অৰিন্দম তালুকদাৰ
আমি শৈশৱ আৰু কৈশোৰৰ তিনিবছৰমান অসমৰ পশ্চিম প্ৰান্তৰ কোকৰাঝাৰত কটাইছিলো আৰু তেতিয়াই জিভাত লাগিছিল তাহানিৰ গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ ( এতিয়া ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ) কঁঠালৰ সোৱাদ। চাপৰ,বইটামাৰী, বিলাসীপাৰা, কোকৰাঝাৰৰ কাঠল/কাটল (কঁঠাল) একোটা একেবাৰে সৰুৰ পৰা প্ৰকান্ড ডাঙৰ আকৃতিৰ একোটালৈকে আছিল। আমি অৱশ্যে সৰু কঁঠালবোৰ হে পছন্দ কৰিছিলো। দেখাত সৰু কিন্তু ভিতৰত অসংখ্য কোঁহ। কঁঠালৰ কোঁহবোৰ মঙহাল, গুটিটো একেবাৰে সৰু, সেই তেজপুৰৰ ৰাবাৰ বাগানৰ লিচুৰ লেখীয়া। গোন্ধে মলমলাই থকা কোঁহবোৰ চেনীতকৈও মিঠা আছিল। ডাঙৰ কঁঠাল বিলাকৰ অতুলনীয় সোৱাদৰ কথা কবই নালাগে। পশ্চিম অসমৰ কঁঠাল বিলাক বৰ ভালকৈ পকে আৰু খুব মিঠা হয়।সৰুতে সেইযে কঁঠালৰ সোৱাদ জিভাত লাগিল তাৰ পাছৰে পৰা কঁঠাল আমাৰ এবিধ প্ৰিয় ফল। অৱশ্যে অলপ আধা পকা ধৰণৰ খজা কঁঠাল বিধ আমাৰ সিমান প্ৰিয় নহয়। আজি কিছু বছৰ আগতে এদিন গোলোকগঞ্জৰ পৰা ওভতি আহোঁতে গৌৰীপুৰৰ ওচৰত ৰাজপথত লানি লানি কৈ ঠেলা গাড়ীত,চাইকেলত কঁঠাল লৈ অহা দৃশ্য দেখি মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলো। ইম্মান কঁঠাল! মই অসংখ্য ছবি লৈছিলো। বঙাইগাঁৱৰ খগড়পুৰ, গাৰো দোকান বা তুলুঙীয়া বজাৰৰ দিনা কেৱল কঁঠাল আৰু মাটি কঁঠালৰ ছবি লবলৈকে আমি কেবাবাৰো ৰাতিপুৱাই বজাৰত উপস্থিত হৈছো। তেনেদৰে গাৰো জনবসতিপ্ৰধান নিগমঘোলাতো কঁঠাল
চাবলৈকে বহুতবাৰ গৈছো। এই কঁঠালবোৰৰ সৰহভাগেই পাইকাৰী বেপাৰীয়ে খুব কম বেচ দি কিনি লৈ যায়। উজনি অসমৰ তিনিচুকীয়া জিলাৰ কঁঠালৰো বৰ সোৱাদ। বৰ্তমান কঁঠালৰ বতৰ, চৌদিশে কঁঠাল পকিছে,বাটে-ঘাটে ভৰি পৰিছে কঁঠাল। অসমত ৰঙালী বিহুৰ পাছৰে পৰা কঁঠাল খোৱা আৰম্ভ হয়। প্ৰথমে কঁঠালৰ মুচিৰ তৰকাৰী খোৱা হয়। কেঁচা কঁঠাল একোটি ডোখৰ ডোখৰ কৈ কাটি সিজাই লৈ মা-মচলা দি ৰন্ধা এখন তৰকাৰী অসম,বংগ,বিহাৰ আৰু
