এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি

0 53

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছৰ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় লগতে জিলাখনত পেলু নিৰ্মূলকৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাক্তৰ তৰুণ কুমাৰ দেউৰীয়ে।WhatsApp Image 2023 03 10 at 4.15.07 PM ১০ মাৰ্চৰ পৰা চলিব লগা এই অভিযানত ১ বছৰৰ পৰা ১৯ বছৰৰ শিশু তথা কিশোৰ কিশোৰীক পেলুমুক্ত নিশ্চিত কৰিবলৈ পেলুমুক্ত বড়ি প্ৰদান কৰা হব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ কুইন বৰুৱাই ছাত্র ছাত্ৰী সকলে পেলুৰ পৰা ৰক্ষা পাবৰ বাবে লব লগা যত্ন হিচাপে খোৱা বস্তু ঢাকনিৰে ঢাকি ৰখা, হাত ভৰিৰ নখবোৰ চাফা আৰু চুটি কৰি ৰখা ইত্যাদি কথা নিজৰ ভাষণত উল্লেখ কৰে । উত্তৰ লখিমপুৰ মহাবিদ্যাল্যৰ এন এছ এছৰ আঁচনি বিষয়া বিপুল শইকীয়াই তেখেতৰ ভাষণত লৰা ছোৱালী আৰু মহিলা সকলে পেলুৰ পৰা হব পৰা বেমাৰ আৰু ইয়াৰ বাবে আগতীয়া যত্নৰ বিষয়ে জানিবলৈ দিয়ে।
অনুষ্ঠান উপলক্ষে মোবাইল মেডিকেল ইউনিট, ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কাৰ্যক্ৰমৰ সহযোগত প্ৰাথমিক বিদ্যালয়ত এক স্বাস্থ্য পৰীক্ষা শিবিৰ,  শিশু তথা মাতৃৰ টিকাকৰণ, আয়ুষ্মান ভাৰত হেলথ একাউণ্ট (আভা, বিনামূলীয়া ঔষধ, তেজ পৰীক্ষা, অসংক্ৰমিত ৰোগ (মধুমেহ/ উচ্চ ৰক্তচাপ/ কৰ্কট ৰোগ)ৰ পৰীক্ষা, আয়ুষ্মান ভাৰত কাৰ্ডৰ ই -কেৱাইচি কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাক্তৰ মনোৰম টায়েং, তথা উন্নত ভাৰত অভিযান কোষৰ সমন্বয়ক ডঃ বৰ্ণালী বৰুৱা আৰু ডাক্তৰ আয়ন দাস খণ্ড আঁচনি প্ৰবন্ধক শ্ৰীমন্ত বৰকাকটি, উপ খণ্ড আঁচনি প্ৰবন্ধক, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ হাজৰিকা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্র ছাত্ৰী সকল লগতে এ এন এম, আশা আৰু ৰাইজ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More