এভাৰেষ্টৰ চূড়াত চীনৰ বতৰ বিজ্ঞান কেন্দ্র

অভিযানত ১৬টা দলৰ মুঠ ২৭০ জন বৈজ্ঞানিক আৰু অভিযাত্রীৰ প্ৰচেষ্টা

0 46

 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মে’ : পৃথিৱীৰ সর্বোচ্চ শৃঙ্গ এভাৰেষ্টত বতৰ বিজ্ঞান কেন্দ্র স্থাপন কৰিলে চীনে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৪ মে’ বুধবাৰে দুপৰীয়া ১২. ৪৬ বজাত বৈজ্ঞানিক অভিযাত্রী দলৰ সদস্যসকলে মাউন্ট এভাৰেষ্টত সফলভাৱে বিশ্বৰ সকলোতকৈ উচ্চ বতৰ পর্যবেক্ষণ কেন্দ্রটো স্থাপন কৰে। চীনা সংবাদ মাধ্যমে জনাইছে যে, বতৰ বিজ্ঞানী আৰু অভিযাত্রীৰে গঠিত পাঁচটা দলে সন্মিলিতভাৱে ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শিখৰৰ অদূৰত ৮,৮৩০ মিটাৰ উচ্চতাত এই স্বয়ংক্রিয় বতৰ পর্যবেক্ষণ কেন্দ্রটো স্থাপন কৰিছে। ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত এভাৰেষ্টৰ নর্থ ফেছ বেছ কেম্পৰ পৰা সম্পূৰ্ণ প্রক্রিয়াটো পর্যবেক্ষণ আৰু পৰিচালনা কৰে চীনা বতৰ বিজ্ঞান দপ্তৰৰ বিষয়াই। গোটেইটো অভিযানত ১৬টা দলৰ মুঠ ২৭০ জন বৈজ্ঞানিক আৰু অভিযাত্রীয়ে অংশ লৈছিল। শিখৰত উপনীত হোৱা মূল দলত আছিল ১২ জন সদস্য। উল্লেখ্য যে এভাৰেষ্টৰ দক্ষিণ ঢাল আছে নেপালৰ ফালে আৰু উত্তৰ ঢাল আছে চীনা অধিকৃত তিব্বতৰ দিশে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More