ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধিত উদ্বিগ্ন কেন্দ্ৰ

বাৰখন ৰাজ্যত সংক্ৰমণৰ হাৰ বৃদ্ধিঃ নতুনকৈ ২,৫৪১ জন লোক ক'ভিডত আক্ৰান্ত

0 20

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ দেশখনৰ বিভিন্ন ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰ চিন্তিত হৈ পৰিছে। সোমবাৰৰ পুৱা ৮ বজাৰ তথ্য অনুযায়ী ভাৰতত নতুনকৈ ২,৫৪১ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত মৃত্যু হৈছে ৩০ জন লোকৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিবলৈ অহা ২৭ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডাভিয়াও উপস্থিত থাকিব। বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দেশৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ ওপৰত এক প্ৰতিৱেদন দাখিল কৰিব। উল্লেখযোগ্য যে, ১৮-২৪ এপ্ৰিলৰ সপ্তাহটোত দেশখনত নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ১৫,৭০০ গৰাকী। ইয়াৰ আগৰ সপ্তাহটোত আক্ৰান্তৰ সংখ্যা আছিল ৮,০৫০ জন। দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু, কেৰালা, কৰ্ণাটক, পঞ্জাৱকে ধৰি বাৰখন ৰাজ্যত এই সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভালেকেইখন ৰাজ্যই মাস্ক পৰিধান কৰাটো পুনৰ কঠোৰ ভাৱে বলবৎ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More