কটন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ফাইনেলত

তেজপুৰত আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ অসম ক্ৰিকেট সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰিকেট সন্হাৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত চলি থকা নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেন্টৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি ফাইনেলত কটন বিশ্ববিদ্যালয় একাদশে মাধৱদেৱ বিশ্ববিদ্যালয় একাদশক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ টছত জিকি কটন বিশ্ববিদ্যালয়ে মাধৱদেৱ বিশ্ববিদ্যালয়ক প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ কৰে ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ে নিৰ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বনিময়ত ১০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷ দলৰ হৈ হিমাংকু ডেকাই সৰ্বাধিক ২৭ ৰানৰ অৰিহনা যোগায় ৷ কটন বিশ্ববিদ্যালয়ৰ হৈ হৰপল শইকীয়াই চাৰিটা উইকেটৰ দখল কৰে৷ প্ৰত্যুত্তৰত কটন বিশ্ববিদ্যালয়ে মাত্ৰ ১৪-৩ অভাৰত দুই উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ দলৰ হৈ প্ৰদুুণ্য শইকীয়াই অপৰাজিত ৫৩ ৰানৰ অৰিহনা যোগায় ৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰহৈ ৰাহুল দেউৰী আৰু যুগব্ৰত কাকতিয়ে এটাকৈ উইকেট অৰ্জন কৰে৷ উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত হব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More