধ্যে আঁচনিখন প্ৰৱৰ্তনৰ সূচনা কৰিছে। এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে, কোনো এটা ৰেল ষ্টেচনৰ পাৰ্শ্বৱৰ্তী অঞ্চলটোত উপলদ্ধ হোৱা কৃষিজাত, হস্তশিল্প, হস্ততাঁতৰ দৰে সামগ্ৰীৰ এখন বজাৰ ৰেলৱে যাত্ৰীসকলৰ বাবে মুকলি কৰা। ইয়াৰ ফলত যাত্ৰীসকলে উচিত মূল্যত সেই অঞ্চলত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰাৰ লগতে স্থানীয় উৎপাদক, কাৰুশিল্পী, শিপিনী সকলেও তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এখন স্থায়ী আৰু সুস্থিৰ মূল্যৰ বজাৰ নিচেই কাষতে লাভ কৰিব। উল্লেখযোগ্য যে, ভাৰতবৰ্ষত দিনৌ প্ৰায় তেৰ হাজাৰখন যাত্ৰীবাহী ৰেলগাড়ীত ২৪ নিযুত যাত্ৰীয়ে ভ্ৰমণ কৰে।
NFR showcases local products under its one station one product scheme ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰেলৱে মণ্ডলত এই আঁচনিৰ বাবে ষ্টেচনসমূহ চিনাক্ত কৰা হৈছে আৰু কেইবাটাও ষ্টেচনত বিপনীসমূহ মুকলি কৰা হৈছে। প্ৰথম পৰ্যায়ত প্ৰতিটো ৰেলৱে সংমণ্ডলৰ এটা ষ্টেচনত এই আঁচনিখন ৰূপায়ণ কৰা হ’ব। আঁচনি অনুসৰি ৰেলৱে কৰ্তৃপক্ষই ষ্টেচনৰ প্লেটফৰ্মত বিপনী স্থাপন কৰি দিয়াৰ উপৰি পানী, বিদ্যুৎকে ধৰি মৌলিক সুবিধা সমূহ প্ৰদান কৰিব। এনেধৰণৰ প্ৰথমখন বিপনী দক্ষিণ মধ্য ৰেলৱেৰ তিৰুপতি ষ্টেচনত যোৱা ২৫ মাৰ্চ তাৰিখে উদ্বোধন কৰা হয়। তিৰুপতিৰ বিখ্যাত কলমকাৰী শাৰী যাত্ৰীসকলে ইয়াৰ পৰা উচিত মূল্যত ক্ৰয় কৰিব পাৰিব।
অন্যান্য মণ্ডলৰ দৰে উত্তৰ-পূব সীমান্ত ৰেলৱেয়ো তেওঁলোকৰ পাঁচোটা সংমণ্ডল – তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰৰ অধীনস্থ একোটাকৈ ষ্টেচনত বিপনী স্থাপন কৰিছে। “এটা ষ্টেচন, এটা সামগ্ৰী” শীৰ্ষক আঁচনি অনুসৰি তিনিচুকীয়া সংমণ্ডলৰ নিউ তিনিচুকীয়াত অসমৰ চাহ, লামডিং সংমণ্ডলৰ গুৱাহাটীত অসমীয়া গামোচা, ৰঙিয়া সংমণ্ডলৰ নাহৰলাগুনত অৰুণাচলৰ জনজাতীয় সাজ-পাৰ আৰু পৰম্পৰাগত অলঙ্কাৰ, আলিপুৰদুৱাৰৰ নিউ আলিপুৰদুৱাৰত স্থানীয় ফল-মূলৰ ৰস আৰু কাঠেৰে নিৰ্মিত সামগ্ৰী আৰু কাটিহাৰৰ দাৰ্জিলিংত বিখ্যাত দাৰ্জিলিং চাহ উপলব্ধ হোৱাকৈ বিপনী আৰম্ভ কৰা হৈছে। অদূৰ ভৱিষ্যতে আৰু এনে ষ্টেচন চিনাক্ত কৰি আঁচনিখনৰ অধিক সম্প্ৰসাৰণ কৰিলে ৰেল যাত্ৰীসকলৰ যাত্ৰা আনন্দময় হোৱাৰ লগতে সামগ্ৰী উৎপাদক সকলেও এখন নিশ্চিত বজাৰ লাভ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More