কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱক ভিতৰলৈ আনিব চৰকাৰে 

ক্ষতি পূৰণৰ টকা গ্ৰহণ কৰাৰ বাবে ৯৩ পৰিয়াললৈ জাননী

0 24

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ১৩ জুনঃ বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি অহা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱৰ ৰাইজলৈ এক সকাহৰ বতৰা। বহু কষ্টৰ মাজেৰে বন্দী জীৱন যাপন কৰি অহা গাঁওবাসীক কাঁইটীয়া তাঁৰৰ ভিতৰলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে লৈছে প্ৰচেষ্টা।কাঁইটীয়া তাঁৰৰ বাহিৰতে থকা বাবে এটি নিৰ্দিষ্ট গেটেৰে বি এছ এফৰ নীতি নিয়ম মানি অহা যোৱা কৰিব লগা হয় এইসকল গাঁবাসীয়ে। প্ৰথমে পুৱা সাত বজাৰ পৰা ন বজা, দুই বজাৰ পৰা পাঁচ বজালৈ গেট খুলি দিয়া হৈছিল।20220613 190450 এই সময়ৰ ভিতৰত যি আহিছিল তেওঁ সোমাব, ওলাব পাৰিছিল। নহ’লে যি য’তে আছিল তাতেই থাকিব লগীয়া হৈছিল। গাঁওবাসীয়ে বহু সময়ত দিনটো বাদে ৰাতিও বাহিৰত অথবা চিনাকি, আত্মীয় স্বজনৰ ঘৰত নিশা কটাইছিল।পিছে যোৱা কিছু বছৰ ধৰি বি এছ এফে এই নিয়ম সলনি কৰি ৰাতি পুৱা ছয় বজাৰ পৰা সন্ধিয়া সাত বজালৈ গেট খুলি দিয়াত তেওঁলোকৰ দূৰ্বিষহ জীৱনৰ কিছু সকাহ পালে। এনেদৰে বহু কষ্টেৰে দিনবোৰ পাৰ কৰি আহিছে গাওঁবাসীয়ে। সেয়েহে এই গাঁও সমুহৰ ৰাইজক ইতিমধ্যে কৰিমগঞ্জ জিলা প্ৰশাসনৰ ফালৰ পৰা ভূমি/জিৰাত বাবদ ক্ষতি পূৰণৰ বাবে কিছু টকা দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে।আৰু ইয়াৰ বাবে গাঁওবাসীলৈ ভূমি অধিগ্ৰহণ বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰিছে। প্ৰথমে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ লাফাশাইল মৌজাৰ তৃতীয় খণ্ডৰ, তথা লাফাশাইল গাঁৱৰ ৯৩ টি পৰিয়ালৰ লোক সকলক এই জাননী দিছে। উল্লেখ্য যে বৰ্তমান গাঁওখনত ৫৯ টি পৰিয়ালৰ ৪২৪ জন লোকে বসবাস কৰি আছে।বাকী পৰিয়ালৰ লোক সকলকে চৰকাৰী সাহায্য অবিহনে অন্যান্য স্থানত সংস্থাপন লৈছে। গাঁওখনত সৰ্বমুঠ ৯৩ টা পৰিয়াল আছিল।প্ৰায় আঠ দহ বছৰৰ আগতে সেই সময়ৰ বৰাক উপত্যকা ও(পাৰ্বত্য)তথা হিল কমিচনাৰ ডক্টৰ আৰিজ আহমেদ (আই,এ,এছ)এ উদ্যোগ লৈ গাঁওবাসীৰ সৈতে কেইবালানি আলোচনামৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।গাঁওবাসীক সৈমান কৰাইছিল গাঁও এৰি ভিতৰলৈ অহাৰ বাবে। তেওঁৰ কথাত গাঁওবাসীয়ে কৈছিল তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিলে আঁতৰি যাব।20220613 190436 e1655130661188 কিন্তু অত বছৰে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল যদিও পুনৰ কেইমাহমান পূৰ্বে অধ্যক্ষ সচিব কৰিমগঞ্জলৈ আহিছিল আৰু সেই গাঁওখনলৈ গৈ একে অবস্থাত বাহাল থকা দেখা পায়। গাঁওবাসীৰ সৈতে কথা পাতি গুৱাহাটীলৈ উভতি গৈ চৰকাৰৰ সৈতে আলোচনা কৰি এই ব্যৱস্থা গ্রহণ কৰিছে।সেয়েহে চৰকাৰৰ এই সিদ্ধান্তত সন্মত হোৱাত জিলা প্ৰশাসনৰ ভূমি অধিগ্ৰহণ বিভাগৰ ফালৰ পৰা জাননী জাৰি কৰি অহা ৩০ জুনৰ ভিতৰত ইচ্ছুক গাঁওবাসীয়ে তেওঁ লোকৰ প্ৰাপ্য ধন গ্ৰহণ কৰিব পাৰিব বুলি জনাইছে। উল্লেখ্য যে গাঁও সমুহৰ ৰাইজক ভিতৰলৈ আনি সংস্থাপন দিলে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বহু সহজ হব আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে কম কষ্ট আৰু খৰছত সুৰক্ষা দিব পাৰিব। লগতে গাঁওবাসীয়ে মুক্ত জীৱন যাপন কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More