ওপজা দিনত নিজে গঢ়ি তোলা অনুষ্ঠানক সভাকক্ষ প্ৰদান কৰি বদান্যতাৰ পৰিচয় বিশিষ্ট লেখিকা – শিক্ষাবিদ ড° স্বাধীনতা মহন্তৰ

শিক্ষাৰ্থীয়ে গীত-মাতে-কবিতাৰে ওলগ জনালে শিক্ষাগুৰুক-বৰ্ণিল পৰিৱেশত ওপজা দিনৰ ওলগ

0 27

শতাব্দ প্ৰতিনিধি, তেজপুৰ অক্টোবৰ , ২১ অক্টোবৰ : বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক, লেখিকা ড° স্বাধীনতা মহন্তৰ ৭২ সংখ্যক ওপজা দিনত লেখিকা গৰাকীয়ে বদান্যতাৰ পৰিচয় দি নিজে গঢ় দিয়া তেজপুৰৰ সামাজিক – সংস্কৃতিক আৰু সাহিত্যৰ অনুষ্ঠান “সুদৰ্শন অসম”ৰ বাবে এক সভাগৃহ অৰ্পণ কৰে কালি ওপজা দিনৰ বৰ্ণাঢ্য এক অনুষ্ঠানত। উল্লেখ্য যে, কালি বিশিষ্ট সাহিত্যিক গৰাকীৰ ওপজা দিনটোতে ‘সুদৰ্শন অসম’ৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি নৱনিৰ্মিত এই সভাঘৰটি শুভাৰম্ভ কৰা হয়। তেজপুৰৰ প্ৰায়সমূহ অনুষ্ঠানৰে মাৰ্গদৰ্শনকাৰী স্বৰূপা, বহু দৰঙিয়ানৰ শিক্ষাগুৰু, শিশু সাহিত্যিক তথা বিশিষ্ট লেখিকা গৰাকীৰ ওপজা দিনটোতে ‘সুদৰ্শন অসম’ৰ অস্থায়ী সভাঘৰ মুকলি আৰু দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন তথা নতুন দুবছৰীয়া বিষয় বাচনী সাধাৰণ সভাখন কালি অনুষ্ঠিত হৈ যায় গীত – মাত – কবিতাৰ বৰ্ণিল অনুষ্ঠানৰ মাজেৰে ৷তেজপুৰ ভৈৰৱ নগৰস্থিত অনুষ্ঠানটোৰ স্থায়ী সভাপতি ড° স্বাধীনতা মহন্ত, তেখেতৰ পালিত ভাতৃ আৰু ভাতৃবধু প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অলক শৰ্মা আৰু গীতাঞ্জলী শৰ্মাৰ যৌথ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা সভাগৃহটি মুকলি কৰে সদৌ অসম নাট্য সন্মিলনৰ উপ সভাপতি মৃগেন চন্দ্ৰ বড়াই ৷ কালি ৭২ বছৰ পূৰ্ণ কৰা বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক ,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদিকা,অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীক ‘সুদৰ্শন অসম’ৰ সদস্য সদস্যাসকলে শুভেচ্ছা আৰু ওলগ জনাই এক উৎসাহপূৰ্ণ প্ৰেৰণাৰ দিনৰূপে পালন কৰে ৷  সভাঘৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে কাৰ্য্যকৰী সভাপতি সু অভিনেতা সমাজকৰ্মী ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাই স্থায়ী সভাপতি ড°স্বাধীনতা মহন্তৰ উপস্থিতিত প্ৰাক্তন প্ৰধান সম্পাদক ৰাতুল দাসক কাৰ্য্যকৰী সভাপতি আৰু তৰুণ ৰাজবংশীক প্ৰধান সম্পাদক,শৈলেন্দ্ৰ কুমাৰ নাথ আৰু ৰশ্মিৰেখা হাজৰিকাক যুটিয়া সম্পাদক নিৰ্বাচিত কৰি এখন নতুন শক্তিশালী কাৰ্য্যকৰী সমিতি গঠন কৰি দিয়ে ৷ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অলক শৰ্মাক কৰ্ণধাৰ সমিতিৰ আহ্বায়ক,ভূপেন শৰ্মাক সভাপতিৰূপে লৈ কৰ্ণধাৰ সমিতিখন গঠন কৰি, দিব্যজ্যোতি দাসক কোষাধ্যক্ষ হিচাপে কৰা হয় ৷দুটা কাৰ্য্যকালৰ পিচত এইবাৰ আইন উপদেষ্টা পদটো পুনৰ বিবেচনা নকৰা পৰ্যন্ত স্থগিত ৰখা হয় ৷ ‘সুদৰ্শন সেৱা বাহিনী’ ‘সুদৰ্শন সাহিত্য বিভাগ’ ‘সুদৰ্শন সাংস্কৃতিক বিভাগ’ ‘সুদৰ্শন শিক্ষা বিভাগ’ ‘সুদৰ্শন প্ৰচাৰ বিভাগ’ আদিকৈ কেইবাখনো উপ সমিতিও গঠন কৰা হয় ৷ উপদেষ্টামণ্ডলীত ক্ৰমে, ৰঞ্জন কুমাৰ মহন্তক সাহিত্য বিভাগৰ,লিখন শৰ্মা আৰু গৌৰৱ মহন্ত সাংস্কৃতিক বিভাগৰ,পংকজ বৰুৱা আৰু পুলক কুমাৰ ডেকাক মিডিয়া উপদেষ্টা কৰা হয় ৷ দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড°পলাশমণি শইকীয়াক পুনৰ শিক্ষা বিভাগৰ সভাপতিৰূপে লৈ,সচিব আৰু উপ সচিব ড° নীলাঞ্জনা শৰ্মা আৰু অৰুন্ধতী পটংগীয়াক নিৰ্বাচন কৰা হয় ৷ ড° মনোজ কুমাৰ হাজৰিকা ‘সুদৰ্শন সেৱা বাহিনী’ৰ সভাপতি,অৰ্চনা দাস আৰু দীপাংকৰ নাথ যুটীয়া সম্পাদক; মৃগেন চন্দ্ৰ বড়া সাহিত্য বিভাগৰ সভাপতি, ৰিঞ্জুমণি নেওগ বৰা উপসভাপতি আৰু ইন্দ্ৰানী কলিতা সম্পাদক ,ৰাঘৱ মহন্ত মুখপত্ৰৰ সম্পাদক ; সাংস্কৃতিক বিভাগৰ সভাপতি সীমান্ত কাকতি আৰু সম্পাদক ড°হেমন্তজ্যোতি নাথ, সহকাৰী সম্পাদক সঞ্জয়কৃষ্ণ গোহাঁই বৰুৱা ,প্ৰচাৰ বিভাগৰ সভাপতি প্ৰিয়ংকা দাস বৰা আৰু সম্পাদক যুটীয়াভাৱে প্ৰৱাল গোস্বামী আৰু মানস প্ৰতীম শৰ্মা; সাংগঠনিক সম্পাদক তিনিগৰাকী ক্ৰমে সাধন নাথ,পৰাগ শৰ্মা আৰু পাপৰি দাসক নিৰ্বাচন কৰা হয় ৷আৰম্ভণিতে বিদায়ী প্ৰধান সম্পাদক ৰাতুল দাসৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ,কোষাধ্যক্ষ ড°মনোজ কুমাৰ হাজৰিকাৰ হৈ অলক শৰ্মাই জমাখৰচৰ হিচাপ দাখিল কৰা সভাখনৰ অন্তত মিডিয়া উপদেষ্টা পংকজ বৰুৱাই বিশিষ্ট লেখিকা গৰাকীক ওপজা দিনৰ ওলগ জ্ঞাপন কৰি ভাষণ প্ৰদান কৰাৰ লগতে সাংবাদিক – নাট্যকাৰ পুলক কুমাৰ ডেকাইও ওলগনি ভাষণ প্ৰদান কৰে। ভালেসংখ্যক সদস্যৰ অনুভৱ দিহাপৰামৰ্শৰে সাধাৰণ সভাখনৰ সামৰণি পৰে ৷সাধাৰণ সভাৰ পিচতে কবিতা পাঠ সমবেত সংগীত আবৃত্তি সংলাপ গীতমাতৰ সমাহাৰেৰে এক বাৰেৰহণীয়া অধিৱেশনৰ আৰম্ভণিৰে ২০২২ চনৰ ২০ অক্টোবৰ দিনটো ‘সুদৰ্শন অসম’ৰ আৰু স্থায়ী সভাপতি ড°স্বাধীনতা মহন্তৰ বাবে এক স্মৰণীয় দিন ৰূপে পৰিগণিত হয় ৷অধিৱেশনত বিশিষ্ট সংগীতশিল্পী সীমান্ত কাকতি,প্ৰতিশ্ৰুতিপূৰ্ণ নৱাগত কন্ঠশিল্পী দীক্ষিত মহন্ত, জ্যোতিদীপ বৰা,ৰিমঝিম পটংগীয়াৰ গান; সাধন নাথ,দীপাংকৰ নাথ,বিদিশা মধুকল্য,বিস্তীৰ্ণা বৰা,নৱাগতা সদস্যা পুনম পাৰিজাতৰ কবিতা পাঠ ; অৰ্চনা দাস,দিব্যজ্যোতি দাস,তৰুণ ৰাজবংশী আৰু অলক শৰ্মাৰ আবৃত্তি,ভূপেন শৰ্মা,সঞ্জয়কৃষ্ণ গোহাঁই বৰুৱা আৰু ৰাতুল দাসৰ সংলাপেৰে মুখৰিত হৈ পৰা শেষৰ অনুষ্ঠানটিৰ আঁত ধৰে নৱাগত প্ৰধান সম্পাদক তৰুণ ৰাজবংশীয়ে৷ অধিৱেশনৰ অন্তত গৃহস্থ অলক শৰ্মাই শলাগৰ শৰাই আগবঢ়াই ৷দিনজোৰা কাৰ্য্যসূচীত বিশিষ্ট লেখিকা মায়া শৰ্মা, নগাঁৱৰ ড০ বিউতি মহন্ত, পাপৰি দাস,দীপান্বিতা দাস বৰা,জোনমণি মহন্ত,অলকা শৰ্মা,ৰশ্মিৰেখা হাজৰিকা,ৰঞ্জিৎ শৰ্মা,পৰাগ শৰ্মা প্ৰমুখ্যে ভালে সংখ্যক সদস্যৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More