ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”

বিভিন্নজনৰ ওপজা দিনৰ ওলগ

0 26

তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয়

নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ – – ঐশ্বৰ্য্য কাকতি

ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ দৰ্শন আছে – থানেশ্বৰ মালাকাৰ

সামাজিক দায়বদ্ধতাৰে নাটক লিখি আহিছে ঐশ্বৰ্য্য কাকতিয়ে –  পূৰ্ণেশ্বৰ নাথ

বেহাৰবাৰী আউট পোষ্টৰ মোহনখ্যাত দ্বীপজ্যোতি কেওঁটক অভিনন্দন

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া , ৩ নবেম্বৰঃ বিশিষ্ট নাট্যকাৰ – পৰিচালক, প্ৰাবন্ধিক, ঔপন্যাসিক তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতিয়ে নিজৰ ৭৯ সংখ্যক ওপজা দিনত ৰাইজক উপহাৰ দিয়া মননশীল নাটক “ছহাত মাথোঁ” উপভোগ কৰিবলৈ কালি নিশা তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগনত সমবেত হ’ল তেজপুৰৰ বিদ্বৎ সমাজৰ লগতে গৰিষ্ঠসংখ্যক ৰুচিশীল দৰ্শক। উল্লেখ্য যে, প্ৰতিবছৰেই ২ নবেম্বৰৰ ওপজা দিনটোত একোখনকৈ মননশীল নাটক ৰচনা কৰি দৰ্শকক উপহাৰ দি অহা ঐশ্বৰ্য্য কাকতিয়ে নিজে গঢ় দিয়া “ইউনাইটেড আৰ্টিষ্ট” ৰ উদ্যোগত তেজপুৰত একোখনকৈ নাটক উপহাৰ দি অহাৰ পিছত কালিও লিও টলষ্টয়ৰ এক বিশেষ কাহিনীৰ দৰ্শনৰ আলমত ৰচনা কৰি উলিওৱা অতি মননশীল নাটক “ছহাত মাথোঁ” ত তেজপুৰৰ একাংশ নিৰ্বাচিত দক্ষ অভিনয় শিল্পীয়ে অতি সাৱলীল অভিনয় কৰি ১ ঘণ্টা ১০ মিনিট সময় দৰ্শকৰ অন্তৰ জিনিবলৈ সক্ষম হয়।IMG 20221103 WA0047 সদ্য প্ৰয়াত পুৰোধা শিল্পী নিপন গোস্বামী, নীলপৱন বৰুৱা আৰু ৰবীন গায়নৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা নাটকখনৰ আৰম্ভণিতে ঐশ্বৰ্য্য কাকতিৰ এই প্ৰয়াসক সঁহাৰি জনাবলৈ ডিব্ৰুগড়ৰ পৰা উপস্থিত হোৱা কাকতিৰ অন্যতম সুহৃদ, শুভাকাংক্ষী ডা০ আকাশ বৰুৱা, নীলম বৰুৱা, গুৱাহাটীৰ বিশিষ্ট নাট্য সমালোচক তথা অভিনেতা নয়ন প্ৰসাদ, তপন দত্ত, মঙলদৈৰ বদান্য ব্যক্তি ডা০ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ লগতে একাংশ অন্য জিলাৰ শিল্প কলা ক্ষেত্ৰখনৰে জড়িত ব্যক্তিক ইউনাইটেড আৰ্টিষ্টৰ তৰফৰ পৰা সন্মান প্ৰদান কৰাৰ লগতে জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউট পোষ্ট” ৰ মোহন খ্যাত দ্বীপজ্যোতি কেওঁটক “ইউনাইটেড আৰ্টিষ্ট”ৰ হৈ ঐশ্বৰ্য্য কাকতিয়ে অভিনন্দন জ্ঞাপন কৰে ।আনহাতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট লেখক তথা অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য থানেশ্বৰ মালাকাৰে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি দীৰ্ঘদিনৰ পৰা ঐশ্বৰ্য্য কাকতিৰ সৈতে থকা বিশেষ সম্পৰ্ক আৰু তেওঁৰ সৃষ্টিশীল সত্বাই অনুপ্ৰাণিত কৰি আহিছে বুলি কৈ তেওঁৰ নাটকৰ এক সুকীয়া দৰ্শন আছে বুলি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। আনহাতে নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে ঐশ্বৰ্য্য কাকতিয়ে নাটক লিখিব লাগে বাবেই নিলিখি সামাজিক দায়বদ্ধতাৰে এতিয়ালৈকে যি কেইখন নাটক ৰচনা কৰিছে আটাইকেইখন নাটকেই মানুহ আৰু সমাজৰ মংগলৰ কথা জড়িত হৈ আছে বুলি মন্তব্য কৰে। উল্লেখ্য যে, অনুষ্ঠানটিত নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতিক শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা ৭৯ সংখ্যক ওপজা দিনৰ ওলগ জ্ঞাপন কৰাৰ লগতে অতিথি ৰূপে অংশগ্ৰহণ কৰা থানেশ্বৰ মালাকাৰ, উদ্বোধক পূৰ্ণেশ্বৰ নাথৰ লগতে বিভিন্নজন শুভাকাংক্ষীয়ে গ্ৰন্থৰ টোপোলা, ফুলৰ টোৰা, কলম আদিৰে ওপজা দিনৰ ওলগ জ্ঞাপন কৰে।আনহাতে বেহাৰবাৰী আউট পোষ্টৰ মোহন খ্যাত দ্বীপজ্যোতি কেওঁটে অভিনন্দন গ্ৰহণ কৰি অভিনয়ৰ ক্ষেত্ৰত বহুদিনৰ পূৰ্বেই ঐশ্বৰ্য্য কাকতিৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি নাটক আৰু অভিনয় সম্পৰ্কে বহু কথাই ঐশ্বৰ্য্য কাকতিৰ দৰে বিশিষ্ট নাট্যকাৰ – পৰিচালক গৰাকীৰ পৰা শিকি আহিছোঁ বুলি কৈ এনে এগৰাকী ব্যক্তিৰ ওপজা দিনত উপস্থিত হৈ তেওঁৰ নাটক উপভোগ কৰিবলৈ পোৱাতো গৌৰৱৰ কথা বুলি মন্তব্য কৰে। আনহাতে অনুষ্ঠানটিত ঐশ্বৰ্য্য কাকতিয়ে তেজপুৰৰ বিদ্বৎ সমাজে তেওঁৰ নাটক উপভোগ কৰিবলৈ ওলাই অহা আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰাও তেওঁৰ নাটক উপভোগ কৰিবলৈ উপস্থিত হোৱা শুভাকাংক্ষী সকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি প্ৰদান কৰা চমু ভাষণত নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ বুলি মন্তব্য কৰে। ৭৯ বছৰীয়া দুৰন্ত তৰুণ ঐশ্বৰ্য্য কাকতিয়ে আমৃত্যু পৰ্যন্ত সমাজৰ অপশক্তিৰ বিৰুদ্ধে নাটকৰ মাধ্যমৰে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও কয়।IMG 20221103 WA0072 ইয়াৰ পিছতেই বহু আকাংক্ষিত নাটকখন মঞ্চস্থ হয়। দিগন্ত কুমাৰ ভূঞাৰ সংগীত, শোণিত জ্যোতি শইকীয়াৰ পোহৰ পৰিকল্পনা, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা, জোন কোঁচৰ দৃশ্য সজ্জা আৰু উজ্জ্বল শইকীয়াৰ পোহৰৰ সহযোগিতাৰে বলিষ্ঠ মঞ্চায়ন হোৱা নাটকখনৰ মূল চৰিত্ৰত এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী চিমী গোস্বামী, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, পুতুল বৰুৱা, ৰাজীৱ শৰ্ম্মা, উজ্জ্বল শইকীয়া, প্ৰদীপ শৰ্মা, অবনী বৰা, নিতুমণি কলিতা আৰু নৱাগত ভাৰ্গৱ কলিতাই অতি দক্ষতাৰে অভিনয় কৰি ৰুচিশীল দৰ্শকক আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More