কলকাতাত অসমৰ শিশুলৈ সাহিত্য সন্মান

ষষ্ঠ শ্ৰেণীতে শ্ৰীহান সমহিত গগৈয়ে লিখি উলিয়ালে গল্পৰ পুথি "দ্য্ ৰবড গাৰ্ডেন"

0 50

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ এছিয়ান প্ৰেছ বুকছৰ দ্বাৰা যোৱা ২৪ এপ্ৰিলত কলকাতাৰ ৰবীন্দ্ৰ তীৰ্থত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত অসম সন্তান উদীয়মান শিশু সাহিত্যিক শ্ৰীহান সমহিত গগৈক তেওঁৰ গল্পৰ পুথি দ্য্ ৰবড গাৰ্ডেনৰ বাবে (The Robbed Garden) ”সাহিত্য সন্মান ২০২২” বঁটা প্ৰদান কৰা হয়। ইংৰাজী সাহিত্যলৈ শ্ৰীহান সমহিতৰ অৱদান তথা তেওঁৰ পুথিখনত প্ৰতিফলিত সামাজিক তথা নৈতিক দায়বদ্ধতা আৰু সততাৰ বাবে এই সন্মান প্ৰদান কৰা হয় বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিয়ে।IMG 20220425 WA0033 এই অনুষ্ঠানত নিউটাউন কলকাতা গ্ৰন্থমেলাৰ সভাপতি পীযূষ কান্তি ঘোষ, বিশিষ্ট কবি তথা সমাজকৰ্মী ইয়াছমিন ৰহমান, বিশিষ্ট সাহিত্যিক প্ৰবীৰ ঘোষ, তথা এছিয়ান প্ৰেছৰ প্ৰতিস্থাপক সঞ্চালক  ৰূপনাৰায়ণ চক্ৰৱৰ্তী উপস্থিত থাকে। শ্ৰীহান সমহিত বৰ্তমান কলকাতাৰ ‘দ্য নিউটাউন স্কুল” ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেওঁৰ পিতৃ মৃন্ময় গগৈ আৰু মাতৃ ডক্টৰ বিদ্যুৎ বিজয়া নেওগ । তেওঁলোক তিনিচুকীয়া জিলাৰ বাসিন্দা আৰু বৰ্তমান কলকাতাত কৰ্মৰত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More