কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ বিজেপিত যোগদান

0 41
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১৬ জুলাইঃ গেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা। সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। আজি বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিৰ যুৱ মৰ্চাত যোগদান কৰে। নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে মোৰ সামাজিক কাম কৰাৰ মন আছে। সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো। মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম।সেইটো মই কথা দিছো বুলি তেওঁ কয়। উল্লেখ যে কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। ইয়াৰ পাছতেই কটনত একাংশ কটনিয়ানে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুটা হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘাতৰো সৃষ্টি হৈছিল। আজি সভাপতি নিয়ৰ ডেকাই বিজেপিত যোগদান কৰে। বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ উদ্যোগত আয়োজন কৰা যোগদান অনুষ্ঠানত কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি নিয়ৰ ডেকাৰ নেতৃত্বত কটন বিশ্ববিদ্যালয়ৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আই আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু সংখ্যক শিক্ষাৰ্থী তথা সমৰ্থিত সদস্যই বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিছগৰাকীৰো অধিক কটনিয়ানৰ লগতে এন এছ ইউ আইৰ সাধাৰণ সম্পাদক গুঞ্জন বৰ্মনে বিজেপিত যোগদান কৰে। তেওঁলোকক দলত আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্রী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাকে ধৰি দলৰ কেইবাজনো নেতাই। অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰিকাই নতুনকৈ দলত যোগদান কৰা সকলক উদ্দেশ্যি কয় যে ৰাজনৈতিক নেতাক সাধাৰণতে বেয়া চকুৰে চোৱা হয় আৰু সমালোচনা কৰা হয়। ৰাজনৈতিক নেতাসকলে সমালোচনাৰ ঊৰ্দ্ধত গৈ সৎ ৰাজনৈতিক নেতা হিচাপে নিজকে গঢ় দিব লাগিব। তেওঁ কয় যে দেশ আগত আৰু দল পাছত আৰু তাৰ পাছতেহে ব্যক্তি। অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিগৰাকী কটনিয়ানক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনায়। যোগদান কৰা যুৱ প্ৰজন্মৰ কাৰ্যকর্তা সকলে আগন্তুক দিনত সেৱাৰ মনোভাৱৰে ৰাষ্ট্ৰ নিৰ্মাণত সহায় সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় আগন্তুক দিনবোৰত যুৱ প্ৰজন্মৰ যোগদান তথা সমৰ্থনে বিজেপিক অধিক শক্তিশালী কৰি তুলিব। বৰ্তমান সময়ত ৰাষ্ট্ৰ সেৱাৰ বাবে যুৱ প্ৰজন্মই আগবাঢ়ি অহাটো দেশৰ ৰাজনীতিৰ বাবে এক শুভ সংকেত বুলি তেওঁ সদৰি কৰে। আনহাতে অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে ভাৰতবৰ্ষ পৃথিৱীৰ এনে এখন দেশ য’ত জনসংখ্যাৰ প্ৰায় ৭০ শত‍াংশ যুৱ। এই যুৱশক্তিৰে পূৰ্ণ ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰধান শক্তি যুৱ মৰ্চালৈ কটনিয়ানসকলক স্বাগতম জনাইছোঁ বুলি তেওঁ কয়। ৰাষ্ট্ৰ নিৰ্মানত যুৱ চামৰ দায়িত্ব অপৰিসীম। ৰাজনীতিৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ সেৱাৰ বাবে যুৱ চাম আগবাঢ়ি অহাটো ৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক শুভ লক্ষণ বুলি তেওঁ সদৰি কৰে।
উল্লেখ যে আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা আৰু এন এছ ইউ আইৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক গুঞ্জন বৰ্মনকে আদি কৰি অৰ্ধশতাধিক যুৱকে বিজেপিত যোগদান কৰে। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা আৰু সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য প্ৰমুখ্যে দলৰ আন আন বিষয়ববীয়া সকলৰ উপস্থিতি আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More