এল’ন মাস্কৰ পৰৱৰ্তী লক্ষ্য কোকা-কোলা !

ধনকুবেৰৰ টুইটক লৈ চাঞ্চল্য

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ এপ্ৰিল : টুইটাৰৰ পিছত কি এইবাৰ শীতল পানীয় প্রস্তুতকাৰী সংস্থা কোকা-কোলাৰ ফালে নজৰ দিছে আমেৰিকান ধনকুবেৰ এল’ন মাস্কে? আজি ২৮ এপ্ৰিলৰ পুৱা এটা টুইট কৰি তেনেধৰণৰেই চাঞ্চল্য বিয়পাই দিছে টেচলাৰ মহাকর্তা মাস্কে। নিজৰ টুইটাৰ একাউন্টত মাস্কে লেখিছে যে ইয়াৰ পিছত তেওঁ ‘কোকা-কোলা কিনিবলৈ আগবাঢ়িছে। কেৱল সেয়াই নহয়, কোকা-কোলা ক্রয় কৰি তাত ‘পুনৰ কোকেন মিহলাই দিব’ বুলিও জনায় তেওঁ। এটা বাক্যৰ টুইটটো আছিল এনেধৰণৰ— Next I’m buying Coca-Cola to put the cocaine back in. প্রকাশৰ লগে লগেই ভাইৰেল হৈ পৰে মাস্কৰ টুইট। ইতিমধ্যে প্রায় ১৫ লাখ মানুহে পছন্দ কৰিছে টুইটটো, ৰিটুইট হৈছে প্রায় চাৰে তিনি লাখবাৰ। জল্পনা কল্পনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই পুনৰ টুইট কৰি টুইটাৰক মজাৰ ঠাই কৰি তোলাৰ আহ্বান জনায় মাস্কে। কিন্তু মাস্কে যে সকলো সময়তে ঠাট্টা নকৰে, সদ্য টুইটাৰৰ মালিকানা দখলেই তাৰ প্রমাণ। মাস্ক-ভক্তসকলে মনত পেলাই দিছে যে, ২০১৭ চনত একেদৰেই টুইটাৰৰ দাম জানিব বিচাৰিছিল তেওঁ। তেতিয়া ঠাট্টা বুলি ভাবিলেও ৫ বছৰ পিছত ৪৪০০ বিলিয়ন ডলাৰত টুইটাৰ কিনি মাস্কে প্রমাণ কৰিলে যে, তেওঁ আচলতে ঠাট্টা কৰা নাছিল। অৱশ্যে কোনো কোনোৱে কৈছে যে, টুইটাৰ কিনিব পাৰিলে বুলিয়েই কোকা-কোলা কিনাটো সম্ভৱ নহয় মাস্কৰ পক্ষে। কাৰণ বর্তমান কোকা-কোলাৰ মুঠ বজাৰমূল্য ২৮৪০০ কোটি ডলাৰ। যিটো পৰিমাণ মাস্কৰ মুঠ সম্পত্তিৰ মূল্যতকৈয়ো বহু বেছি। প্রসঙ্গক্ৰমে উল্লেখ্য যে, আটলান্টাৰ এজন ঔষধ বিশেষজ্ঞ জন পেমবার্টন কোকা-কোলাৰ আৱিষ্কাৰক। ১৮৮৫ চনত পেমবার্টনে যি ফর্মুলাত এই পানীয় প্রস্তুত কৰিছিল তাত কোকা পাতৰ নির্যাস ব্যৱহাৰ কৰা হৈছিল। এয়া আছিল মাদক দ্রব্য কোকেইনৰ এক ৰূপ। কোকা-কোলাৰ ‘কোকা’ শব্দটোৰ আগমনো তাৰ পৰাই হৈছিল। কিন্তু স্বাস্থ্যৰ কথা মনত ৰাখি ক্রমে ক্ৰমে কোকেইনৰ পৰিমাণ কমাই অনা হ’ল শীতল পানীয়বিধত। অৱশেষত ১৯২৯ চনত কোকেইন সম্পূৰ্ণৰূপে বাদ দিয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More