ওচৰ চাপিব মঙ্গল, শুক্র, বৃহস্পতি আৰু শনি

মহাকাশত বিৰল দৃশ্য

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ এপ্ৰিল : ৰাতিৰ আকাশ যেন এক যাদুকৰৰ মঞ্চ ! মাজে সময়ে তাত দেখা পোৱা দুর্দান্ত মহাজাগতিক দৃশ্য দেখি মুগ্ধ হয় মহাকাশপ্রেমী। এইবাৰ তেনে মহাকাশপ্ৰেমীৰ বাবে নতুন সুখবৰ। এই মাহতে একে ৰেখাত ওচৰা ওচৰিকৈ দেখা যাব সৌৰজগতৰ চাৰি সদস্য— মঙ্গল (Mars), শুক্র (Venus), বৃহস্পতি (Jupiter) আৰু শনিক (Saturn)। বিজ্ঞানীসকলে জনাইছে যে, ইয়াৰ পূৰ্বে ২০২০ চনত বৃহস্পতি আৰু শনিক ওচৰা ওচৰিকৈ দেখা গৈছিল। এইবাৰ এই দুই গ্ৰহ ইমান বেছি ওচৰলৈ নাহিলেও পুৱতি নিশাৰ আকাশত আন দুটা গ্ৰহৰ লগত ওচৰা ওচৰিকৈয়ে দেখা যাব। যদিও মহাশূন্যত এই চাৰিটা গ্ৰহৰ দূৰত্ব কোটি কোটি কিলোমিটাৰ, তথাপি পৃথিৱীৰ পৰা দেখিলে এনে লাগিব যেন চাৰিওটা একেবাৰে ওচৰতে আছে। এপ্রিলৰ আৰম্ভণিৰ পৰাই শুক্র, শনি আৰু মঙ্গলক দেখা গৈছে পূৰ্বতকৈ ওচৰত। পিছত যিমানেই সময় আগুৱাইছে আৰু বেছি ওচৰ চাপি আহিছে শনি আৰু মঙ্গল। অৱশ্যে ইয়াৰ পিছৰে পৰা এই দুই গ্ৰহৰ মাজত দূৰত্ব পুনৰ বাঢ়িছে। কিন্তু আচল আকর্ষণ অপেক্ষা কৰি আছে এপ্রিলৰ শেষ সপ্তাহৰ বাবে। এপ্রিলৰ শেষত এই চাৰিটা গ্রহকেই দেখা যাব ওচৰা ওচৰিকৈ। যি এক বিৰল অৱস্থান হ’ব বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। উল্লেখ্য যে, ২০২১ চনতো ৰাতিৰ আকাশত ঘটা নানা মায়াময় দৃশ্যৰ সাক্ষী আছিল মহাকাশপ্রেমীসকল। ইয়াৰ মাজত অন্যতম আছিল চন্দ্রগ্রহণ আৰু সূর্যগ্রহণ। তদুপৰি বিগত অক্টোবৰত ৰাতিৰ আকাশত ওচৰা ওচৰিকৈ দেখা গৈছিল শুক্র, শনি আৰু বৃহস্পতিকে। জনা গৈছিল, কেতিয়াবা চন্দ্ৰৰ কাষত দেখা পোৱা যাব শুকতৰা তথা সন্ধ্যাতৰা তথা শুক্রৰ উজ্জ্বল চেহেৰা। আকৌ কেতিয়াবা বৃহস্পতি আৰু শনিৰ মাজত দেখা যাব পৃথিৱীৰ একমাত্র উপগ্রহটোক। এই বছৰো একাধিক মহাজাগতিক দৃশ্য দেখাৰ সুযোগ পাইছে মহাকাশপ্রেমীসকলে। ২০২২ চনত মুঠ চাৰিটা গ্রহণ আছে। ইয়াৰ ভিতৰত ২টা সূর্যগ্রহণ আৰু ২টা চন্দ্রগ্রহণ। মে’ আৰু নৱেম্বৰ মাহত হ’ব চন্দ্রগ্রহণ। ভাৰতৰ পৰাও দেখা যাব এই গ্ৰহণ। তদুপৰি আৰু নানা মহাজাগতিক দৃশ্য দেখা পোৱা যাব গোটেই বছৰজুৰি। উল্লিখিত চাৰিটা গ্ৰহৰ দৰে একে শাৰীত নিজকে ৰাখিবলৈ বুধ (Mercury) গ্ৰহেও চেষ্টা চলাব যদিও ব্যৰ্থ হ’ব সেই প্ৰয়াস। অহা ২৫ এপ্ৰিলৰ পৰা এই মহাজাগতিক পৰিঘটনা ২৭ এপ্ৰিললৈকে তুংগত উঠিব। ৩০ তাৰিখলৈকে এই পৰিঘটনাৰ ৰেশ মহাকাশত দৃশ্যমান হৈ থাকিব।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More