কটনিয়ানৰ ধূমায়িত কৰক চাহকাপৰ ভিতৰলৈ জুমি…

0 1,002

অৰিন্দম তালুকদাৰ
বজালী জিলাৰ ভিতৰুৱা অঞ্চলৰ নিমুৱা গাঁৱৰ পৰা দৈনিক ৩৬ কিলোমিটাৰ চাইকেল চলাই অহা-যোৱা কৰি ল’ৰাজনে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত অধ্যয়ন কৰি ৮৬ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰি দুমাহমান ক্লাছ কৰাৰ পাছত আৰ্থিক অনাটনৰ কাৰণে কটন বিশ্ববিদ্যালয় এৰি উভতি যাবলগীয়া হ’ল। আকৌ আৰম্ভ হ’ল তিনিবছৰীয়া দৈনিক ৩৬ কিলোমিটাৰজোৰা চাইকেল যাত্ৰা। ল’ৰা জনে অধুনালুপ্ত বজালী কলেজত ৰাজনীতি বিজ্ঞান বিষয়ত সন্মান পাঠ্যক্ৰমত কেনেবাকৈ নামভৰ্তি কৰিলে, ঐচ্ছিক বিষয় ল’লে ইতিহাস। সেই সুবাদতে তেওঁ আমাক শিক্ষক হিচাপে পালে আৰু আজি পৰ্যন্ত তেওঁ আমাৰ সৈতে বৰ্তাই ৰাখিছে এক মধুৰ সম্পৰ্ক। বজালীৰ এই ল’ৰাজনৰ নাম বিজিত চৌধুৰী।বয়স ২২ বছৰ। বজালী কলেজৰ পৰা স্নাতক পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ তেওঁ আধাৰুৱা সপোন পূৰ্ণ কৰি যোৱা বছৰ কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ২য় ষান্মাসিকৰ ছাত্ৰ বিজিতে শেহতীয়াকৈ আৰম্ভ কৰিছে এক অভিনৱ আৰু উদ্যমী প্ৰচেষ্টা।IMG 20220913 WA0022 ক্লাছ কৰি অৱসাদ দূৰ কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ দুৱাৰমুখলৈ আহি বিজিতে দেখিছিল যে অজস্ৰ ফাষ্টফুডৰ দোকান ভৰি থকা কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দেখোন চাহ এটোপা পাব পৰা এখন ভাল চাহৰ বিপণী নাই! দক্ষিণ ভাৰতীয় ছবি মিছ ইণ্ডিয়াত চাহ ব্যৱসায়ৰ গুৰুত্ব আৰু ষ্টাৰ্ট আপৰ ধাৰণাটোৰ পৰা অনুপ্ৰাণিত হোৱা বিজিত চৌধুৰীয়ে আৰু পলম নকৰি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত নিজে চাহৰ দোকান এখন খোলাৰ সিদ্ধান্ত ল’লে। যেন the verger গল্পটোৰ পানবজাৰত পুনৰাবৃত্তি হ’ল। উল্লেখ্য যে তেওঁ তেতিয়ালৈ “এম বি এ চায়ৱালা”ৰ কথা শুনা/জনা নাছিল। ছাত্ৰ বৃত্তিৰ ৰাহি ধন অকণ আৰু ককায়েক উপকূল কলিতাৰ পৰা পোৱা আৰ্থিক সাহায্যৰে প্ৰায় ডেৰ লাখ টকা ব্যয় কৰি সম্পূৰ্ণ নতুন এখন চাহৰ বিপণী আৰম্ভ কৰিলে।কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, নেহৰু পাৰ্কৰ গাতে লাগি আছে বিজিত চৌধুৰীৰ চাহৰ বিপণি “কটনিয়ান কৰক চায়!”