কলকাতাত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ গ্ৰন্থ উন্মোচন

 বংগ - অসমৰ সম্পৰ্ক বৌদ্ধিক ভাৱে  বলিষ্ঠ কৰাৰ পদক্ষেপ

0 19

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুলাই: ‘বিভিন্ন শক্তিয়ে বিচ্ছিন্নতাবাদক পোষকতা কৰি অহাৰ সময়তে নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু ছেইণ্ট প’লচ কেথেড্রেল মিছন কলেজে বংগ-অসমৰ সম্পর্কক বৌদ্ধিকভাবে বলিষ্ঠ কৰি তুলিছে আৰু এয়া সম্প্ৰীতিৰ এক অনন্য নিদর্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গবেষক ড° শেখ মকবুল ইচলামৰ । কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰ পৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প’লচ কেথেডেল মিছা কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গবেষক পুবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইন্ট প’লচ কেথেড্রেল মিছন কলেজ আৰু নৰ্থ লখিমপুৰ কলেজৰ যৌথ উদ্যোগত উক্ত গ্রন্থ দুখন প্ৰকাশ কৰা হৈছে। শোভাকৃষ্ণাৰ ‘অসমীয়া সাহিত্যৰ পুৰাকথা, ব্যংগ আৰু অন্যান্য প্রসঙ্গ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অনুবাদক বাসুদেব দাসে। পূবালী বৰাৰ ‘সাহিত্য আৰু সংস্কৃতি অধ্যয়ন’ নামৰ গ্ৰন্থখন উন্মোচন কৰে উক্ত কলেজৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী বিনায়ক ভট্টাচাৰ্যই। ভাষণ প্রসঙ্গত বাসুদেব দাসে কয় যে, এই দুয়োখন মহাবিদ্যালয়ে যি অনন্য পদক্ষেপ লৈছে, সেয়া অভূতপূর্ব। সভাখনত আদৰণি ভাষণ প্ৰদান কৰে ছেইণ্ট প’লচ কেথেড্রেল মিছা কলেজৰ অধ্যাপক ড° শুভেন্দু কাঞ্জীলালে। সভাত গীত পৰিবেশন কৰে সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা অনিন্দিতা সৰকাৰে। দুয়োখন কলেজে ২০১৯ চনত সম্পন্নকৰা বুজাবুজিৰ চুক্তিৰ জৰিয়তে হোৱা বিভিন্ন কাৰ্যাৱলী আৰু ভৱিষ্যৎ‍ কাৰ্যপন্থা সম্পর্কে আলোচনা কৰে ক্ৰমে ড° অৰবিন্দ ৰাজখোৱা, ড° ঋতজা ভট্টাচার্য, মুনমী দত্ত, ড° ধীৰাজ পাটৰ, প্ৰমা পাল, ড° শুভদীপ সৰকাৰ আদিয়ে। এই আলোচনাৰ অন্তত ২০২৩ চনত মধ্যযুগৰ ভাৰতীয় ভক্তি আন্দোলন বিষয়ক এখন ৰাষ্ট্ৰীয় আলোচনা-চক্র অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More