ক’ভিডৰ বেয়া সময় এতিয়াও দেখা নাই পৃথিৱীয়ে !

সতর্ক কৰিলে বিল গেইটছে

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ মে’ : ক’ভিড-১৯ক লৈ আৰু বৃহৎ আশঙ্কাৰ কথা শুনালে মাইক্র’চফ্টৰ মুৰব্বী আৰু বিলিয়নাৰ বিল গেইটছে। ২০১৫ চনতো গেইটছে ভৱিষ্যদ্বাণী কৰিছিল যে, পৃথিৱীত শীঘ্রেই ঘনীভূত হ’ব এক মহামাৰী, আৰু তাৰ বাবে প্রস্তুত নহয় পৃথিৱীবাসী। নতুনকৈ দেশত জঁপিয়াই জঁপিয়াই বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা। চীন, ব্রিটেইনসহ একাধিক দেশত কৰ’না যেন উভতিছে পূৰ্বৰ ৰূপলৈ। চীনত লকডাউন দিয়ো কমাব পৰা নাই সংক্রমণ। অন্যহাতে, অমিক্রনৰ এটাৰ পিছত আন এটা মিউন্টেন্ট ছাব ভেৰিয়েন্টৰ উপস্থিতিয়েও খোজত খোজ মিলাই বঢ়াইছে আতঙ্ক। ক’ভিডৰ চতুর্থ ঢৌৰ আশঙ্কাত কঁপি থকা পৃথিৱীৰ বাবে আৰু এক আশঙ্কাৰ বাণী শুনাইছে মাইক্র’চফ্ট কোম্পানীৰ মুৰব্বী আৰু বিলিয়নাৰ বিল গেইটছে। তেওঁৰ দাবী— ”কৰ’নাই এতিয়াও পৃথিৱীৰ পৰা বিদায় লোৱা নাই। কৰ’না ভাইৰাছৰ সকলোতকৈ ভয়ঙ্কৰ ৰূপ এতিয়াও দেখা নাই পৃথিৱীয়ে। যিমানেই দিন গৈছে সিমানেই শক্তিশালী হৈছে ক’ভিড মিউটেন্ট (Covid 19 Mutant)। বিৱৰ্তিত হৈ সৃষ্টি হৈছে নতুন নতুন ছাব ভেৰিয়েন্ট (Sub Variant)।” বিল গেইটচৰ মতে, মহামাৰীৰ সকলোতকৈ ভয়াৱহ সময় এতিয়াও অহা নাই। সামান্য অসচেতনতা আৰু অৱহেলাৰ বাবে পুনৰ আৰু অধিক ভয়ঙ্কৰ ৰূপত ঘূৰিব পাৰে ক’ভিডৰ মহামাৰী। উল্লেখ্য যে, ২০২০ চনৰ ডিচেম্বৰত মাইক্রচফ্টৰ চিইঅ’ গেইটচে সাৱধান কৰি দিছিল ক’ভিড বিপয়াৰ বিষয়ে। তাৰ পিছতেই ২০২১ চনৰ জানুৱাৰীত দেশত ঘটে প্রায় ক’ভিড বিস্ফোৰণ। আক্রান্তৰ সংখ্যাই দৈনিক অতিক্ৰম কৰি যায় লাখৰ কোটা। সেই ভয়াৱহ পৰিস্থিতি স্বাভাৱিকতে পাবলৈ সময় লাগে কেইবাটাও মাহ। ভাইৰাছৰ সংক্রমণত প্রাণ হেৰুৱাই বহু মানুহে। ২০২০ চনৰ মার্চ মাহৰ পৰা এতিয়ালৈকে ৬২ লাখ লোকৰ মৃত্যু হৈছে কৰ’নাত। সম্প্রতি সংবাদমাধ্যমত সাক্ষাৎকাৰ দিয়াৰ সময়ত কৰ’নাৰ প্রসঙ্গত ধনকুবেৰ গেইটচে কয় যে, ক’ভিড মহামাৰীৰ সংকট এতিয়াও শেষ হোৱা নাই। ভাইৰাছৰ এটা প্রকৃতিক সম্পূৰ্ণৰূপে বুজি উঠাৰ আগেয়েই হাজিৰ হৈছে আৰু অধিক ছাব ভেৰিয়েন্ট। প্রতিটো ভেৰিয়েন্ট আগতকৈয়ো অধিক প্রাণঘাতী। উল্লেখ্য যে, ইতিমধ্যেই পোৱা গৈছে কৰ’নাৰ একাধিক নতুন ভেৰিয়েন্ট। নতুন ভেৰিয়েন্ট XE আৰু XD-এ বঢ়াইছে চিন্তা। জিনম চিকোৱেন্সিং এনালাইছিছ (Genome Sequencing analysis)ৰ ওপৰত ভিত্তি কৰি INSACOG জনাইছে যে, এতিয়ালৈকে অৱশ্যে ভাৰতত কৰ’নাৰ মিউটেন্ট প্রজাতি কমেই পোৱা গৈছে। তথাপি বর্তমান নতুন ভেৰিয়েন্ট XE আৰু XD-ৰ ওপৰত নজৰ ৰাখিছে বিশেষজ্ঞসকলে। তদুপৰি উদ্বেগ বঢ়াইছে Omicron-ৰ নতুন ভেৰিয়েণ্ট BA.12 আৰু BA.2-এ। ভাৰততত কৰ’নাৰ তৃতীয় ঢৌ হৈছিল এই অমিক্রন BA.2-ৰ কাৰণেই। BA.12 ভেৰিয়েন্ট অমিক্রন BA.2-তকৈ ১০ গুণ বেছি সংক্রামক আৰু ভয়ঙ্কৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More