এসময়ৰ কংগ্রেছৰ দুৰ্গ মাৰ্ঘেৰিটাত জুয়ে পোৰা সোণ বিচাৰি ভূপেন বৰা

0 16

শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ৫ মেঃ কংগ্রেছ দলটো পুনৰ শক্তি শালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুয়ে পোৰা সোণ বিচাৰি আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দুৰ্গ ৰূপে পৰিচিত মাৰ্ঘেৰিটা সমষ্টিত । সভাপতি ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশ গ্রহণ কৰে । কেইবাশ দলীয় কৰ্মীয়ে অংশ কৰা সভাখনত ২০১৪ চনৰ পৰা ধাৰাবাহিক ভাবে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মীসকলক প্রশংসা কৰি সভাপতি গৰাকীয়ে কয় যে দলীয় কৰ্মী সকলৰ দিহা পৰামৰ্শ, সমালোচনা আৰু সঠিক নিৰ্দেশনাৰে দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্রয়াস চলোৱা হব। বিভাজনৰ ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজৰ স্বাৰ্থত দলে কাম কৰিব বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে। কংগ্রেছ নেতা দেবব্রত শইকীয়াই সাংবাদিকৰ আগত বিজেপিয়ে প্রলোভনৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। গণতন্ত্রত প্রলোভনৰ ৰাজনীতি চলা উচিত নহয় বুলিও কয়। কংগ্রেছ দলৰ নেতা কৰ্মীৰ দল ত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্রশ্নৰ উত্তৰত নেতা গৰাকীয়ে কয় যে সুবিধা আৰু পদৰ আশাতো তেনে হব পাৰে। ব্লক কংগ্রেছৰ কাৰ্যকৰি সভাপতি তাৰা প্রসাদ দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চাৰিশৰো অধিক লোকে অংশ গ্রহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More