কমনৱেল্থ গেমছত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান শিৱ থাপাই

0 7
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ জুনঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ভাল খবৰ। পুনৰবাৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ শিৱ থাপাই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত শিৱ থাপাই জুলাইত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা অলিম্পিয়ান শিৱ থাপাই সফলতা লাভ কৰি দেশলৈ পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতাকে ধৰি ফেডাৰেচনৰ বিষয়ববীয়া তথা তেওঁৰ প্ৰশিক্ষক আৰু অনুৰাগীসকলে। শিৱ থাপাই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ট্ৰায়েলত ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা শিৱ থাপাই ২০১৮ চনৰ কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী মনীষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি এই যোগ্যতা অৰ্জন কৰিছে।আনহাতে শিৱ থাপাৰ উপৰিও অন্যান্য কেইবাটাও শাখাত আন বহু কেইগৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকৰ ভিতৰত আছে মহম্মদ হাছামুদ্দিন, ৰোহিত টোকাছ, সুমিত পংঘাল, অমিত পংঘাল, আশীষ কুমাৰ, সঞ্জিত আৰু সাগৰ। ২৮ জুলাই পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নিৰ্বাচিত কৰা হৈছে যদিও বৰ্তমানেও মহিলাৰ দলটো নিৰ্বাচিত কৰা হোৱা নাই। জানিব পৰা মতে অহা সপ্তাহত মহিলাৰ দলটো নিৰ্বাচিত কৰা হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More