ক’ভিডত পিতৃমাতৃক হেৰুৱা তিনিচুকীয়াৰ ৩ শিশুক ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ সাহায্য

0 12

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে শুভাৰম্ভ কৰা ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ অধীনত ক’ভিড-১৯ মহামাৰীত দুয়োগৰাকী অভিভাৱক হেৰুৱা তিনিচুকীয়া জিলাৰ ৩ টি শিশুক উপায়ুক্তই এক কাৰ্য্যসূচীত যাৱতীয় নথিপত্ৰ প্ৰদান কৰে । উল্লেখ্য যে ’পি এম কেয়াৰছ ফৰ চিলন্ড্ৰেন’ আঁচনিৰ মূল উদ্দেশ্য হৈছে ক’ভিড-১৯ মহামাৰীত পিতৃ-মাতৃক হেৰুৱাই অনাথ হোৱা শিশুসকলৰ থকা-খোৱা, স্কুলীয়া তথা উচ্চ শিক্ষাৰ বাবে সকলো সা-সুবিধা সুনিশ্চিত কৰা, স্বাস্থ্য বীমাৰ জৰিয়তে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা আৰু ২৩ বছৰ বয়সত উপনীত হোৱাৰ পিছত বিত্তীয় সহায়ৰ সৈতে তেনে শিশু স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰা । ভিডিঅ’ কনফাৰেন্স যোগে দেশৰ প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীত ক্ষতিগ্ৰস্ত হোৱা শিশুসকলৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰে । এইসকল শিশুৰ সুৰক্ষা আৰু যত্নৰ বাবে চৰকাৰৰ সংশ্লিষ্ট প্ৰতিটো বিভাগেই দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে কয় । তেওঁ সংশ্লিষ্ট বিভাগসমূহক সংবেদনশীল মনোভাৱেৰে শিশুসকলৰ সুৰক্ষা আৰু যত্ন সুনিশ্চিত কৰিবলৈ আহ্বান জনায় । তিনিচুকীয়া জিলাত ক’ভিড-১৯ মহামাৰীত দুয়োগৰাকী অভিভাৱক হেৰুওৱা ৩ টি শিশু ক্ৰমে মাইনী নায়ক (১৮ বছৰ), শচীন নায়ক (১৬ বছৰ) আৰু নয়নকৃষ্ণ বৰুৱাক (১৪ বছৰ) উপায়ুক্ত নৰসিং পৱাৰে তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত আঁচনিৰ দস্তাবেজ প্ৰদান কৰে । এই দস্তাবেজত সন্নিৱিষ্ট হৈ আছে প্ৰধানমন্ত্ৰীৰ এখন চিঠি, এখন স্নেহ পত্ৰ (চাৰ্টিফিকেট অৱ পি এম কেয়াৰছ), এখন পাছবুক আৰু আয়ুস্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ এখন স্বাস্থ্য কাৰ্ড ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More