ককাৰ ভাঙৰ চিলিমত মৰা হোপাটো… তাৰপিছত ?
দীপামণি হাজৰিকা বৰুৱা
নজনা কিবা এটাৰ বিষয়ে জানিবলৈ বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। সকলো মানুহেই নজনাটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে যদিও ডাঙৰ সকলতকৈ শিশুসকলৰ মনত অনুসন্ধিৎসু গুণটো বেছিকৈ থাকে। কিমান যে কথা, কিমান যে প্ৰশ্ন ! কল্পনা বিলাসী, কৌতুহলী সৰহসংখ্যক শিশুৱে নিজকে বিভিন্ন ৰূপত সেই নজনা বস্তুটোৰ লগত তুলনা কৰি চাবলৈ ভাল পায়। অপৰিপক্ব বয়সৰ বাবে শৈশৱ অৱস্থাত এজন শিশুৱে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মাক-দেউতাক অপাৰগ হয়। কিছুমান প্ৰশ্ন সঠিক ৰূপত বুজাই দিলেও শিশুসকলে বুজি নাপায় আৰু কেতিয়াবা বেছিকৈ কিছুমান কথা বুজাই দিলেও শিশু বিপথে যোৱাৰ সম্ভাৱনা থাকে। তথাপি চৌপাশৰ পৰিবেশ দেখি শিশুসকলে কৰা প্ৰশ্নসমূহৰ উত্তৰ যথাসম্ভৱ দিবলৈ চেষ্টা কৰি আন কিছুমান প্ৰশ্নৰ উত্তৰ অতি কৌশলেৰে এৰাই চলি বা আওপকীয়াকৈ অলপ সময় লৈ উদাহৰণসহ আভাস দিবলৈ চেষ্টা নকৰিলে কেতিয়াবা মাক-দেউতাক আৰু সমাজ বিপদত পৰিব লগীয়াৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয়।
ঘটনাটো যেতিয়া ঘটিছিল মই চতুৰ্থ শ্ৰেণীত আছিলোঁ।বৃত্তি পৰীক্ষা ওচৰ চাপিছিল।গতিকে ভালদৰে পঢ়াশুনাত মন দিছিলোঁ।আমাৰ ককাই তেতিয়া খুউৱ ভাং খাইছিল।জুহালৰ কাষত সদায় ভাঙৰ চিলিমটো লৈ ধোঁৱা উলিয়াই থাকে।আমি ভাং কি বস্তু সেইসময়ত নাজানিছিলোঁ।মা-দেউতাক সুধিলেও “ককাৰ বস্তু তহঁতে নুচুবি”, “চুব নাপায়” বুলি কয়। যিমানেই নুচুবি বুলি কয়, সিমানেই মোৰ আকৰ্ষণ বাঢ়ি যায় চিলিমটোলৈ।কি আচৰিত বস্তু!মুখত দিয়াৰ লগে লগে ধোঁৱাবোৰ কেনেকৈ ওলায় ! এবাৰ মুখত দি চাব পৰা হলে ! ককাৰ চিলিমটোত এহোপা মাৰি চোৱাৰ হেঁপাহটো লাহে লাহে বাঢ়ি আহিবলৈ ধৰে। কিন্তু কেনেকৈ??
