এমজিএনৰেগা আঁচনিৰ পথ নিৰ্মানত ধন লুণ্ঠনৰ অভিযোগ তুলি ৰাইজৰ উত্তাল প্ৰতিবাদঃ

বিজেপি সংখ্যালঘু মৰ্চাৰ নেতাৰ বিৰুদ্ধে ৰাইজৰ এই প্ৰতিবাদ

0 6

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪আগষ্টঃ শোণিতপুৰ জিলাৰ ৭২নং বৰছলা সমষ্টিত স্বয়ং দলীয় নেতাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে।সমষ্টিটোৰ অন্তৰ্গত প্ৰায় সমুহ পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে যদি এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহণ কৰিবলৈ যেন কাৰো আহৰি নাই ।আনকি বিধায়ক গণেশ লিম্বুৰ ভূমিকাও ৰহস্যজনক আখ্যা দিছে প্ৰতিবাদ কৰি ৰাইজে । বৰছলাৰ বিধান সভা সমষ্টিৰ চিৰাজুলি গাওঁ পঞ্চায়তত বিজেপিৰ শোণিতপুৰ জিলা সংখ্যালঘু মৰ্চাৰ উপ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ ৰাইজৰ উত্তাল প্ৰতিবাদ৷ সংখ্যালঘু মৰ্চাৰ নেতা ৰফিকুল ইছলামৰ দুৰ্নীতি বন্ধক কৰক,পথ নিৰ্মাণত দুৰ্নীতিৰ তদন্ত কৰক, আমাৰ ৰাস্তা বনাই দিয়ক, পিএমএৱাই আঁচনিত দুৰ্নীতি বন্ধ কৰক,আমাক উচিত বিচাৰ লাগিবই আদি শ্লোগানৰে উত্তাল কৰি তোলে চিৰাজুলি পঞ্চায়ত এলেকাৰ ২নং মেধিচুবুৰীত ৷ ২নং মেধিচুবুৰী গাওঁত এমজিএনৰেগা আঁচনিৰ অধিনত ২০২০বৰ্ষত পথ নিৰ্মানৰ নামৰ প্ৰায় ৫লাখ টকা আৱন্টন হৈছিল । কিন্তু এইজন ঠিকাদাৰ ৰূপী বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা ৰফিকুল ইছলামে দুৰ্নীতি অনিয়ম সংঘটিত কৰি ৩৩হাজাৰ টকা কাম কৰিয়েই আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ৷ পালমৰা ধৰণে পথ নিৰ্মানৰ কাম কৰিয়েই আঁচনিৰ ধন কৰিলে লুণ্ঠন ৷ প্ৰতিবাদী ৰাইজৰ অভিযোগ এমজিএনৰেগাৰ ৫লাখ টকা আঁচনিৰ অধীনত পথ নিৰ্মানৰ কামত ৩৩হাজাৰ টকাৰ কাম কৰিলে৷এই সন্দৰ্ভত কালি ৰাইজে সভা অনুষ্ঠিত কৰিছিল৷ উক্ত সভাত এই গৰাকী বিজেপি নেতাই আঁচনিৰ ধন হৰলুকি কৰা বুলি ৰাইজৰ ওচৰত স্বীকাৰো কৰিছে বুলি প্ৰতিবাদকাৰী সকলে জানিব দিয়ে ৷ কিন্তু আঁচনিৰ লুণ্ঠন কৰা ধন ঘূৰাই নিদিওঁ বুলি কোৱাৰ পিছতেই ৰাইজ ক্ষোভিত হৈ আজি প্ৰতিবাদ সাব্যস্ত কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে৷ এই ক্ষেত্ৰত শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি এই গৰাকী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা তথা ঠিকাদাৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More