ক’ভিদৰ পাছত স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি পাইছে

তেজপুৰত কেয়াৰ বীমা

0 13
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬মে’: যোৱা সময়চোৱাত দেশৰ স্বাস্থ্য বীমা ক্ষেত্ৰখনত ২৪হেজাৰ কোটি টকাৰ বীমাৰ বিপৰীতে ক’ভিদৰ পাছত এই পৰিমাণ ৪০হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰাই দেশত স্বাস্থ্য বীমা সন্দৰ্ভত মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি ধৰিব পাৰি।বৰ্তমান স্বাস্থ্য বীমা ক্ষেত্ৰখনত নতুন নতুন কোম্পানীৰ প্ৰৱেশ ঘটিছে। অৱশ্যে দেশৰ মুঠ জনসংখ্যাৰ বিপৰীতে বৰ্তমানেও ১০শতাংশ লোককহে স্বাস্থ্য বীমাই স্পৰ্শ কৰিব পাৰিছে। আজি তেজপুৰত এই কথা প্ৰকাশ কৰে কেয়াৰ স্বাস্থ্য বীমা কোম্পানীৰ মাণ্ডলিক বাণিজ্যিক প্ৰধান সম্বৰণ গোস্বামীয়ে। উল্লেখযোগ্য যে আজি তেজপুৰ চহৰৰ কুঞ্জভৱনত কোম্পানীটোৰ আঞ্চলিক কাৰ্যালয় মুকলি কৰাৰ পাছতে গোস্বামীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে এই বীমা কোম্পানীয়ে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্য বীমাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ কামো অব্যাহত ৰখাৰ বিষয়ে প্ৰকাশ কৰি লগতে কয় যে, কেয়াৰৰ স্বাস্থ্য বীমাৰ জৰিয়তে দেশৰ ১৯ হেজাৰৰ অধিক ব্যক্তিগত চিকিৎসালয়ত নগদ বিহীন ভাবে চিকিৎসা কৰাব পাৰি। আনহাতে উজনি অসমৰ সামুহিক প্ৰৱন্ধক মন্দীপ কলিতাই কয় যে,দেশৰ ভিতৰতে স্বাস্থ্য ক্ষেত্ৰৰ শীৰ্ষ বীমা কোম্পানী কেয়াৰে গুৱাহাটীত পাঁচ বছৰৰ পূৰ্বে কাৰ্যালয় স্থাপন কৰাৰ বিপৰীতে এইপৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত চাৰিটা আৰু ৰাজ্যত তেজপুৰৰ সতে দুটা কাৰ্যালয় স্থাপন কৰিছে। তদুপৰি, নিম্ন মধ্যবিত্ত লোকৰ সুবিধা হোৱাকৈ বছৰত মাত্ৰ পাঁচশ টকাৰ বীমাৰে ৩২বিধ ৰোগৰ চিকিৎসা সুবিধা লাভ কৰিব পাৰি বুলি প্ৰকাশ কৰি কলিতাই লগতে কয় যে কেয়াৰ বীমা ধন আদায়ৰ ক্ষেত্ৰত দেশৰ এক শীৰ্ষ স্থানীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ আঞ্চলিক ব্যৱসায়ীক মুৰব্বী সত্যজিৎ মজুমদাৰে জনোৱা অনুসৰি সম্প্ৰতি সংস্থাটোৱে ৰাজ্যৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ সকলোতে কাম কৰি গৈছে আৰু শীঘ্ৰেই একাধিক কাৰ্যালয়ো স্থাপন হ’ব। শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে হোটেল হেৰিটেজত অনুষ্ঠিত সভাত কৰ্মকুশলী প্ৰতিনিধিসকলক শাখা প্ৰৱন্ধক জামাল চৰফৰাজ হুছেইন বৰাই স্মাৰক প্ৰদান কৰি সম্বৰ্দ্ধনা জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More