আন আন ঠাইত খোৱা হয়। এই তৰকাৰীখন নমোৱাৰ আগে,আগে অকণ গৰমচলা আৰু গৰুৰ ঘিউ দিলে গোন্ধতো অপূৰ্ব হয়। আমাৰ বাবে এইখন এতিয়াও নিৰামিষ আহাৰৰ লগত মাংসৰ পৰিপূৰক। বিহাৰী ঠাকুৰসকলে কঁঠালৰ তৰকাৰীখন যথেষ্ট মচলাদাৰ কৰি বৰ সোৱাদকৈ ৰান্ধে।মাংসৰ লেখীয়াকৈ কেঁচা কঁঠাল ৰান্ধি খালেও কিন্তু মিঠৈৰ নিচিনা পকা কঁঠাল খোৱাতহে আচল মজা। হাত আৰু দা – কটাৰীত মিঠাতেল সানি কঁঠালটো কাটি (ভাঙি) লৈ কোঁহবোৰ উলিয়াই খাই গলেই হ’ল। কিছুলোকে খোৱাৰ আগতে গুটি খিনি গুচাই লয়। কঁঠালৰ কোঁহবোৰ গুটি আজৰাই গোটে গোটে গিলি খোৱাৰ উপৰিও কঁঠাল চেকি ৰসখিনিওখোৱা দেখা যায়। তাৰ উপৰি চেকা কঁঠালৰ ৰস, পিঠাগুড়ি আৰু গুড় মিহলাই পিঠা কৰিও খোৱা হয়।এনে পিঠা কলপাতত মেৰিয়াই চেপেটাকৈ কৰিলেও বৰ জুতি লগা হয়। পিঠাখনৰ গাত কলপাতৰ শাৰীবোৰ জিলিকি থাকে আৰু খাওঁতে কলপাতৰ গোন্ধটো নাকত লাগে। আমি জনামতে পকা কঁঠালৰ মিশ্ৰণেৰে বংগত সন্দেশো কৰা হয়। চুবুৰীয়া বাংলাদেশকে ধৰি বহু ঠাইত পকা কঁঠাল ভাতৰ লগতো খায়। আমি মহাৰাষ্ট্ৰত থাকোতে ঠেলা গাড়ীত ডাঙৰ ডাঙৰ কঁঠাল ভাঙি কোঁহবোৰ প্লেটত বিক্ৰী কৰা দেখিছিলো,সেই কঁঠালবোৰ আমাৰ খজা কঁঠালৰ লেখীয়া, অলপ টানটান, মিঠা কম। তামিলনাডু আৰু কেৰালাতো আমি এনেদৰে প্ৰকান্ড কঁঠাল একোটা কাটি বিক্ৰী কৰা দেখিছিলো। পকা কঁঠালৰ কোঁহৰ লেখীয়াকৈ কঁঠালৰ গুটিৰো আছে অনন্য সোৱাদ। কঁঠালৰ গুটিবোৰ ভালদৰে ধুই ৰদত শুকুৱাই থৈ ভালেমান দিনলৈ খাব পাৰি। শুকান বাকলি খিনি গুচাই কঁঠালৰ গুটি মচুৰ বা ৰহৰ দাইলত দি নিমখ-তেল সানি পিটিকা কৰি খাবলৈ কি যে সোৱাদ!তেনেদৰে কঁঠালগুটি পুৰি পিটিকা কৰি খাবলৈও বৰ সোৱাদ লাগে। জ্বলা,জ্বলা গোন্ধতো কেঁচা মিঠাতেলৰ গোন্ধটোৰ সৈতে নাকত লাগে,তাত অকণ ভোট জলকীয়া দিলে আৰু উত্তম হয়। আমাৰ বজাৰবোৰত আজিকালি কঁঠাল গুটি বিক্ৰী কৰাও দেখা যায়। বিগত সময়ত কভিড অতিমাৰীৰ সময়ত কঁঠালগুটিৰ উপকাৰিতাৰ বিষয়ে বিশেষ চৰ্চা হৈছিল। কঁঠাল গুটিত প্ৰচুৰ পৰিমাণে প্ৰটিন থকা বাবে মধুমেহ ৰোগীকো কঁঠালৰ গুটি খাবলৈ দিয়া হয়। কঁঠালগুটি থেতেলিয়াই বগাকৈ ৰন্ধা খাৰখন খাবলৈ কিযে সোৱাদ! এই খাৰখনত কোমোৰা বা লাওৰ কোমল পাত কুটি দিলে সোণত সুৱগা চৰে। থুপথুপীয়াকৈ ৰন্ধা