এবাৰ অসুখ হৈ মা কেইদিনমানৰ বাবে লখিমপুৰৰ চিভিলত থাকিবলগীয়াত পৰিল।লগত দেউতা।ঘৰত আমি বাইভনী কেইজনীৰ লগত মাহী।মোৰ বৃত্তি পৰীক্ষালৈ মাত্ৰ দুদিন বাকী। সেইদিনা আছিল শিৱৰাত্ৰি। ওচৰতে থকা পেহীজনীয়ে মাতি নি অকনমাণ ভাঙৰ লাড়ু খাই চাবলৈ দিলে।চিলিমটোলৈ কৌতুহল এটা আছিল বাবেই ছাগে ভাং শব্দটো শুনাৰ লগে লগে লাড়ুটো খাই দিলোঁ। ইমান মিঠা! আৰু এটা খাবলৈ পোৱা হলে ! ঘৰলৈ আহি দেখিলোঁ, ককা গা ধুবলৈ গৈছে আৰু চিলিমটো আধা জ্বলি আছে।এই সুযোগকণ এৰিব পাৰিনে ! চিলিমটো লৈ দিলো জোৰকৈ এহোপা মাৰি।তাৰপিছত !! কি হৈছে নিজেই নাজানোঁ।মোক যেন কিহবাই উৰুৱাই লৈ গৈ ওচৰতে ধান মাৰি গোটাই থোৱা খেৰ এখিনিৰ মাজত পেলাই দিলেগৈ।বাৰে বাৰে চেষ্টা কৰিও উঠিব নোৱাৰিলোঁ।মাজে মাজে হাঁহি উঠোঁ, মাজে মাজে কান্দিবলৈ মন যায়।অলপ সময় এনেকৈ থকাৰ পাছত লাহে লাহে চকুৱে ধুৱলি কুঁৱলী দেখিবলৈ ললোঁ।শেষত সকলো আন্ধাৰ, নিমজ আন্ধাৰ…
যেতিয়া সাৰ পালোঁ, তেতিয়া সন্ধিয়া হৈছিল।বহুবাৰ চেষ্টা কৰি মূৰটো যেনেতেনে ডাঙি ঘৰলৈ গৈ দেখিলো আমাৰ চোতালত ওচৰৰ বহু মানুহ গোট খাই আছে।মাহীয়ে কান্দি আছে।সেই দুপৰীয়াৰে পৰা মোক বিচাৰি পোৱা নাই।অলপ আঁতৰৰ পৰা পৰিবেশটো লক্ষ্য কৰি ভয়ত কপি উঠিলোঁ।কি কৰোঁ ! ভাঙৰ নিচাত লাং খাই পৰি আছিলো বুলি কলে মোক মানুহবোৰে সুদাই এৰিবনে।ভয়ত ইতিমধ্যে নিচা পলাই ফাট মাৰিছিল।অলপ সময় কি কৰোঁ চিন্তা কৰি পুনৰ খেৰখিনিৰ ওচৰলৈ গৈ তাতে বহি কান্দিবলৈ ধৰিলোঁ।মোৰ চিঞৰ শুনি মানুহবোৰ দৌৰি ওচৰ পাই তাত কি কৰি আছিলো সুধিলে। সঁচা কথাটো কবলৈ ভয় কৰি বাহিৰলৈ আহোতে কিহবাত উজুটি খাই ইয়াতে পৰি গৈ কব নোৱাৰা হৈ গলো বুলি কলোঁ।বৰ বেছি দুষ্ট প্ৰকৃতিৰ ছোৱালী নাছিলো বাবে মানুহবোৰে বিশ্বাস কৰি ঘৰাঘৰি গ’লগৈ।মোক ডাঙি ভিতৰলৈ নিয়া মাহীয়ে অৱশ্যে ভাঙৰ মলমলীয়া গোন্ধটো ঠিকেই পালে।অলপ পাছতে দেউতাও আহি ঘৰ পালেহি।আচল কথাষাৰ ৰাতিলৈ মাহীৰ লগতে ভন্টিহঁতে গম পালে যদিও দেউতাক বৃত্তিৰ ৰিজাল্ট দিয়াৰ পাছদিনাহে কথাটো কৈ সৈ কাঢ়িলোঁ।দেউতাই অৱশ্যে মোক তেতিয়া বিশেষ একো নকৰিলে।কিয়নো তেওঁ হয়তো বুজি উঠিছিল, আমি কি বস্তু বুলি সুধি থাকোতেই ভাং কি বস্তু বুজাই দিয়াৰ লগতে ভাঙৰ বেয়া গুণখিনি বুজাই দিয়া হলে ককাৰ চিলিমটোৰ প্ৰতি মোৰ কেতিয়াও ইমান আকৰ্ষণ নাহিলহেঁতেন।।