ক’ভিডত দুজনৰ মৃত্যু, আক্ৰান্তৰ হাৰ ১১.২০ শতাংশলৈ বৃদ্ধি

0 21

বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ’নাত আক্ৰান্ত। কামৰূপ মহানগৰত কৰ’না আক্ৰান্ত দুজনৰ মৃত্যু। ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি। ক’ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ক’ভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু। সম্প্ৰতি ৰাজ্যখনত ক’ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্রমণ চলি আছে সেইটো যথেষ্ট দুৰ্বল।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৯ জুলাইঃ দেশত ক’ভিডৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে অসমত ভয়াৱহ ৰূপত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৩৭০ জনলৈ বৃদ্ধি হৈছে। অসমত বিগত ২৪ ঘন্টাত নতুনকৈ ২৯৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্তৰ হাৰ ১১.২০ শতাংশ। আনহাতে বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰত দুজন ক’ভিড ৰোগীৰ মৃত্যু হয়। উল্লেখ যে বৃহস্পতিবাৰেও কামৰূপ মহানগৰ জিলাত এজন লোকৰ মৃত্যু হৈছিল। ইফালে ৰাজ্যখনৰ ভিতৰতে গুৱাহাটী মহানগৰীত আক্ৰান্তৰ হাৰ সৰ্বাধিক। বিগত ২৪ ঘণ্টাত মহানগৰীত ৯২ জন লোক ক’ৰণাত আক্ৰান্ত হয়। উল্লেখ যে বিগত ২৪ ঘণ্টাত ৰাজ্যত ২,৬২৫ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। ক’ভিড টেষ্টৰ সংখ্যা বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাব। ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে যদিও স্বাস্থ্য বিভাগে বিশেষ কোনো সতৰ্কতামূলক ব্যৱস্থ‍া গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ক’ভিড পৰীক্ষা বৃদ্ধি কৰা সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱশ্যে ক’ভিডৰ এই সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি মত প্ৰকাশ কৰিছে খোদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীজনৰ মতে কভিডৰ সৈতে যুঁজ দিব পৰাকৈ ৰাজ্য চৰকাৰখন সম্পূৰ্ণ ৰূপে সাজু হৈ আছে। আনহাতে সম্প্ৰতি ৰাজ্যখনত ক’ভিডৰ যিটো ভেৰিয়েণ্টৰ সংক্রমণ চলি আছে সেইটো যথেষ্ট দুৰ্বল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে
ৰাজ্যৰ প্ৰায়সংখ্যক লোকেই ইতিমধ্যে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে। সেয়েহে ক’ভিডৰ সংক্ৰমণক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই। ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, সকলো সতৰ্ক হৈ থাকক। উল্লেখ যে এতিয়ালৈকে ৰাজ্যৰ ২,৪৫,৭৭,১৪৬ জন লোকে ক’ভিডৰ প্ৰথম পালি, ২,১৪,৫৪,৩৯৫ জনে দ্বিতীয় পালি আৰু ৭,৬৭,২০০ জনে বুষ্টাৰ পালি গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More