বগা-বাদামী কঁঠালগুটিৰ খাৰখনত গাঢ় সেউজীয়া কোমোৰা পাতখিনি জিলিকি থাকে। অন্যান্য খাৰৰ আঞ্জাৰ লেখীয়াকৈ এইখন খাৰ নমোৱাৰ আগে আগে অলপ কেঁচা মিঠাতেল দিব লাগে। আমাক এবাৰ যোৰহাটত শ্ৰীমতীৰ জেঠাই এগৰাকীয়ে এনে কঁঠালগুটিৰ পিটিকাৰে মিঠা পেৰা কৰিও খুৱাইছিল। সকলোৰে প্ৰিয় এই কঁঠাল ফল বিধৰ জন্ম ঠাই দক্ষিণ পূৱ এছিয়াত বুলিয়েই খাদ্য ইতিহাসবিদ সকলে কব খোজে। তেওঁলোকৰ মতে ভাৰতবৰ্ষতেই কঁঠালৰ জন্ম হৈছিল। আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ ই জাতীয় ফল। সংস্কৃত ভাষাত কঁঠালক পানস/কন্টকফল বুলি উল্লেখ কৰা হৈছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙেই আছিল প্ৰথমজন বিদেশী নাগৰিক যিয়ে কঁঠালৰ সংস্কৃত নাম পানসৰ উদ্ধৃতি দি তেওঁৰ টোকাত কঁঠালৰ কথা উল্লেখ কৰিছিল। আৰম্ভণিতে বৌদ্ধ- জৈন ধৰ্মীয় সাহিত্যত কঁঠালৰ কথা বিশেষ উল্লেখ নাথাকিলেও ভাৰহুটৰ বৌদ্ধ ধৰ্মীয় স্তুপৰ ভাস্কৰ্যতো কঁঠালৰ ভাস্কৰ্য দেখা যায়। তেনেদৰে বৰাহমিহিৰৰ টোকাতো কঁঠাল গছৰ কথা বৰ্ণিত হৈছিল। প্ৰাচীন কালতে লিখা সংস্কৃত শ্লোকত পানস অৰ্থাৎ কঁঠালক বল বৰ্দ্ধক আৰু শুক্ৰ বৰ্ধক বুলিও কোৱা হৈছিল। মালায়লম ভাষাত কঁঠালক চাক্কা বুলি কোৱা হৈছিল। তামিল ভাষাত ই হলগৈ চাক্কেই। ভাৰতীয় খাদ্য ঐতিহাসিক এচামৰ মতে এই চাক্ক, চাক্কেই শব্দৰ পতুৰ্গীজ সকলৰ মুখত উচ্চাৰণ বিভ্ৰাট ঘটি জাক্কা আৰু তাৰ পৰাই jackfruit শব্দটো হৈছিল। দক্ষিণ ভাৰতীয় সাহিত্যত কঁঠালৰ বিষয়ে বৰ ধুনীয়া বৰ্ণনা উপলব্ধ। তেনে এক তুলনামূলক বৰ্ণনাত এগৰাকী বিবাহ সম্পন্ন কৰিবলৈ ওলোৱা ডেকাক তেওঁৰ ভাৱী পত্নীৰ বিষয়ে এইদৰে কোৱা হৈছিল যে তেওঁৰ বাগ্ দত্তা গৰাকী কঁঠালৰ কোমল ঠাৰিৰ লেখীয়া; যিদৰে পাতল ঠাৰি এডালে একোটা বৃহৎ কঁঠাল ধৰি ৰাখে তেনেদৰে তেওঁৰ বাগ্ দত্তা যুৱতী গৰাকীয়েও ভাৱী স্বামীক অপৰিসীম মৰম আৰু ভালপোৱাৰে ধৰি ৰাখিব। আন এক প্ৰসংগত তামিল সাহিত্যত এগৰাকী অঘৰী সংগীত শিল্পীয়ে কৃষকৰ সৈতে কঁঠাল খোৱাৰ কথা উল্লেখ আছে। বিভিন্ন প্ৰজাতিৰ বৃহৎ পৰিমাণৰ কঁঠাল উৎপন্ন হোৱা কেৰালা ৰাজ্যত ২০১৮ বৰ্ষত কঁঠালক জাতীয় ফল ৰূপে ঘোষণা কৰে।