এবছৰত অসমত মানৱ সৰবৰাহৰ ১৬১ টা গোচৰ পঞ্জীয়ন, ১২৩ টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

0 13

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুলাইঃ অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। মহিলা আৰু শিশু সুৰক্ষাৰে জড়িত বিভিন্ন চৰকাৰী বিভাগ, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা, শিক্ষানুষ্ঠান, টাটা ইনষ্টিটিউট অব ছচিয়েল চায়েন্স আদিৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। এনে অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে শক্তিশালী বহুমুখী পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰি সঞ্চালক প্ৰধান মহন্তই কয় যে এই বিষয়ৰ লগত জড়িত আৰক্ষী, সমাজকল্যাণ, শিক্ষা, শ্রম, স্বাস্থ্য আদি চৰকাৰী বিভাগসমূহৰ লগতে ৰাজ্যিক মহিলা আয়োগ, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ, শিক্ষানুষ্ঠান, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ মাজত সু-সমন্বয় আৰু সহযোগিতাৰ মাজেৰে এক কাৰ্য্যকৰী পৰিকল্পনা যুগুত কৰিব লাগিব। ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে তেওঁৰ ভাষণত আয়োগে এনে অপৰাধসমূহৰ বিৰুদ্ধে সম্প্রতি গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বৰ্ণনা কৰি অসম আৰক্ষীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰশংসা কৰে। অধ্যক্ষাগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষই সন্মিলিতভাৱে শিশু আৰু মহিলাৰ সুৰক্ষাৰ দিশত কাম কৰি যাব লাগিব। ভাষণ প্রশংগত অধ্যক্ষাগৰাকীয়ে এই ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সহযোগিতা কমনা কৰে। অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাই তেওঁৰ আদৰণি ভাষণত আৰক্ষীয়ে শিশু আৰু মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বিষয়টো চোৱা-চিতা কৰাৰ বাবে অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্য্যালয়ত আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ বিষয়াৰ তত্বাৱধানত গোট স্থাপন কৰাৰ কথা বৈঠকত অবগত কৰে। তেওঁ কয় যে ৰাজ্যখনৰ এঘাৰখন জিলাত “টাটা ইনষ্টিটিউট অব চ’ছিয়েল চায়েন্স”ৰ সহযোগত মহিলাৰ বাবে বিশেষ কোষ স্থাপন কৰি ভুক্তভোগী মহিলাক আইনী আৰু মনস্তাত্ত্বিকভাৱে সহায় আগবঢ়োৱাৰ উপৰি তেওঁলোকক কাউন্সিলিঙৰো ব্যৱস্থা কৰা হৈছে। এই সংক্রান্তত অসম চৰকাৰ আৰু “টাটা ইনষ্টিটিউট অব চ’ছিয়েল চায়েন্স”ৰ মাজত এখন বুজাবুজি চুক্তি ইতিমধ্যে স্বাক্ষৰ হৈছে। উপ-আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত ৰাজ্যখনৰ সকলো জিলাতে গঠন কৰা স্পেচিয়েল জুভেনাইল পুলিচ ইউনিট সমূহ সক্রিয় কৰি সকলো আৰক্ষী থানাতে ‘শিশু কল্যাণ বিষয়া’ মনোনীত কৰা হৈছে বুলিও অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ৩২০ খন আৰক্ষী থানাত মহিলা ‘হেল্প ডেস্ক’ আৰম্ভ কৰাৰ বিষয়ে অবগত কৰি কয় যে ১৩৩০ গৰাকীতকৈও অধিক আৰক্ষী বিষয়াক যোৱা দুবছৰত অপৰাধ অনুসন্ধান বিভাগৰ দ্বাৰা বিশেষ প্রশিক্ষণ প্ৰদান কৰা হৈছে। অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্য্যালয়ত ‘পৰিয়াল কাউন্সিলিং চেণ্টাৰ’ স্থাপন কৰাৰ কথা উল্লেখ কৰি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান কৃষ্ণাই ইউনিছেফৰ সহযোগত ‘শিশু মিত্র সমল কেন্দ্ৰ’ স্থাপনৰ লগতে সকলো জিলাতে মানৱ সৰবৰাহ বিৰোধী গোট স্থাপন কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ জনায় যে বিগত এটা বছৰত ১৬১ টা মানৱ সৰবৰাহৰ গোচৰ পঞ্জীয়ন হৈছে আৰু ১২৩ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু ১১০ গৰাকী শিশুকে ধৰি মুঠ ২৭৯ গৰাকী ভুক্তভোগীক উদ্ধাৰ কৰা হৈছে।
এই বৈঠকত অপৰাধ অনুসন্ধান বিভাগে প্ৰকাশ কৰি উলিওৱা “Handbook for Investigating Officers of Crimes against Women and Children” শীর্ষক এখন হাতপুথি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই উন্মোচন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More