কণ্ঠশিল্পী অজিত সিংহ আৰু দিলীপ চৌধুৰীৰ কালজয়ী গীতৰ কৰ্মশালা

 তেজপুৰৰ ‘বন্দনা সংগীত কানন’ৰ  ১০ দিনীয়া কৰ্মশালা শুভাৰম্ভ

0 64

শতাব্দ জিলা প্ৰতিনিধি ,তেজপুৰ, ২০ এপ্ৰিলঃ প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ – ‘এজাক চৰাই উৰি উৰি যায়, জয় আই অসম, হে ছহিদ তোমাক সহস্ৰ প্ৰণাম, কোন অনামী নদী, মই আজি সংগী বিহীন…’ আদি কালজয়ী আধুনিক গীতৰ লগতে আন এগৰাকী প্ৰয়াত সংগীত শিল্পী দিলীপ চৌধুৰীৰ – ‘মোৰ সুৰৰ অৰণ্যত, মোৰ স্বপ্ন মৌ প্ৰেমত ননক্ৰেম, ৰাতি বাঁহী বাই…’ আদি আধুনিক অসমীয়া সংগীত জগতৰ কালজয়ী গীত সমূহ শুদ্ধ শৈলীৰে উঠি অহা প্ৰজন্মই পৰিৱেশন কৰাৰ মানসেৰে আৰু এই গীতসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আজিৰে পৰা তেজপুৰত ১০ দিনীয়াকৈ আৰম্ভ হৈছে সংগীতৰ এক পাঠদানৰ বিশেষ অনুষ্ঠান। উল্লেখ্য যে, অসমীয়া জাতীয়তাবাদী সত্বাৰ সৈতে ওৰেটো জীৱন বিলীন হৈ সংগীত চৰ্চাৰে ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ত তেজপুৰৰ পৰা ‘বিজয় ডংকা’ শীৰ্ষক সুৰ বাহিনীৰ জৰিয়তে জাতীয়তাবাদ উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা শিল্পীসকলৰ অন্যতম প্ৰয়াত অজিত সিংহ আৰু এক সুকীয়া মেলডী ভৰা গীতেৰে নিজস্ব শৈলীৰে অসমীয়া আধুনিক সংগীতক গতিশীলতা প্ৰদান কৰা প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ দিলীপ চৌধুৰীক পুনৰ প্ৰাসঙ্গিক কৰি আজিৰে পৰা তেজপুৰৰ ‘বন্দনা সংগীত কানন’এ আৰম্ভ কৰিছে এক দহ দিনীয়া বিশেষ সংগীতৰ পাঠদান কৰ্মশালা। এই কৰ্মশালা আজি দুয়োগৰাকী শিল্পীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা আৰু তেজপুৰৰ প্ৰয়াত গীতিকাৰ, সুৰকাৰ হিৰণ্য বৰকাকতীৰ সহধৰ্মিনী কণ্ঠশিল্পী সৰজু বৰকাকতীয়ে। তেজপুৰৰ চায়েন্স একাডেমীৰ সভাকক্ষত বন্দনা সংগীত কাননৰ জ্যেষ্ঠ সদস্য তথা সংগীত শিল্পী খনিন্দ্ৰ ডেকাই আঁতধৰা এই বিশেষ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত দুয়োগৰাকী পুৰোধা সংগীত শিল্পীৰ জীৱন কৃতী আলোকপাত কৰি পংকজ বৰুৱাই দুয়োগৰাকী শিল্পীৰ কালজয়ী গীতসমূহে যেনেদৰে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব লাগিছিল সেয়া বিগত সময়ত পৰিলক্ষিত নোহোৱাত আক্ষেপ প্ৰকাশ কৰে। শেহতীয়াকৈ বন্দনা সংগীত কাননে এই বিশিষ্ট শিল্পী দুগৰাকীৰ সৃষ্টি সমূহক শুদ্ধ শৈলীৰে শিকোৱাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে সিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। আনহাতে আনগৰাকী বন্তি প্ৰজ্বলক সৰজু বৰকাকতীয়েও এনে প্ৰচেষ্টাৰ শলাগ লৈ দুয়োগৰাকী সংগীত শিল্পীৰ গীত সমূহ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনৰ উল্লেখযোগ্য সম্পদ বুলি মন্তব্য কৰে। বন্দনা সংগীত কাননৰ সভানেত্ৰী বনদ্বীপা শইকীয়া, সম্পাদিকা মনিষা চৌধুৰী, সংগীতশিল্পী নীতি ভূঞা, চায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মা চক্ৰৱৰ্ত্তীৰ লগতে একাংশ সংগীত শিল্পী, প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱাই জ্যোতি-বিষ্ণুৰ পিছতেই সংগীত ক্ষেত্ৰখনৰ অন্যতম পুৰোধা শিল্পী অজিত সিংহ আৰু দিলীপ চৌধুৰী বুলি উল্লেখ কৰি গৰ্বিত তেজপুৰীয়া হিচাপে এই দুগৰাকী শিল্পীয়ে যথেষ্ট অৱদান আগবঢ়াইছে বুলি অনুভৱ কৰাৰ কথা সদৰি কৰি উঠি অহা প্ৰজন্মক এনে শিল্পী সমূহৰ গীতসমূহ শুদ্ধৰূপত শিকি নিজেও এগৰাকী গৰ্বিত তেজপুৰীয়া হ’বলৈ আহ্বান জনায়। আনহাতে অনুষ্ঠানটিত আজি প্ৰথম দিনটোতে পিতৃৰ প্ৰতিছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি দিলীপ চৌধুৰীৰ পুত্ৰ কণ্ঠশিল্পী তথা জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীয়ে পিতৃৰ কালজয়ী গীত ‘মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণাজনী’ পৰিৱেশন কৰি প্ৰশিক্ষাৰ্থীসকলক পাঠদান শুভাৰম্ভ কৰে। উল্লেখ্য যে আজিৰে পৰা দহ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই কৰ্মশালাত আলিম্পন চৌধুৰীয়ে দিলীপ চৌধুৰীৰ গীত সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অজিত সিংহৰ গীত সমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব সহধৰ্মিনী তথা বিশিষ্ট কণ্ঠশিল্পী ৰুবী সিংহই। আনহাতে অহা ২৯ এপ্ৰিলত বাণ থিয়েটাৰত সামৰণি অনুষ্ঠানৰ লগতে সদৌ অসম ভিত্তিত এই দুয়োগৰাকী শিল্পীৰ গীতৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে বন্দনা সংগীত কাননে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More