সীমিত সংখ্যক কৰ্মচাৰীৰে চলি আছে এপেক্স বেংক

এপেক্স বেংক এমপ্লয়িজ ইউনিয়নৰ দ্বি বাৰ্ষিক অধিবেশনৰ সামৰণি

0 12

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪ এপ্ৰিল: সীমিত সংখ্যক কৰ্মচাৰীৰ দ্বাৰা চলায় অহা এপেক্স বেংকত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি অবিহনে বেংক পৰিচালনা কৰা অসম্ভৱ। যথেষ্ট কষ্টৰে গ্ৰাহকক সেৱা আগবঢ়াই অহাৰ লগতে গ্ৰাহকসকলে যথেষ্ট সহযোগিতা আগবঢ়াই অহাৰ বাবে বেংক চলি আছে। অৱসৰ গ্ৰহণৰ পাছত ৰিক্ত হৈ থকা পদ সমুহ পূৰণ নকৰাকৈ বেংক চলাই থকা অসম্ভৱ। ৪৯ সংখ্যক এপেক্স বেংক এমপ্লয়িজ ইউনিয়নৰ অধিবেশনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে এপেক্স বেংক এমপ্লয়িজ ইউনিয়নৰ সম্পাদক উপেন ভূঞাই । তেজপুৰৰ মাজগাঁওস্থিত শ্ৰী শ্ৰী শংকৰ মন্দিৰ অনুষ্ঠানত কাৰ্যকৰী সভাপতি দীপক দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত ৱৰ্কাচ ইউনিয়নৰ প্ৰাক্তন সভাপতি ভূপেন গোস্বামী, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমনি শইকীয়া নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।বক্তাসকলে এপেক্স বেংকক আদৰি লোৱাৰ বাবে যথেষ্ট সমস্যাৰ মাজৰেও চলি অহা বুলি কয়। বেংকটোৰ প্ৰতি থকা আস্থাৰ বাবে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহেও গ্ৰহণ কৰিছে। সভাত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতি কমল হাজৰিকাই ত্ৰি-বিংশতিতম সংখ্যা ‘উত্তৰকাল’ উন্মোচন কৰে। সভাই আগন্তুক দ্বি বৰ্ষৰ বাবে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সভাপতি, বিনয় কৃষ্ণ কাকতি কাৰ্যকৰী-সভাপতি আৰু উপেন্দ্ৰ নাথ ভূঞাক সম্পাদক হিচাপে লৈ ২৪ জনীয়া শক্তিশালী সমিতি গঠন কৰে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিবেশনৰ আজি পুৱা পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি দিপক দাসে।ইয়াৰ পাছতে শংকৰ মন্দিৰ অনুষ্ঠানৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More