কেৰেলাৰ প্ৰখ্যাত পিঠা/মিঠাই উনি আপ্পামো পিঠাগুড়ি, জুলীয়া গুড়, কঁঠালৰ ৰস, মিহিকৈ কুটি ঘিউত ভাজি লোৱা নাৰিকল, গৰম মচলা আদি মিহলাই সাঁচ থকা তাৱাত তেলত ভাজি প্ৰস্তুত কৰে। এই উনি আপ্পম মালায়লি লোকসকলে গণেশ পূজাৰ প্ৰসাদ স্বৰূপেও আগবঢ়ায়।অনুৰূপধৰণে তেওঁলোকে কঁঠালৰ সলনি কল ব্যৱহাৰ কৰিও আপ্পম প্ৰস্তুত কৰে। কেৰালাত কঁঠালৰ চিপ্চো প্ৰস্তুত কৰা হয়। মৰক্কো দেশীয় পৰিব্ৰাজক ইবন বটুতায়ো কঁঠালক ভাৰতৰ শ্ৰেষ্ঠ ফল বুলি কৈছিল লগতে কিদৰে ৰঙামাটিৰ মাজত সুমুৱাই থৈ এবছৰলৈ কঁঠাল গুটি সংৰক্ষণ কৰি ৰাখিব পাৰি সেই কথাও উল্লেখ কৰিছিল।আমিৰ খুচৰোৱেও (খৃ ১৩০০) দিল্লীত আৰু আন এগৰাকী চীনা ভ্ৰমণকাৰী মা হুৱানে খৃ:১৪০০ শতিকাত বংগত যথেষ্ট সংখ্যক কঁঠাল প্ৰত্যক্ষ কৰাৰ বিষয়ে টোকাত লিখি থৈ গৈছে। আনহাতে মোগল সম্ৰাট বাবৰে কঁঠাল বৰ ভাল নাপাইছিল বুলি উল্লেখ আছে। ভাৰতলৈ অহা ইউৰোপীয় পৰ্যটকসকলে কঁঠালৰ বিষয়ে মনোগ্ৰাহীকৈ লিখি থৈ গৈছে। খ্ৰিষ্টীয় ষোল্ল শতিকাৰ আৰম্ভণিতে দক্ষিণ ভাৰত ভ্ৰমণ কৰা ইটালীয় পৰিব্ৰাজক লুড ভিকো ডি ভাৰ্থেমাই কঁঠালৰ বিষয়ে চমৎকাৰ বৰ্ণনা কৰি থৈ গৈছে। তেওঁ কঁঠালক এবিধ সুমিষ্ট সুস্বাদু ফল বুলি অভিহিত কৰি লিখিছে যে কঁঠালটো দেখিবলৈ পাৰস্যদেশীয় টেঙাফল এবিধৰ দৰে আৰু কঁঠাল খালে এনে লাগে কোনোবাই যেন সুগন্ধি তৰমুজ হে খাই আছে। তেওঁ কঁঠালৰ মাজত বিচাৰি পাইছিল মৌ আৰু সুমিষ্ট কমলাৰ সোৱাদ। আনএগৰাকী বিদেশী পৰিব্ৰাজক ফাৰনাও নুনিজে ষোল্ল শতিকাত বিজয়নগৰ ৰাজ্যৰ বজাৰত কঁঠাল উভৈনদী আছিল বুলি লিপিবদ্ধ কৰিছিল। কোম্পানী আমোলৰ বৃটিছ বিষয়া ৰবাৰ্ট অৰ্ মেই ১৭৪৩ চনত লিখা এটা টোকাত কঁঠালক এবিধ উত্তম,মিঠা আৰু উপকাৰী ফল বুলি উল্লেখ কৰিছিল।
আমাৰ অসমৰ ইতিহাস, লোকসাহিত্য, জতুৱা ঠাঁচ আদিত কঁঠালৰ উল্লেখ পোৱা যায়। গতিকে দেখা যায় যে অতীজৰে পৰা আমাৰ দেশৰ সুস্বাদু ফলবোৰৰ ভিতৰত এবিধ অন্যতম ফল হৈছে কঁঠাল। ভাৰতৰ সকলো ঠাইৰ লগতে আমাৰ অসমীয়া ৰাইজৰো অতীতৰে পৰা কঁঠাল এবিধ অতি প্ৰিয় ফল।
(সহায় লৈ)
ধন্যবাদ