এ পি এছ চি কেলেংকাৰি অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি 

0 13
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰি গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। আনহাতে ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰি সন্দৰ্ভত বিচাৰৰ বাবে নিয়োজিত বিশেষ ৰাজহুৱা অধিবক্তা প্ৰদ্যুত কুমাৰ বৰাক তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ মুকলি কৰি দি সকাহ দিছে। ইপিনে পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সমুদ্ৰগুপ্ত দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। উল্লেখ যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৪ চনৰ পৰীক্ষাত সংঘটিত হোৱা অনিয়ম সম্পৰ্কত তদন্তৰ বাবে ৰাজ্য চৰকাৰ দুখন কমিটি গঠন কৰি দিছিল। উক্ত কমিটি দুখনক ২০১২ চনত অনুষ্ঠিত হোৱা এ পি এছ চি পৰীক্ষাৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দায়িত্ব অৰ্পণ কৰা হৈছিল। ২০১২ চনৰ এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষা সম্পৰ্কত দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰাৰ বাবে চৰকাৰে এখন পাঁচজনীয়া কমিটিও গঠন কৰি দিছিল। ২০১২ বৰ্ষৰ এ পি এছ চি পৰীক্ষাত হোৱা বেমেজালি সম্পৰ্কে ২০১৬ চনত পোহৰলৈ আহিছিল। বহুকেইগৰাকী এ চি এছ আৰু এ পি এছ বিষয়াই ৰাকেশ পালৰ দিনত বক্ৰ পথেৰে চাকৰি লোৱা বুলিও সেই সময়ত তথ্য প্ৰকাশ পাইছিল। ইয়াৰ পাছতে আৰক্ষীয়ে বহুকেইটা গোচৰ ৰুজু কৰি ৬০ গৰাকীকৈ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ২০১৬ চনত গ্ৰেপ্তাৰ হোৱা ৰাকেশ পাল বৰ্তমানেও কাৰাগাৰত আছে। এ পি এছ চিৰ বিয়াগোম নিযুক্তি কেলেংকাৰিৰ তদন্তত বহু নতুন তথ্য উন্মোচিত হৈ আহিছে। বক্ৰপথেৰে চাকৰি লোৱা বহু লোক জালত পৰাৰ সম্ভাৱনা আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More