এবাৰতে ৩০ গুণ তাপপ্রবাহ বাঢ়িছে দেশত !

ভয়ঙ্কৰ উদ্বেগৰ বার্তা বতৰ বিজ্ঞানীৰ

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মে’ : ভাৰতত এই বছৰ মার্চ মাহৰ পৰাই গৰম পৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰী তথ্যই কৈছে যে, বিগত ১২২ বছৰৰ ভিতৰত সকলোতকৈ গৰমৰ মাহ আছিল যোৱাটো মাৰ্চ। কেৱল ভাৰততেই নহয়, পাকিস্তানতো ক্রমশঃ গৰম বাঢ়িবলৈ আৰম্ভ কৰিছে। বতৰৰ হঠাৎ এনে পৰিৱর্তনে খোদ বতৰ বিজ্ঞানীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া বহু দেশৰ বতৰ বিজ্ঞানীসকলে এক গৱেষণাত কৈছে যে, মানুহৰ কর্মকাণ্ডৰ কাৰণে বতৰ আৰু জলবায়ুৰ পৰিৱর্তন, অর্থাৎ জলবায়ু পৰিৱর্তনৰ ফলতেই এই ব্যতিক্ৰম ঘটিছে। আৰু এই সকলোৰে ভিতৰত ভাৰত আৰু পাকিস্তানত এই ধৰণৰ তাপপ্রবাহৰ সম্ভাৱনা ৩০ গুণপর্যন্ত বাঢ়িছে।

  •  ২৯ জন বিজ্ঞানীৰ গৱেষণা
    সংবাদ সংস্থা AFPত প্রকাশিত খবৰ অনুযায়ী ভাৰত, পাকিস্তান, ফ্রান্স, আমেৰিকা, ব্রিটেইনসহ একাধিক দেশৰ ২৯জন বিজ্ঞানীয়ে এক গৱেষণা চলায়। তেওঁলোকৰ ৰেপিড এট্রিবিউচন ষ্টাডীত কার্যতঃ চাঞ্চল্যকৰ তথ্য উঠি আহিছে। তথ্যই কৈছে যে, হঠাৎ পৰিৱেশেৰ এনে পৰিৱৰ্তনৰ সম্ভাৱনা ৩০০০ বছৰৰ ভিতৰত গড়ে এবাৰ হয়। মানুহৰ কামৰ কাৰণে যেতিয়াৰ পৰা জলবায়ু পৰিৱর্তন আৰম্ভ হয়, তেতিয়াৰ পৰা বিশ্বৰ তাপমাত্রা ১.২ ডিগ্রী বাঢ়ি গৈছে। প্রচণ্ড গৰমৰ ব্যৱধান এতিয়া অনেক কমি গৈছে।
  • আৰু ভয়ংকৰ হৈ উঠিব
    দক্ষিণ এছিয়াত এনে অৱস্থা প্রায় ১০০ বছৰৰ ভিতৰত এবাৰ হ’ব পাৰে। ৱর্ল্ড ৱেদাৰ এট্রিবিউচন কনচর্টিয়ামে জনাইছে যে, যদি পৃথিৱী এনেদৰেই গৰম হ’বলৈ আৰম্ভ কৰে তেতিয়া হ’লে প্রাণঘাতী এই হিটৱেভৰ সময়সীমা আৰু কমিবলৈ আৰম্ভ কৰিব। কেৱল সেয়াই নহয়, যদি কেনেবাকৈ এই তাপমাত্রা এক-চতুর্থাংশ ডিগ্রী আৰু বাঢ়ি দুই ডিগ্রীপর্যন্ত যদি বাঢ়ি যায় তেতিয়াহ’লে এই ধৰণৰ হিটৱেভ প্রত্যেক পাঁচ বছৰৰ অন্তত আৰু ভয়ংকৰ হৈ উঠিব বুলি মত পোষণ কৰিছে বতৰ বিজ্ঞানীসকলে।
  •  ন্যূনতম ৯০ জনৰ মৃত্যু হৈছে
    ‘টাইমছ অৱ ইণ্ডিয়া’ত প্রকাশিত খবৰ অনুসৰি, বিজ্ঞানীসকলৰ দাবী— ভাৰত আৰু পাকিস্তানত সময়ৰ পূৰ্বেই আৰম্ভ হোৱা হিটৱেভৰ কাৰণে ন্যূনতম ৯০ জনৰ মৃত্যু হৈছে। মার্চ আৰু এপ্রিলতেই এনেহেন প্রচণ্ড গৰমৰ কাৰণে ভাৰতত ৭০ শতাংশ আৰু পাকিস্তানৰ ৩০ শতাংশ ক্ষতিগ্রস্ত হৈছে। আৰু এই কাৰণে প্রি-মনচুন বৰষুণৰ পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্রত প্রভাৱ পৰিব বুলিয়েই আশঙ্কা। যদিও ভাৰতত স্বাভাৱিকতকৈ ৭১ শতাংশ কম বৰষুণ হৈছে আৰু পাকিস্তানত ৬২ শতাংশ কম হৈছে।

বিজ্ঞানীসকলে কৈছে যে, গোটেই বিশ্বতেই যিদৰে গৰম বাঢ়িছে তাৰ ফলত জলবায়ু পৰিৱর্তন আৰু সঙ্কটজনক হৈ পৰিছে। বিপদ আৰু দ্রুতগতিত বাঢ়িছে বুলিয়েই আশঙ্কা। এই গৱেষণাতে আইআইটি দিল্লীৰ চেন্টাৰ ফৰ ইনফৰমেটিক ছায়েন্সৰ প্রফেছৰ কৃষ্ণা অচুতা ৰাও আছে। তেওঁ জনাইছে যে, ভাৰত আৰু পাকিস্তানত তাপমাত্রা উচ্চ মাত্রাত উপনীত হোৱাটো স্বাভাৱিক; কিন্তু এইবাৰ সেই প্ৰক্ৰিয়াটো খুব লৰালৰিকৈ অপ্রত্যাশিতভাৱে আৰম্ভ হৈছে। ইয়াৰ প্রভাৱ বহু দূৰপর্যন্ত থাকিব বুলি আশঙ্কা প্রকাশ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More