এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তেজপুৰত সৰ্বাত্মক কৰ্মবিৰতি আৰু প্ৰতিবাদ

0 5

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত তেজপুৰতো আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয়৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু শিক্ষক-কৰ্মচাৰী সংস্থাৰ সমৰ্থনত অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। সোমবাৰে অসমৰ কৰ্মচাৰী সমাজে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি কামৰ পৰা আঁতৰি ৰাজ্যৰ সকলো কৰ্মচাৰী সমাজৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি চমুকৈ এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনায়। এই কাৰ্যসূচী পালনত অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষা আদিত জড়িত শিক্ষক-বিষয়া-কৰ্মচাৰী সকলক ৰেহাই দিয়া হৈছে যদিও এই সেৱাত জড়িত শিক্ষক-বিষয়া-কৰ্মচাৰী সকলে কৰ্তব্যস্থলীত ক’লাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেজপুৰ ভুপেন হাজৰিকা কলাভূমিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদী কাৰ্যসুচীত কেবাটাও সংগঠনে সহযোগিতা আগৱঢ়ায় ৷ প্ৰতিবাদকাৰী সকলে বিজেপি শাসিত ৰাজ্য সমূহতহে নতুন পেঞ্চন নীতি প্ৰয়োগ কৰা হৈছে বুলি উল্লেখ কৰি এই নীতি প্ৰত্যাহাৰ নকৰিলে অহা ছেপ্তেম্বৰৰ পৰা আন্দোলনৰ দীঘলীয়া কাৰ্যসূচী গ্ৰহণ কৰাৰো সকীয়নি প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More