( বিজিতৰ কৰক চায় মানে কাঢ়া চাহ নহয়,কটনিয়ানে কৰা চাহ হে) বিজিতৰ এই যাত্ৰাত সহযোগী হ’ল তেওঁ যুৰীয়া ভাইটি। ভাইটিয়ে চাহ কৰে, খোৱাবস্তু তৈয়াৰ কৰে আৰু বিজিতে ব্যৱসায়িক দিশটো চায়। দিনটো ক্লাছ কৰি গধূলি ভায়েকক কামত সহায় কৰে। ৰাস্তাৰ আন্দোলনতকৈ কৰ্মৰ আন্দোলনত বিশ্বাসী বিজিতে নিজেই দোকানত চাহ পৰিবেশন কৰে তথা ফ্লাক্সত দোকানে দোকানে চাহ দিবলৈ যায়। যোৱা মাৰ্চ মাহত আৰম্ভ কৰা বিজিত চৌধুৰীৰ চাহৰ বিপণিয়ে ইতিমধ্যে এক পৰিচয় লাভ কৰিছে আৰু ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে। তাত বৰ্তমান গড় হিচাপত দৈনিক দুহেজাৰ টকাৰ ব্যৱসায় হয় আৰু সমাগত জাৰৰ দিনত চাহৰ বিক্ৰী বাঢ়িব বুলি তেওঁ আশাবাদী। চাহৰ বাহিৰে অসমীয়া লাড়ু পিঠাও কটনিয়ান কৰক চায়ত উপলব্ধ। সেয়া আকৌ বিজিতৰ মাতৃয়ে নিমুৱা গাঁৱৰ পৰা কৰি দি পঠিয়ায়।
দোকান খোলা দিনৰে পৰা বিজিতে আমাক তেওঁৰ চাহৰ বিপণিলৈ মাতি আছিল। ইয়াৰ আগতে এদিন গৈ তেওঁক লগ নাপালোঁ। আজি কটন বিশ্ববিদ্যালয়ত শৈক্ষিক কাম এটা কৰি উভতি আহোতে বিজিতৰ বিপণিত সোমালো আৰু সৌভাগ্য ক্ৰমে বিজিতকো লগ পালো। আবেলি সময়,তাতে চিপ চিপ বৰষুণ দি আছিল। চাহ একাপৰ বাবে উপযুক্ত সময় আৰু পৰিবেশ। গছৰ তলত বহি মাটিৰ গিলাচত মচলাৰ সুবাসেৰে আমোলমোলাই থকা থকথকীয়া গাখীৰ চাহ প্ৰায় দুকাপ খালো লগতে খালো বিজিতৰ মাতৃয়ে কৰা নাৰিকল দিয়া পিঠা। কি যে সোৱাদ! চাহৰ আমেজলৈ বিজিতৰ সৈতে পাতিলো বহুত কথা। আমাৰ বজালী কলেজৰ দিনবোৰ যেন কটন বিশ্ববিদ্যালয়ৰ সন্মুখলৈ উভতি আহিল।IMG 20220913 WA0021 স্ব নিয়োজনক আদৰ্শ ৰূপে লৈ আগবঢ়া বিজিতে জনালে যে তেওঁ পঢ়া- শুনাকো সমানেই অগ্ৰাধিকাৰ দিছে,সমাগত নেট পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছে আৰু তাৰ লগতে তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও পঢ়া-শুনা কৰি আছে। হবি হিচাপে অব্যাহত ৰাখিছে গীত, কবিতা আৰু নাটকৰ চৰ্চা। উদ্যমী ব্যক্তিৰ যথাৰ্থ উদাহৰণ বিজিত চৌধুৰীয়ে নিজ ভাতৃৰ সৈতে মিলি এজনো বেতন ভোগী কৰ্মচাৰী নৰখাকৈ বিপণীখন চলাই আছে আৰু মাহেকত ৬০,০০০/- মান টকাৰ ব্যৱসায় কৰিছে। স্বাভাৱিকতে বিজিতৰ ভৱিষ্যতে ব্যৱসায় বঢ়োৱাৰ লগতে ভাতৃ দুগৰাকী আত্ম প্ৰতিষ্ঠিত কৰোৱাৰ সপোন আছে। আমাৰ লগত কথা পাতি থকা সময়ত তেওঁৰ এই যাত্ৰাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী, বন্ধু বান্ধবী আৰু আন আন শুভাকাঙ্খী সকলৰ সহায় সহযোগিতাৰ কথা বাৰে বাৰে উল্লেখ কৰিলে। আমাৰ প্ৰাক্তন ছাত্ৰ বিজিত চৌধুৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More