এন পি এছ বাতিলৰ দাবীত তিনিচুকীয়াত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৬ ঘন্টীয়া ধৰ্মঘট

0 34

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হঠকাৰী নীতি এন পি এছ বাতিলৰ দাবীত আজি তিনিচুকীয়াত অল ইণ্ডিয়া ৰে’লৱমেনছ ফেডাৰেচনৰ আহ্বানক্ৰমে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে ৬ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । দেশজোৰা এই ধৰ্মঘটত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডলৰ নিউ তিনিচুকীয়া, তিনিচুকীয়া, লিডু, ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিঙৰ লগতে লামডিঙ, আগৰতলা, শিলচৰ, ধৰ্মনগৰ, বদৰপুৰ, মালিগাঁও, গোৱালপাৰা, ৰঙিয়া, উত্তৰ লখিমপুৰ, বঙাইগাঁও, আলিপুৰদুৱাৰ, নিউ জলপাইগুৰি, শিলিগুৰি, কাটিহাৰ আৰু মালদা টাউনকে ধৰি মুঠ ৫২ টা শাখাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে নতুন পেঞ্চন নীতি বাতিলৰ উপৰি ভাৰতীয় ৰে’ল শিল্প আৰু দেশৰ লাভজনক উদ্যোগসমূহ এফালৰ পৰা ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী জনায় ৷ নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ প্লেটফৰ্মত অনশন ধৰ্মঘটত অংশ গ্ৰহণ কৰা ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে ৰে’ল শ্ৰমিকসকলে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি, দেশৰ তৈলক্ষেত্ৰ, কয়লা, বেঙ্ক, এয়াৰ ইণ্ডিয়া, পোষ্টেল এণ্ড টেলিকম আদি লাভজনক উদ্যেগ আৰু সম্পদসমূহ ব্যক্তিগত খণ্ডৰ হাতত এপদ এপদ কৈ গতাই যোৱা জনবিৰোধী নীতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷ যি সকল ৰে’ল শ্ৰমিকে দেশৰ সভ্যতা, সংস্কৃতি আৰু অৰ্থনীতিৰ বুনিয়াদ গঢ়ি আজীৱন দেশ সেৱা কৰিছে সেই ৰে’ল শ্ৰমিকসকলে অৱসৰৰ পাছত কোনো সামাজিক নিৰাপত্তা নাপাব । কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ভৱিষ্যৎ ঘোৰ অন্ধকাৰৰ দিশে ঠেলি দিছে । কেন্দ্ৰীয় চৰকাৰে সামাজিক দায়বদ্ধতাক উপসাহ কৰি প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ নকৰা পৰ্য্যন্ত এই গণতান্ত্ৰিক আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব বুলি শ্ৰমিক নেতা পুলক গগৈয়ে সকীয়াই দিয়ে ৷ উল্লেখযোগ্য যে সমগ্ৰ উত্তৰপূব সীমান্ত ৰে’লৱেত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে শাখাৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশ গ্ৰহণ কৰে ৷ পুৱা ৯ বজাৰ পৰা শান্তিপূৰ্ণভাৱে ৰূপায়ন কৰা অনশন ধৰ্মঘট বি‌য়লি তিনি বজাত অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰী তথা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন শাখা সভাপতি বৃন্দাবন কলিতাই প্ৰতিবাদকাৰীসকলক চৰবত সেৱন কৰাই অনশন ধৰ্মঘট ভংগ কৰায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More