এন এছ চি এনৰ ধাৰাবাহিক অপহৰণকাণ্ড

এইবাৰ টাৰ্গেট হ’ল ভিলেজ প্ৰেছিডেণ্ট

0 12
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ মে’ : অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাত একপ্ৰকাৰে সমান্তৰাল প্ৰশাসন চলাই থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ দ্বাৰা সংঘটিত হৈছে ধাৰাবাহিক অপহৰণৰ ঘটনা। মাথোঁ কেইদিনমান পূৰ্বে যোৱা ৮ মে’ৰ পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ পৰা লংডিং জিলাত প্ৰবেশ কৰা এন এছ চি এনৰ ’কে-ৱাই এ’ গোটৰ সশস্ত্ৰ কেডাৰে বন্দুকৰ নলীৰ আগত অপহৰণ কৰিছিল লংডিং জিলাৰ লৌকছিম গাঁৱৰ গাঁওবুঢ়া নাফ’ বহামক। কিন্তু স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদ আৰু নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযানৰ পৰিপ্ৰেক্ষিতত ১০ মে’ত অৰুণাচল-নাগালেণ্ড সীমান্তৱৰ্ত্তী দুৰ্গম অঞ্চলত গাঁওবুঢ়া নাফ’ বহামক নগা বিদ্ৰোহীয়ে মুকলি কৰি দিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ যোৱাৰ পূৰ্বেই পুনৰ এন এছ চি এনৰ ’কে-ৱাই এ’ গোটৰ দ্বাৰা সংঘটিত হৈছে আন এক অপহৰণকাণ্ড । এইবাৰ নগা বিদ্ৰোহীৰ অপহৰণৰ কবলত পৰিছে লংডিং জিলাৰ পুমাও ভিলেজৰ প্ৰেছিডেণ্ট আলাই ৱাংচু। তেওঁক ৯ মে’ৰ মাজনিশা দুই সশস্ত্ৰ উগ্ৰপন্থীয়ে অপহৰণ কৰি নিয়া বুলি প্ৰকাশ। এই অপহৰণৰ লগত স্বয়ম্ভু ছাৰ্জেণ্ট আব’জাক ৱাংনাল’ আৰু স্বয়ম্ভু লেফটেনেণ্ট ৱাংজেন ৱাংছাহাম জড়িত থকা বুলি সন্দেহ কৰা হৈছে। ইফালে নিৰাপত্তা বাহিনীয়ে ঘটনাৰ পাছৰ পৰাই অভিযান অব্যাহত ৰাখিছে যদিও অপহৃতৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More