ঐতিহাসিক ফাটবিহু আৰম্ভ

 উদুলি-মুদুলি ঢকুৱাখনাৰ ম'হঘূলি চাপৰি

0 112

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,১২ মে’: পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ‍্যমণ্ডিত ফাটবিহু আৰম্ভ হৈছে।WhatsApp Image 2023 05 12 at 8.23.45 PM 1 চাৰিকড়ীয়া নৈ বিধৌত উত্তৰ পাৰৰ ম’হঘুলি চাপৰিৰ সেউজ বাকৰিত ফাটবিহু আৰম্ভ হৈছে। ম’হঘুলি চাপৰিৰ প্ৰায় ৪০ বিঘা মাটিৰ সেউজ আৱেষ্টনীৰ ফাটবিহুতলীক কেন্দ্ৰ কৰি সমগ্ৰ ঢকুৱাখনাত এতিয়া উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বৃহত্তৰ ঢকুৱাখনা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলবোৰৰ পৰা ফাটবিহু তলীলৈ শ শ বিহুৱা- বিহুৱতীয়ে ঢাপলি মেলিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ হয় ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই কৰা পতাকা উত্তোলনৰে।ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতিয়ে।পুৱা ১১ বজাত বিহুদলসমূহক আনুষ্ঠানিকভাৱে বিহুতলীলৈ আদৰণি জনোৱা হয়।১২ বজাত ফাটবিহুৰ মঞ্চ মুকলি কৰে নিৱন্ধকাৰ ড° কেশৱ হাজৰিকাই । ভাষণত বক্তব্যত ড° হাজৰিকাই অসমীয়া সংস্কৃতিৰ এক অনন্য সম্পদ বুলি ফাটবিহুক অভিহিত কৰে ।ফাটবিহুৱে বিহুৰ প্ৰকৃত, অকৃত্ৰিম আৰু মৌলিক ৰূপ ধৰি ৰাখিবলৈ সক্ষম হৈছে।দুপৰীয়া আৰু বিয়লি ক্ৰমে মহিলাৰ টকা বিহু আৰু চেমনীয়াৰ বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহিলাৰ টকা বিহু গোলাঘাটৰ মৌনাম স্মৃতি পেগুৱে উদ্বোধন কৰাৰ বিপৰীতে চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে ডিব্ৰুগড়ৰ জিতেন দাসে। মহিলাৰ টকা বিহু আৰু চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতাত দুকুৰিৰো অধিক বিহুদলে অংশগ্ৰহণ কৰে।

১৩ মে’ত দ্বিতীয় দিনৰ কাৰ্যসূচীঃ পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে ফাটবিহুতলীত কপৌফুল আৰু গছপুলি ৰোপণেৰে দ্বিতীয় দিনৰ  কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰী শিক্ষয়িত্ৰী লাৱণ‍্য শইকীয়াই। দ্বিতীয় দিনাৰ অন‍্যতম কাৰ্যসূচী ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ ‘বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। আনহাতে পূৰ্ণ বয়স্কৰ হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট বিহুৱা খগেন গগৈয়ে ।আনহাতে প্ৰবীণ বিহুৱা -বিহুৱতীৰ সম্বৰ্ধনা অনুষ্ঠানটো শুভাৰম্ভ কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

১৪ মে’ তৃতীয় দিনৰ কাৰ্যসূচীঃ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে তৃতীয় দিনা শুভাৰম্ভ কৰিব বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ। ইয়াৰ পিছত দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব যাৰ বাবে ফাটবিহু অনন্য, একক আৰু মৌলিক বিহু হিচাপে স্বীকৃত সেই মুকলি বিহু ।ম’হঘুলি চাপৰিৰ ফাটবিহুৰ স্থায়ী বাকৰিৰ শ শ সেউজ বৃক্ষৰ তলত শতাধিক বিহুদলে মন-প্ৰাণ ঢালি অংশগ্ৰহণ কৰিব মুকলি বিহুত । বিয়লি মুকলি সভাত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলেই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ।সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখিব বিশিষ্ট লেখক, হাস‍্যৰসিক ব‍্যক্তি ডাঃ অঞ্জনজ‍্যোতি চৌধুৰীয়ে। আজিৰ প্ৰথম দিনটোতে ফাটবিহুতলীত দূৰ-দূৰণিৰ সহস্ৰাধিক বিহুপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More