কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন

তেজপুৰৰ অসমীয়া ক্লাবত উন্মোচিত হ’ল আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আৰু প্ৰয়াত চিত্ৰ ভাষ্কৰ্য শিল্পী জয়চন্দ্ৰ দাসৰ জীৱনীমূলক গ্ৰন্থ

0 31

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱা আৰু বিশিষ্ট চিত্ৰ ভাষ্কৰ্যৰ শিল্পী জয়চন্দ্ৰ দাসৰ জীৱনী গ্ৰন্থ আজি তেজপুৰত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়৷ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ আজি তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাগৃহত সম্পন্ন হয়৷ অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে সভাপতিত্ব কৰা তথা সম্পাদক অনু দেৱী মহন্তই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াই চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ অৱদান আৰু পৰিচয় দাঙি ধৰে৷ ড° শইকীয়াই কয় যে, গোপাল চন্দ্ৰ ৰাভাৰ জীৱনী তথ্যকলৈ বহু বিভ্ৰান্তি আছে৷ পুত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গোপাল চন্দ্ৰ ৰাভাৰ সম্পৰ্কত কিছু কথা উল্লেখ কৰি থৈ গৈছে যদিও ইয়াৰ সমান্তৰালভাবে বিশিষ্ট বুৰঞ্জীবিদ সদানন্দ চলিহা আৰু স্থানীয় কলিবাৰীৰ চন্দ্ৰনাথ শৰ্মায়ো কিছু কথা উল্লেখ কৰিছে৷ এই তথ্য সমূহৰ আধাৰত এইখিনিকে কব পৰা যায় যে, ১৮৬৩-৬৪ চনত দক্ষিণ কামৰূপৰ ৰাণীত গোপাল চন্দ্ৰ ৰাভাই জন্ম লাভ কৰিছিল৷ প্ৰায় দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা গোপাল চন্দ্ৰ ৰাভাই নিজৰ আত্মবিশ্বাসৰ বলত পৰৱৰ্ত্তী সময়ত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল৷ তেওঁ নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ বাবে পৰৱৰ্ত্তী সময়ত চৰ্দাৰ বাহাদুৰৰ দৰে অতি উচ্চ পদত কাৰ্যনিৰ্বাহ কৰি পিছলৈ গৱৰ্ণৰৰ সুৰক্ষা বিভাগৰ বিষয়া হিচাপেও দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ কাৰ্যকালত ১২ টাকৈ সোণৰ আৰু ২৫ টাকৈ ৰূপৰ পদক লাভ কৰি ১৯১৩ চনত অৱসৰ গ্ৰহণ কৰিছিল আৰু ১৯১৭ চনত মৃত্যু বৰণ কৰিছিল৷ সেনা বিভাগত নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰা গোপাল চন্দ্ৰ ৰাভাৰ তেজপুৰৰ সামাজিক ক্ষেত্ৰখনত অৱদানৰ কথা উল্লেখ কৰি ড° শইকীয়াই স্থানীয় কলিবাৰীস্থিত বাণ ৰঙ্গমঞ্চ নিৰ্মাণ আৰু চহৰখনৰ মাজমজিয়াস্থিত তাহানিৰ টাউন হ’লত পুথিঁভৰালৰ বাবে গোপাল চন্দ্ৰ ৰাভাই আগবঢ়োৱা আৰ্থিক অনুদানৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে৷ ইয়াৰ পিচতেই বিশ্বনাথ চাৰিআলিৰ উদীয়মান চিত্ৰশিল্পী ঋত্তিকা নিশা শইকীয়াৰ দ্বাৰা অংকিত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবি আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম সন্তান তথা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰে৷ ক্লাবৰ তৰফৰ পৰা চিত্তদেৱ শমাৰ্ই অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বৰঠাকুৰৰ পৰিচিতি দাঙি ধৰাৰ পিচত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ গৰাকীয়ে উক্ত প্ৰতিচ্ছবিখন উন্মোচন কৰি আগবঢ়োৱা বক্তব্যত কয় যে, ইংৰাজৰ ৰাজত্বকালত চৰ্দাৰ বাহাদুৰৰ দৰে সেনা বাহিনীত পদ লাভ কৰাটো অতি দুৰ্লভ ৷ ব্ৰিগেডিয়াৰ বৰঠাকুৰে কয়- মোৰ কাৰ্যকালত দুৰ্গম সীমান্ত অঞ্চল সমূহত তিনিদিন ধৰি