ঐতিহাসিক, যুগান্তকাৰী ! এপালি ঔষধতে অন্তৰ্ধান কেন্সাৰ

0 117

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : ইতিহাসত প্রথমবাৰ ঘটিছে এনে ঘটনা। পৰীক্ষাৰ বাবে সেৱন কৰিবলৈ দিয়া ঔষধতেই অন্তৰ্ধান হৈছে কেন্সাৰ। এজনৰ নহয়। দৰব খাবলৈ দিয়া সকলো কেন্সাৰ ৰোগীৰ ক্ষেত্ৰতেই এনে হৈছে। ১৮ জন ৰেক্টাল কেন্সাৰ ৰোগীক একেবিধ ঔষুধ দিয়া হৈছিল ৬ মাহ ধৰি। ছমাহ পিছৰ ফলাফলত দেখা যায় যে, প্রত্যেকেজনেই কেন্সাৰমুক্ত। চিকিৎসা বিজ্ঞানৰ ইতিহাসত যিটো নিঃসন্দেহে যুগান্তকাৰী ঘটনা। এই ঘটনাই কেন্সাৰ চিকিৎসাত এক আলোকিত পথ দেখুৱাব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে। Dostarlimab নামৰ এই ঔষধবিধ লেবৰেটৰিতেই তৈয়াৰী। এই ঔষধত থকা এটা মলিকিউলে মানৱ শৰীৰত এন্টিবডিৰ বিকল্প হিচাবে কাম কৰিছে। যি ১৮জন ৰোগীৰ ওপৰত এই ঔষধ প্রয়োগ কৰা হৈছিল, তেওঁলোকক পূৰ্বে কেমোথেৰাপিও দিয়া হৈছিল। দিয়া হৈছিল ৰেডিয়েছনো। কাৰো কাৰো অস্ত্রোপচাৰো কৰা হৈছিল। কিন্তু তাত আশানুৰূপ সাফল্য পোৱা নাছিল। পেটৰ অথবা মূত্রনালীৰ সমস্যা দেখা যায় অনেকৰ ক্ষেত্ৰত। কোনো কোনোৱে যৌন ক্ষমতা হেৰুৱাই পেলায়। ইয়াৰ পিছতেই চিকিৎসাৰ পৰৱর্তী ধাপ হিচাবে ৬ মাহ তেওঁলোকক Dostarlimab নামৰ ঔষধবিধ দিয়া হয়। আৰু তাতেই মিলে চমক দিয়া ফলাফল। উক্ত ১৮জন ৰোগীৰ শৰীৰত আৰু নাই কর্কট ৰোগৰ চিন মোকাম। তেওঁলোকক আৰু কোনো চিকিৎসাৰ প্রয়োজন নাই।

নিউয়র্কৰ Memorial Sullivan Catering Cancer Centerত চলোৱা এই পৰীক্ষা সম্পৰ্কত চিকিৎসকসকলে কয় যে, ঔষধৰ পৰীক্ষামূলক প্রয়োগতে সকলো ৰোগী সম্পূৰ্ণ ৰোগমুক্ত হৈ গৈছে। এনে ঘটনা কেন্সাৰৰ ইতিহাসত এয়াই প্রথম। ইতিমধ্যে এই বিষয়ে New England Journal of Medicineত প্ৰকাশ পাইছে উক্ত পৰীক্ষাত জড়িত Dr. Louis A. Diaz Jr.ৰ এটা প্ৰবন্ধ। একেই মতামত পোষণ কৰিছে কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও। ভৱিষ্যতে আৰু বৃহত্তৰ ট্রায়ালত ঔষধবিধে কেনে ফলাফল দেখুৱায়, তাৰফালে চকু দিব বিশেষজ্ঞসকলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More