এন এছ চি এনৰ ‘নগা জাতীয় সিদ্ধান্ত’ গ্ৰহণ

0 29

    দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত এন এছ চি এন (আই এম)ৰ আঁকোৰগোজ দৃষ্টিভঙ্গীয়ে এতিয়া বিষয়টো জটিলৰ পৰা জটিলতৰ পৰ্যায়লৈ গতি কৰিছে। হেব্ৰ’ন কেম্পৰ নাগা আৰ্মীৰ জেনেৰেল হেডকোৱাৰ্টাৰত কালি অনুষ্ঠিত হোৱা বিদ্ৰোহী সংগঠনটোৰ জৰুৰী ‘ৰাষ্ট্ৰীয় পৰিষদ’ৰ বৈঠকত পুনৰ দৃঢ়তাৰে ঘোষণা কৰে যে, যিকোনো মূল্যৰ বিনিময়ত নগা জাতীয় নীতি অক্ষুণ্ণ ৰখা হ’ব আৰু ইয়াত কোনো ধৰণৰ আপোচ কৰা নহ’ব। নগা অধ্যুষিত সকলো অঞ্চলৰ পৰা অহা সংগঠনটোৰ প্ৰতিনিধিসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনত নগালোকসকলৰ বাবে এখন সুকীয়া পতাকা আৰু সংবিধানৰ দাবীটোৰ সন্দৰ্ভত পুনৰ ঐক্যমত পোষণ কৰা হয়। নগা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত ইতিমধ্যেই অধৈৰ্য হৈ পৰা বিদ্ৰোহী সংগঠনটোৱে কালিৰ সভাখনত কিছু কঠোৰ স্থিতি গ্ৰহণ কৰি সৰ্বসন্মতিক্ৰমে এটা ‘নগা জাতীয় সিদ্ধান্ত’ গ্ৰহণ কৰে। এই সিদ্ধান্তটোত কোৱা হৈছে যে, “নগা লোকসকলৰ ভৱিষ্যতৰ স্বাৰ্থত নগা লোকসকলে আজি এটা অনিশ্চিত ৰাজনৈতিক পৰিস্থিতিত এনে এটা জাতীয় সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে বাধ্য হৈছে। সেয়ে এন এছ চি এন (আই এম)ৰ সমূহ সদস্যই আজিৰ এই নগা ৰাষ্ট্ৰীয় পৰিষদত ভগৱান আৰু নগা ৰাইজক সন্মুখত ৰাখি গম্ভীৰতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে, নগা জাতিৰ অনন্য ইতিহাস আৰু নগা জাতীয় নীতি যিকোনো মূল্যৰ বিনিময়ত অক্ষুণ্ণ আৰু সুৰক্ষিত কৰা হ’ব।” লক্ষণীয় যে, বিদ্ৰোহী সংগঠনটোৱে এনে বিষয় সমূহৰ আলোচনা সাধাৰণতে কাউন্সিলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰে যদিও এইবাৰ এনে এখন সভা তেওঁলোকৰ সামৰিক কাৰ্যালয়তহে আয়োজন কৰিছিল। আনহাতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে কালি এটা বিবৃতিত কৈছে যে, নগা সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত কোনো ভিন্ন মতামত থকা উচিত নহয়। এখন সুকীয়া নগা পতাকা আৰু সংবিধানৰ বিষয়টোত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন( আই এম) দুয়োপক্ষই আঁকোৰগোজ হৈ থকাত সমাধান প্ৰক্ৰিয়াটো সম্পূৰ্ণকৈ স্থবিৰ হৈ পৰিছে। যি সময়ত জম্মু কাশ্মীৰৰ পৰা কেন্দ্ৰই সুকীয়া পতাকা আৰু সংবিধান প্ৰত্যাহাৰ কৰিছে, তেনেসময়ত নগা বিদ্ৰোহী সংগঠনটোৰ এই দাবীত চৰকাৰ সন্মত হোৱাৰ কোনো অৱকাশেই নাই।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত নাগালেণ্ডত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সৰ্বজন গৃহীত সমাধান এটা নোলালে ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগৰ্ভা হোৱাৰ সম্ভাৱনাই অধিক।

(শতাব্দৰ সংগ্ৰহ)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More