ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : বৃদ্ধি পাইছে জনসংখ্যা, বৃদ্ধি পাইছে নিবনুৱা সমস্যা। এনে অৱস্থাত ৰাষ্ট্ৰসংঘই কিছুদিন পূৰ্বে ভাৰতত জনসংখ্যা বিস্ফোৰণৰ বিষয়ে সতৰ্ক কৰি দিছিল। সেই সময়ত কোৱা হৈছিল যে ২০২৭ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাই চীনৰ জনসংখ্যাক অতিক্ৰম কৰিব। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক অধ্যয়নত ইয়াৰ বিপৰীত কথা কোৱা হৈছে। সেই প্ৰতিবেদন অনুসৰি অহা ৭৮ বছৰত ভাৰতৰ জনসংখ্যা ৪১ কোটি হ্ৰাস পাব। দেশত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব বুলি আন্তৰ্জাতিক বিশেষজ্ঞসকলে কৈছে। সামগ্ৰিকভাৱে প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ ফলত জনসংখ্যা হ্ৰাস পাব বুলিও কোৱা হৈছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যাৰ প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতৰ জনসংখ্যা হৈছে ১৪১.২ কোটি। ৭৮ বছৰৰ পাছত ২১০০ চনত ই ১০০.৩ কোটিলৈ হ্ৰাস পাব। প্রশ্ন হ’ল— ইয়াৰ ফলত দেশবাসী কিদৰে লাভৱান হ’ব? সেইটোৱেই সাধাৰণ ধাৰণা। আমেৰিকান ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাই দাবী কৰিছে যে এই হ্ৰাস পোৱা জনসংখ্যাই কোনো লাভ নিদিব। বৰঞ্চ লোকচান হ’ব। গৱেষকসকলে দাবী কৰিছে যে জনসংখ্যা হ্ৰাস পালে দেশৰ জ্ঞানৰ মানদণ্ড আৰু জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পাব। আনকি ই এটা জনসংখ্যাক বিলুপ্তিৰ দিশলৈও ঠেলি দিব পাৰে। প্ৰশ্ন হয় অহা আঠটা দশকত জনসংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি? ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে, প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ ফলত জনসংখ্যা হ্ৰাস পাব। বৰ্তমান ভাৰতত এগৰাকী মহিলাই ১.৭৬ টা সন্তান জন্ম দিয়ে। সময়ৰ লগে লগে ই কমি যাব। ২০৩২ চনত প্ৰতিগৰাকী মহিলাৰ প্ৰজননৰ হাৰ ১.৩৯ আৰু ২০৫২ চনত ১.২৮ হ’ব। আৰু ২১০০ চনত হ্ৰাস পাব ১.১৯ জনলৈ। ইয়াৰ বাবেই ৭৮ বছৰৰ পাছত জনসংখ্যা ১০০.৩ কোটিলৈ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে। কেৱল ভাৰততে নহয়, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি উৰ্বৰতাৰ হাৰ হ্ৰাস পোৱাৰ প্ৰৱণতা দেখা গৈছে, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ বহু দেশত। উল্লেখযোগ্য যে উৰ্বৰতাৰ হাৰ হ্ৰাস পোৱা বেছিভাগ দেশেই তুলনামূলকভাৱে ধনী দেশ। একেটা প্ৰতিবেদন অনুসৰি অহা ৭৮ বছৰত চীনৰ জনসংখ্যা ৯৩.২ মিলিয়ন হ্ৰাস পাব। ২১০০ চনত চীনা লোকৰ সংখ্যা হ’ব মাত্ৰ ৪৯ কোটি ৯ লাখ। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে এফালে উন্নত দেশৰ জনসংখ্যা হ্ৰাস পাব যদিও আনফালে তুলনামূলকভাৱে দৰিদ্ৰ দেশৰ জনসংখ্যা বৃদ্ধি পাব। আফ্ৰিকা মহাদেশৰ কংগো, ইথিওপিয়া আৰু নাইজেৰিয়াৰ দৰে দেশৰ জনসংখ্যা ২১০০ চনলৈকে বৃদ্ধি পাব। ফলত শতিকাৰ দ্বিতীয়াৰ্ধত সেই দেশসমূহ বিশ্ব অৰ্থনীতিৰ শাসক হ’ব পাৰে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা