কম বাজেটৰ ইলেক্ট্ৰিক বাইক মুকলি, চিংগল চাৰ্জত ১৩০ কিলোমিটাৰ চলিব

0 41

হাইলাইট

  • কোম্পানীটোৱে Black, Grey, Blue আৰু Red ৰঙৰ বিকল্পত ecoDryft প্ৰৱৰ্তন কৰিছে।
  • এই ই-বাইকৰ ৰাইডিং ৰেঞ্জ ১৩০ কিলোমিটাৰতকৈও অধিক।
  • এই ইলেক্ট্ৰিক বাইকখন সম্পূৰ্ণ চাৰ্জ হ’বলৈ সময় লাগে ৬ ঘণ্টা।

ইলেক্ট্ৰিক দুচকীয়া বাহন কোম্পানী পিউৰ ইভিয়ে ভাৰতীয় বজাৰত মুকলি কৰিছে সুলভ মূল্যৰ ইলেক্ট্ৰিক মটৰ চাইকেল ইকোড্ৰাইফ্ট। এই বাইকখন এতিয়ালৈকে ভাৰতৰ কম বাজেটৰ ই-বাইক। এই ই-বাইকখন কমিউটাৰ ইলেক্ট্ৰিক দুচকীয়া বাহন হিচাপে প্ৰৱৰ্তন কৰা হৈছে। কোম্পানীটোৱে দাবী কৰিছে যে এটা চাৰ্জত ১৩০ কিলোমিটাৰতকৈ অধিক চলাব পাৰে। WhatsApp Image 2023 02 06 at 6.57.06 PMWhatsApp Image 2023 02 06 at 6.57.40 PM

ই-বাইক ইকোড্ৰাইফ্টৰ মূল্য
দৰাচলতে কোম্পানীটোৱে দুমাহ পূৰ্বে এই ই-বাইকখন প্ৰৱৰ্তন কৰিছিল যদিও তেতিয়া ইয়াৰ মূল্য প্ৰকাশ কৰা নাছিল। এতিয়া PURE EV য়ে প্ৰকাশ কৰিছে EcoDryft ৰ দাম। এই বাইকখনৰ মূল্য ৯৯,৯৯৯ টকা এক্স-শ্ব’ৰুম। লগতে সকলো ডিলাৰশ্বিপতে ইকোড্ৰিফ্টৰ বুকিং আৰম্ভ হৈছে আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা প্ৰথম বেচৰ বাহন গ্ৰাহকক ডেলিভাৰী কৰা হ’ব।

ডিজাইন আৰু ৰং
ভাৰতীয় বজাৰত বেষ্ট চেলাৰ বাইকসমূহৰ ভিতৰত অন্যতম বাজাজ কোম্পানীৰ প্লেটিনাৰ ডিজাইনৰ সৈতে এই ই-বাইকৰ ডিজাইনৰ বহুখিনি মিল আছে। ইয়াত ট্ৰাইএংগেল হেডলেম্প, পাঁচ স্প’ক এলয় হুইল, একক টুকুৰাৰ আসন আছে। লগতে এই ইলেক্ট্ৰিক বাইকখন ক’লা, ধূসৰ, নীলা আৰু ৰঙা ৰঙৰ বিকল্পত উপলব্ধ হ’ব

ৰেঞ্জ আৰু বেটাৰী
এই ইলেক্ট্ৰিক বাইকখনে একক চাৰ্জত ১৩৫ কিলোমিটাৰ পৰ্যন্ত দৌৰিব পাৰে। এই ইলেক্ট্ৰিক বাইকখনত ৩.০ কিলোৱাট ঘণ্টাৰ বেটাৰী আছে যিয়ে AIS ১৫৬ প্ৰমাণপত্ৰ সমৰ্থন কৰে। লগতে এই বৈদ্যুতিক মটৰ চাইকেলখনত ৩ কিলোৱাট ইলেক্ট্ৰিক মটৰ আছে, যাৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ। এই বাইকখনৰ একক সম্পূৰ্ণ চাৰ্জৰ মূল্য প্ৰায় ২০ৰ পৰা ৩০ টকা। কেৱল এয়াই নহয়, কোম্পানীটোৰ মতে এই ইলেক্ট্ৰিক মটৰে সৰ্বোচ্চ পিক পাৱাৰ আউটপুট ৪ কিলোৱাট দিব।এই ই-বাইকখনৰ তিনিটা ৰাইডিং মোড আছে, ড্ৰাইভ, ক্ৰছঅভাৰ আৰু থ্ৰিল।লগতে কোম্পানীটোৱে কয় যে এই ইলেক্ট্ৰিক বাইকখনৰ সন্মুখত ডিস্ক ব্ৰেক আৰু পিছফালে ড্ৰাম ব্ৰেক আছে। লগতে এই ই-বাইকে মাত্ৰ ৫ ছেকেণ্ডত ০ৰ পৰা ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More