খোজকাঢ়ি গৈ বিভাগীয়ভাবে কামকাজ কৰিবলগীয়া হৈছিল৷ তেনেস্থলত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাই সেই সময়ত তেনে দুৰ্গম অঞ্চলত কেনে কষ্টেৰে কাৰ্যনিৰ্বাহ কৰিছিল, সেয়া সহজে অনুমেয়৷ এই গৰাকী কিংবদন্তি ব্যক্তিৰ প্ৰতিচ্ছবি আজি উন্মোচন কৰিবলৈ পায় নিজকে ধন্য মনা বুলিও প্ৰসংগক্ৰমে মন্তব্য কৰে অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰে৷ উল্লেখ্য যে, চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ এখন প্ৰতিচ্ছবি আজি অনুষ্ঠানটোত ক্লাবৰ তৰফৰ পৰা বাণ থিয়েটাৰৰ পৰিয়ালবৰ্গক সংৰক্ষণ কৰাৰ বাবে আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়৷ আনহাতে বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই আন্তজাৰ্তিক খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাৰ জীৱনৰ আধাৰত ৰচনা কৰা জীৱনী গ্ৰন্থখন উন্মোচনৰ পূৰ্বে লিখকগৰাকীয়ে শিল্পী গৰাকীৰ চমু পৰিচিতি দাঙি ধৰে৷ ইয়াৰ পিচতেই তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সভাপতি তথা আলোকচিত্ৰ শিল্পী উৎপল পঞ্চাননে উক্ত জীৱনী গ্ৰন্থখন আনষ্ঠানিকভাবে উন্মোচন কৰে৷ উৎপল পঞ্চাননে আগবঢ়োৱা বক্তব্যত আলোকচিতত্ৰ শিল্পী নলিনীকান্ত বৰুৱাৰ স’তে দীৰ্ঘদিন ধৰি সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি বিশ্বজুৰি খ্যাতি লাভ কৰা তেওঁৰ কৰ্মৰাজিয়ে অসমলৈ গৌৰৱ কঢ়িয়াই অনা বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, বিগত বৰ্ষৰ জুলাই মাহত ইহলীলা সম্বৰণ কৰা খ্যাতি সম্পন্ন চিত্ৰ ভাষ্কয্যৰ্ শিল্পী তথা তেজপুৰ নিবাসী জয়চন্দ্ৰ দাসৰ জীৱনৰ আধাৰত সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই ৰচনা কৰা জীৱনী গ্ৰন্থখন আজি একেটি অনুষ্ঠানতে উন্মোচন কৰা হয়৷ ইয়াৰ পূৰ্বে তেওঁৰ গীত-নাট, চিত্ৰ আৰু ভাষ্কয্যৰ্ শিল্পকৰ্মৰাজিৰ সন্দৰ্ভত বক্তব্য ৰাখে বিশিষ্ট নাট্যশিল্পী ভূপেন শমাৰ্ই৷ এই জীৱনী গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰি খ্যাতি সম্পন্ন ভাষ্কয্যৰ্ শিল্পী সপোন নেওগে তেওঁৰ জ্যেষ্ঠ ভাতৃস্বৰূপ শিল্পী জয়চন্দ্ৰ দাসৰ সান্নিধ্য আৰু কৰ্মৰাজিৰ সন্দৰ্ভত বক্তব্য ৰাখে৷ উল্লেখ্য যে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰা কলাগুৰুৰ পুত্ৰ তথা স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভাই আগবঢ়োৱা বক্তব্যত কয় যে, তেওঁলোকৰ পৰিয়ালৰ সবিশেষ তথ্য সঠিক ভাবে পোৱা হোৱা নাই৷ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাই সত্ৰত শৰণ লৈছিল আৰু তেওঁক সৰুতে চান্দবৰ ৰাভাই তোলনীয় পুত্ৰ হিচাপে গ্ৰহণ কৰা বাবেই পৰৱৰ্ত্তী সময়ত মুছাহাৰী উপাধিৰ পৰিৱৰ্ত্তে ৰাভা উপাধি গ্ৰহণ কৰিলে৷ বিভিন্ন নদ-নদীৰ পানী লুইতত বিলীন হোৱাৰ দৰে সময়ৰ সোঁতত বিভিন্ন বিয়াবাৰুৰ জৰিয়তে কলাগুৰুৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়াল সম্প্ৰতি বিভিন্ন জনগোষ্ঠী আৰু বৰ্ণৰ সংমিশ্ৰণ বুলিব পাৰি৷ অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পঙ্কজ কুমাৰ বৰুৱাই আঁত ধৰা তথা চিত্ৰশিল্পী ঋত্তিকা নিশা শইকীয়া আৰু প্ৰয়াত শিল্পী জয় চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানটিত শলাগ জ্ঞাপন কৰে নাৰায়ণ বৰঠাকুৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More