এমাহতে ফেচবুকত ৫৩,২০০ টা, ইনষ্টাগ্ৰামত ৭৭,০০০ টা ঘৃণা বিয়পোৱা পোষ্ট

সংশ্লিষ্টসকলৰ বাবে সাৱধান বাণী প্ৰেৰণ দুই কৰ্তৃপক্ষৰ

0 52

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ক্ৰমাৎ বৃদ্ধি পাইছে সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত ঘৃণা, হিংসা-বিদ্বেষ আৰু উচটনিমূলক কাৰ্যকলাপ। যোৱা ৩১ মে’ তাৰিখে প্ৰকাশ কৰা ‘মেটা’ৰ এখন প্ৰতিৱেদনত এই তথ্য সদৰী কৰা হৈছে।Instagram captions 1 তথ্য অনুযায়ী যোৱা এপ্ৰিল মাহত ফেচবুকে ৫৩,২০০ টা ঘৃণা বিয়পোৱা বিষয় (প’ষ্ট, ফ’টো, ভিডিঅ’, মন্তব্য ইত্যাদি) ধৰা পেলাইছে। এনে ধৰণৰ ঘটনা মাৰ্চ মাহৰ তুলনাত ৩৭.৮২ শতাংশ বৃদ্ধি পাইছে। মাৰ্চ মাহত এনেধৰণৰ বিষয়ৰ সংখ্যা আছিল ৩৮,৬০০ টা। তেনেদৰে ইনষ্টাগ্ৰামতো হিংসা আৰু উচটনি যোগোৱা ঘটনাৰ সংখ্যা প্ৰায় ৮৬ শতাংশ বৃদ্ধি পাইছে। মাৰ্চ মাহত ধৰা পেলোৱা মুঠ ৪১,৩০০ টা ঘটনাৰ বিপৰীতে এপ্ৰিল মাহত ইয়াৰ সংখ্যা ৭৭,০০০ হৈছেগৈ। সামাজিক মাধ্যম দুটাৰ কৰ্তৃপক্ষই জনোৱা মতে, এনেবোৰ ঘটনা আন ব্যৱহাৰকাৰী সকলে তেওঁলোকৰ দৃষ্টিগোচৰ কৰাৰ পূৰ্বেই ধৰা পেলোৱা হৈছে আৰু এনেবোৰ বিষয় তৎকালেই আঁতৰাই সংশ্লিষ্টসকলৰ বাবে সাৱধান বাণী প্ৰেৰণ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More