এতিয়া ধন থাকিলে চন্দ্ৰতো কটাব পাৰিব ৰাতি !

বিমানেৰেই কৰিব পাৰিব চন্দ্ৰ ভ্ৰমণ

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ছেপ্টেম্বৰ : বিহুগীতত গাইছে— “জোনবাইৰ দেশতে সাজিম ঘৰেখনি…!” এতিয়া আপুনি নিজে জোনত ঘৰ সাজিব নোৱাৰিলেও সঁচাকৈয়ে আপোনাৰ সংগীৰ সৈতে চন্দ্ৰ ভ্ৰমণ কৰিব পাৰিব। নাই, তাৰ বাবে মহাকাশযান নালাগে। কেৱল বিমানেৰে ডুবাই পাবগৈ লাগিব। ডুবাইত নিৰ্মাণ হ’বলৈ গৈ আছে ‘মুন ৰিজ’ৰ্ট’। এতিয়া পৃথিৱীত বহি থকা চন্দ্ৰটো চাব পাৰিব আপুনি। থাকিবও পাৰিব চন্দ্ৰত। ডুবাই চহৰত নিৰ্মাণ হ’বলৈ গৈ আছে এখন বিলাসী ৰিজৰ্ট। যিখন ৰিজৰ্ট হুবহু চন্দ্ৰৰ দৰেই দেখা যাব। আনকি এই ৰিজৰ্টখনৰ নামো দিয়া হৈছে ‘মুন ৱৰ্ল্ড ৰিজৰ্ট’। চমুকৈ ইয়াক ‘মুন ৰিজৰ্ট’ বুলি কোৱা হয়। Arabian Business নামৰ আৰব সংবাদ মাধ্যমৰ মতে, স্থলভাগত সুলভ মূল্যত পৰ্যটকসকলক মহাকাশ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ বাবে এই ‘মুন ৰিজ’ৰ্ট’ৰ সৃষ্টি কৰা হৈছে। কানাডাৰ এটা নিৰ্মাণ কোম্পানীয়ে এই ‘মুন ৰিজৰ্ট’ নিৰ্মাণৰ দায়িত্ব লৈছে। যিহেতু মুন ৰিজৰ্টখন ডুবাইৰ মাজমজিয়াত নিৰ্মাণ কৰা হ’ব, সেয়েহে স্বাভাৱিকতে ইয়াৰ আকৃতি ঘূৰণীয়া হ’ব। কিন্তু এই স্থাপত্যৰ উচ্চতা একেবাৰে কম নহয়। এই ‘মুন ৰিজ’ৰ্ট’ৰ উচ্চতা হ’ব প্ৰায় ৭৪৫ ফুট। কংক্ৰিট, কাঁচ, ষ্টীল, কাৰ্বনফাইবাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰি ৰিজৰ্টখনক গোলাকাৰ, চন্দ্ৰৰ দৰে ৰূপ দিয়া হ’ব। এই ‘মুন ৰিজ’ৰ্ট’ নিৰ্মাণৰ বাবে প্ৰায় ৪০ হাজাৰ কোটি টকা খৰচ হ’ব। চন্দ্ৰ পৃষ্ঠৰ প্ৰতিৰূপ হ’বলগীয়া এই অতি বিলাসী হোটেলখন ৪৮ মাহত নিৰ্মাণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।স্থাপত্য প্ৰতিষ্ঠানটোৱে বিশ্বাস কৰে যে এই ৰিজৰ্টে আতিথ্য, মনোৰঞ্জন, আকৰ্ষণ, শিক্ষা, প্ৰযুক্তি, পৰিৱেশ আৰু মহাকাশ পৰ্যটন আদি খণ্ডত আমীৰাটৰ অৰ্থনীতিত সহযোগ কৰিব। মুন ডুবাই সমগ্ৰ মীনা অঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু সফল আধুনিক যুগৰ পৰ্যটন প্ৰকল্প হ’ব, ইয়াৰ বিশ্বব্যাপী আবেদন, ব্ৰেণ্ড সজাগতা আৰু অনন্য একাধিক সংহত প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি ডুবাইলৈ বাৰ্ষিক পৰ্যটন ভ্ৰমণ দুগুণ কৰি তুলিব বুলি আশা কৰা হৈছে। চন্দ্ৰত মাটি কিনিলেও তাত কিমান মানুহ থাকিব পাৰিব কোনেও নাজানে। কিন্তু এই ‘মুন ৰিজৰ্ট’ত বছৰি প্ৰায় এক কোটি মানুহে নৈশ যাপন কৰিব বুলি ধাৰণা কৰা হৈছে। ‘মুন ৰিজৰ্ট’ৰ ভিতৰত বিলাসী হোটেলৰ পৰা আৰম্ভ কৰি স্পা, ৰেষ্টুৰেণ্ট, কৃত্ৰিম লেগুন আদি বিভিন্ন সুবিধা থাকিব। এই ৰিজৰ্টত মনোৰঞ্জন আৰু পৰ্যটনৰ অভাৱ নহ’ব। আনকি ইয়াত ৩০০টা বাসগৃহও থাকিব। ইয়াৰ নাম দিয়া হৈছে ‘স্কাই ভিলা’। অৰ্থাৎ চন্দ্ৰত ঘৰ কিনি থাকিব পাৰি। পৃথিৱীত পোনপটীয়াকৈ মহাকাশ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিব পৰাকৈ সৃষ্টি কৰা হৈছে এই ‘মুন ৰিজ’ৰ্ট’। স্থপতিবিদসকলৰ মতে, ‘মুন ৰিজ’ৰ্ট’ৰ ভিতৰতে ‘লুনাৰ কলনী’ নামৰ বিশেষ ৰিজ’ৰ্ট এখনো নিৰ্মাণ কৰা হ’ব যাতে পৰ্যটকে মহাকাশ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিব পাৰে। এই ‘চন্দ্ৰ কলনী’ত ২১ লাখ পৰ্যটকে একেলগে মহাকাশ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। কিন্তু এনে বিলাসী ঠাইত ৰাতিটো কটাবলৈ হ’লে জেপ গৰম হ’ব লাগিব। কানাডাৰ কোম্পানীটোৱে এতিয়াও এই ‘মুন ৰিজৰ্ট’ৰ মূল্য ঘোষণা কৰা নাই। অৱশ্যে এই ৰিজ’ৰ্টৰ পৰা প্ৰতি বছৰে আয় হ’ব ১৪ হাজাৰ ৩৩৭ কোটি টকা। মুন ৱৰ্ল্ড ৰিজৰ্টৰ অধীনত বিশ্বজুৰি আৰু চাৰিটা মুন ডেষ্টিনেচন ৰিজৰ্টকো অনুজ্ঞাপত্ৰ দিয়াৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। সেই চাৰিটা সাম্ভাব্য স্থানৰ ভিতৰত আছে— উত্তৰ আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা তথা এছিয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More